পৰীক্ষাৰ অতিৰিক্ত পইচাই শিক্ষাৰ্থীক জুৰুলা কৰিছে
সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ স্নাতক প্ৰথম, তৃতীয় আৰু পঞ্চম ষাণ্মাসিকৰ পৰীক্ষা সমাগত। ডিচেম্বৰ মাহৰ পৰা অনুষ্ঠিত হ’বলগীয়া ফাইনেল পৰীক্ষাৰ Form fill up প্ৰক্ৰিয়াৰ বাবত Guwahati University য়ে লোৱা ১২৩০ টকা অতি বেছি হৈছে। যোৱা বছৰ ৮৯০ টকাৰ তুলনাত এইবাৰ হঠাৎ এনেকৈ পইচাৰ পৰিমাণ বঢ়াই কম সময়ৰ ভিতৰতে জাননী দিলে কেনেকৈ দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে পইচা যোগাৰ কৰিব পাৰিব, সেইটোও বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই চিন্তা কৰা উচিত আছিল। তদুপৰি Enrollment নম্বৰৰ বাবদ যোৱা বছৰ পইচা নলৈ এইবাৰ যে ২৫০ টকা লোৱাৰ কথাটো মনত পৰিল, সেইটোও আশ্চর্যজনক কথা। গতিকে এনেকৈ পৰীক্ষাৰ সময়ত যাতে ছাত্ৰ-ছাত্ৰীক জুৰুলা নকৰে তাৰবাবে উচিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক বিনম্ৰ অনুৰোধ জনালোঁ।
