পৰীক্ষা – ময়ূৰাক্ষী গগৈ

PC - Freepik

পৰীক্ষা

ময়ূৰাক্ষী গগৈ, যোৰহাট

পৰীক্ষা! পৰীক্ষা তুমি বাৰু
কিয় ইমান ভয় লগা?
নাম শুনিলেই তোমাৰ
কঁপি উঠে বুকু মোৰ।
ওচৰ চাপে পৰীক্ষাৰ দিন যিমানে
পঢ়াবোৰো মনৰ পৰা আঁতৰে সিমানে।
স্কুলত চাৰ-বাইদেউৰ কাঢ়া নিৰ্দেশ
পৰীক্ষাত পাৰিব লাগিব সকলোৱে।
ঘৰতো হেঁচা মা-দেউতাৰ
পাব লাগিব নম্বৰ ভাল।
না খেলা, না ফুৰা, না শোৱা,
মাথো পঢ়া আৰু পঢ়া।
টিভিৰ চুইচ অফেই থাকে,
মোবাইলটোৰ ওচৰলৈ যাবকে নোৱাৰি।
অকল মাত্ৰ পৰীক্ষাৰ কথা।
পৰীক্ষা! তোমালৈ যে
মোৰ ইমান খং উঠে।
তুমি পাৰ হৈ গ’লেহে
মোৰ অতি মজা লাগে।
ৰং মনে খেলিব পাৰোঁ
নাই একো চিন্তা।