পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰী
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ চৰকাৰৰ দিনত তদানীন্তন পর্যটন মন্ত্ৰী ৰকিবুল হুছেইনে সহকাৰী পৰ্যটন বিষয়া নিযুক্তি দিয়াক লৈ সংঘটিত কৰা কেলেংকাৰী গোচৰত তিনিগৰাকীকৈ সহকাৰী পৰ্যটন বিষয়াক মুখ্যমন্ত্ৰীৰ তদাৰকী বিভাগে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা সহকাৰী পৰ্যটন বিষয়াকেইগৰাকী হ’ল- প্ৰাঞ্জল বৰা, অনন্যা বৰঠাকুৰ আৰু নয়নমণি পামেগাম। মুখ্যমন্ত্ৰীৰ তদাৰকী বিভাগৰ জালত পৰা প্ৰাঞ্জল বৰাই নগাঁৱত কৰ্মৰত হৈ থকাৰ বিপৰীতে অনন্যা বৰঠাকুৰ দিল্লীত কৰ্মৰত হৈ আছিল। আনহাতে নয়নমণি পামেগাম শিৱসাগৰ জিলাৰ পৰ্যটন উন্নয়ন বিষয়া হিচাপে কৰ্মৰত আছিল। গ্ৰেপ্তাৰ হোৱা এই আটাইকেইজন কর্মচাৰী ২০১০-১২ বৰ্ষৰ সময়ছোৱাত পর্যটন বিভাগত পৰীক্ষাৰ উত্তৰ বহীত প্ৰৱঞ্চনা আৰু অনিয়মেৰে নম্বৰ বৃদ্ধি কৰি নিযুক্তি লাভ কৰিছিল। উল্লেখ্য যে পর্যটন বিভাগৰ ২০১০-১২ বৰ্ষৰ পৰীক্ষাত উত্তীর্ণ হোৱা বহু মেধাৱী পৰীক্ষার্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই নিযুক্তিৰ বিৰুদ্ধে এক গোচৰ তৰিছিল। ইয়াৰ আধাৰতেই উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাত এই নিযুক্তি কেলেংকাৰিৰ তদন্ত কৰিবলৈ নির্দেশ দিছিল। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ তদাৰকী বিভাগে কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ দিনত সংঘটিত এই নিযুক্তি কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰে আৰু এই কেলেংকাৰিত ৮জনকৈ নিযুক্তিপ্রাপ্ত কৰ্মচাৰী জড়িত থকাটো স্পষ্ট হয়। নিযুক্তি কেলেংকাৰি সম্পৰ্কীয় এই গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী বিভাগে পৰ্যটন বিভাগৰ কাৰ্যালয়ত অভিযান চলোৱাৰ লগতে তদানীন্তন বিভাগীয় সঞ্চালক মনালিছা গোস্বামীকো দুবাৰকৈ কাৰ্যালয়লৈ মতাই আনি জেৰা কৰে। মুখ্যমন্ত্ৰীৰ তদাৰকী বিভাগৰ অভিযান তথা তদন্তত পৰ্যটন বিভাগৰ সেই নিযুক্তি কেলেংকাৰিত ব্যাপক অনিয়ম ধৰা পৰে। দীর্ঘদিনৰ তদন্তৰ অন্তত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে উল্লিখিত তিনিজনকৈ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ ভিতৰত প্ৰাঞ্জল বৰা আৰু অনন্যা বৰঠাকুৰক বিশেষ আদালতত হাজিৰ কৰায়। আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অভিযুক্ত দুজনে জামিন আবেদন কৰিছিল যদিও আদালতে তেওঁলোকৰ জামিন নামাঞ্জুৰ কৰে। আনহাতে আজি গ্ৰেপ্তাৰ কৰা শিৱসাগৰ জিলা পৰ্যটন উন্নয়ন বিষয়া নয়নমণি পামেগামক চিলাপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰীৰ তদাৰকী বিভাগৰ জালত পৰাৰ ভয়ত বিষয়াগৰাকী শিৱসাগৰৰ পৰা পলায়ন কৰিছিল। নয়নমণিক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে চিলাপথাৰ থানাত জেৰা চলাই আছে। ইফালে সমগ্র কেলেংকাৰিটোত জড়িতহৈ পৰা আনকেইগৰাকী কৰ্মচাৰী হ’ল- হিৰণ কুমাৰ শইকীয়া, চায়মিন মান্নান, মেহজুবিন বেগম, গৌতম গগৈ আৰু মাধৱ দাস। তেওঁলোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। অৱশ্যে ইয়াৰে কেইবাজনেও অগ্রিম জামিন লাভ কৰিছে। আন কেইজনমানে আত্মগোপন কৰি আছে। গোচৰটো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অধীক্ষক ৰ’জী কলিতাই জনাই যে গোচৰটোৰ তদন্ত ইতিমধ্যে সম্পূৰ্ণ হৈছে। গোচৰৰ অভিযোগনামা সম্পূৰ্ণ হৈছে। অচিৰেই আদালতত এই অভিযোগনামা দাখিল কৰা হ’ব। যিসকল অভিযুক্ত বৰ্তমানেও গ্ৰেপ্তাৰ হোৱা নাই, তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্রহণ কৰা হ’ব।
