পৰীক্ষাৰ্থীৰ উত্তৰবহী পুনৰ পৰীক্ষণৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা গ্রহণ

পৰীক্ষাৰ্থীৰ উত্তৰবহী পুনৰ পৰীক্ষণৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা গ্রহণ 

ৰঙিলী বাৰ্ত্তাসেৱা-অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত মূল্যায়ন হোৱা উত্তৰবহীসমূহ পুনৰ পৰীক্ষণৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। কোনো শিক্ষার্থীয়ে মূল্যায়ন হোৱা উত্তৰবহী পুনৰ পৰীক্ষা কৰিব বিচাৰিলে নির্দিষ্ট প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব। এই প’ৰ্টেল দুদিনৰ পিছতে পৰিষদে মুকলি কৰিব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰী কৰিছে। এই প্রসংগতে তেওঁ কয়-‘উত্তৰবহী পুনৰ পৰীক্ষণৰ বাবে দুদিন পিছত প’র্টেল খুলি দিয়া হ’ব। তাত শিক্ষার্থীসকলে আবেদন কৰিব পাৰিব। উত্তৰবহী পুনৰ পৰীক্ষণৰ বাবে কোনো শিক্ষার্থী পৰিষদলৈ আহিব নালাগে। আমি উত্তৰবহীৰ স্কেন কপী পুনৰ পৰীক্ষণৰ পিছত ই-মেইলৰ জৰিয়তে পিডিএফ আকাৰে শিক্ষাৰ্থীসকললৈ প্ৰেৰণ কৰিম। উত্তৰবহীৰ পুনৰ পৰীক্ষণত আমি সদায় দুটা বস্তু চাওঁ। উত্তৰবহী প্রথম মূল্যায়ন কৰা পৰীক্ষকে নম্বৰ সৰ্বমুঠ কৰোঁতে কিবা ভুল কৰিছে নেকি? আনহাতে, মূল্যায়ন কৰোঁতে কোনো প্ৰশ্নৰ উত্তৰ মূল্যায়ন নকৰাকৈ ৰৈ গৈছে নেকি সেয়াও পৰীক্ষা কৰা হ’ব।’ উল্লেখ্য যে উত্তৰবহীৰ পুনৰ পৰীক্ষণ আৰু স্কেন কপী লাভকৰাৰ বাবে শিক্ষার্থীসকলে আবেদন কৰাৰ সময়তে অনলাইন পদ্ধতিৰে মাচুল প্রদান কৰিব লাগিব। উত্তৰবহীৰ পুনৰ পৰীক্ষণ আৰু স্কেন কপীৰ বাবে শিক্ষার্থীসকলে প্রতিটো বিষয়ত ৫০০ টকাকৈ মাচুল আদায় দিব লাগিব। পৰিষদে এই কথাও স্পষ্ট কৰি দিছে যে উত্তৰবহীৰ পুনৰ পৰীক্ষণ মানে উত্তৰবহীসমূহৰ পুনৰ মূল্যায়ন নহয়। পুনৰ পৰীক্ষণৰ সময়ত তিনিটা বিশেষ বিষয়হে পৰীক্ষা কৰি চোৱা হ’ব। পৰীক্ষকে প্ৰদান কৰা নম্বৰসমূহ যোগ কৰোঁতে ভুল ৰৈ গৈছে নেকি সেয়াহে উত্তৰবহীৰ পুনৰ পৰীক্ষণত চালি-জাৰি চোৱা হ’ব। তদুপৰি কোনো প্ৰশ্নৰ উত্তৰ মূল্যায়ন নোহোৱাকৈ ৰৈ গৈছে নেকি আৰু কিবা প্ৰকাৰে নম্বৰ ভুলকৈ প্ৰদান কৰা হৈছে নেকি সেয়াও উত্তৰবহীসমূহৰ পুনৰ পৰীক্ষণত চালি-জাৰি চাব পৰিষদে। প’ৰ্টেল মুকলি কৰাৰ ১৫ দিনৰ ভিতৰত পৰীক্ষাৰ্থীসকলে আবেদন দাখিল কৰিব লাগিব। তেওঁলোকে আবেদন দাখিল কৰাৰ অন্তিম দিনটোৰ পৰা ৩০ দিনৰ ভিতৰত মূল্যায়ন কৰা উত্তৰবহীসমূহৰ পুনৰ পৰীক্ষণৰ ফলাফল ঘোষণা কৰা হ’ব। পুনৰ পৰীক্ষণৰ পিছত কোনো পৰীক্ষাৰ্থীৰ নম্বৰ যদি হ্রাস পায়, তেনেহ’লে হ্রাস পোৱা নম্বৰহে চূড়ান্ত নম্বৰ হিচাপে গণ্য কৰা হ’ব আৰু তাৰ ভিত্তিত মার্কশীট প্রস্তুত কৰা হ’ব। নম্বৰৰ যিকোনো সালসলনিৰ ক্ষেত্ৰত অৰিজিনেল প্রমাণ-পত্র তথা মার্কশীট পৰিষদৰ কার্যালয়ত জমা দিলেহে নতুন প্রমাণ-পত্র তথা মার্কশীট পৰীক্ষাৰ্থীক প্ৰদান কৰা হ’ব। এইক্ষেত্রত প্রমাণ-পত্র তথা মার্কশীট শিক্ষার্থীয়ে প্রত্যক্ষভাৱে অথবা আন সংস্থাৰ জৰিয়তে প্ৰেৰণ কৰিব নোৱাৰিব। তেওঁলোকে সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ জৰিয়তেহে এই নথি পৰিষদলৈ প্ৰেৰণ কৰিব লাগিব। উত্তৰবহীৰ পুনৰ মূল্যায়নৰ ফলাফল ঘোষণাৰ ৩০ দিনৰ ভিতৰত নতুন প্রমাণ-পত্র তথা মার্কশীট সংগ্রহ নকৰিলে শিক্ষার্থীসকলক এই নথি পৰৱৰ্তী সময়ত প্রদান কৰা নহ’ব। আবেদনৰ সময়ত শিক্ষার্থীসকলে প্রদান কৰা ই-মেইলৰ জৰিয়তে পুনৰ পৰীক্ষণ কৰা উত্তৰবহীৰ স্কেন কপীসমূহ প্ৰেৰণ কৰা হ’ব। মাচুল অবিহনে আৰু অফলাইন প্ৰক্ৰিয়াৰ জৰিয়তে কোনোধৰণৰ আবেদন গ্রহণ কৰা নহ’ব বুলিও পৰিষদে স্পষ্ট কৰি দিছে। তেওঁলোকে এই কথাও সদৰী কৰিছে যে উত্তৰবহীসমূহ যিহেতু গোপনীয় নথি, সেয়েহে উত্তৰবহীসমূহৰ পুনৰ পৰীক্ষণৰ ফলাফলৰ পূৰ্বে আৰটিআই আইন, ২০০৫ৰ অধীনত লাভ কৰাৰ বাবে যোগ্য বিবেচিত নহ’ব। শিক্ষার্থীসকলে স্কেন কপী লাভ কৰাৰ সময়ত পূর্বে লিখিত প্রতিশ্রুতিও পৰিষদক প্রদান কৰিব লাগিব। পুনৰ মূল্যায়ন হোৱা উত্তৰবহী কোনো বিদ্যালয় অথবা প্রতিষ্ঠানক প্রদর্শনীৰ বাবে তথা বাণিজ্যিক উদ্দেশ্য অথবা ছপা আৰু বৈদ্যুতিক মাধ্যমক প্ৰদান নকৰে বুলি লিখিতভাৱে প্রতিশ্রুতি দিব লাগিব। এই প্রতিশ্রুতি ভংগ কৰিলে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিব বুলিও পৰিষদে সকীয়াই দিছে। মূল্যায়ন হোৱা উত্তৰবহীৰ স্কেন কপী শিক্ষার্থীসকলে কোনো আদালতত প্ৰত্যাহ্বানৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব।