পৰিৱৰ্তন
পৃথিৱীৰ পৰিৱৰ্তন নহ’ল
মৰমৰ মানুহবোৰ গুছি গ’ল
চিৰদিনলৈ
আকাশে কান্দিছে
বতাহে কান্দিছে
কহুৱাই বেজাৰত তলমুৰ কৰিছে
আশা বোৰ লেৰেলি শুকাইছে
প্ৰেম আৰু পৃথিৱীৰ আনন্দই
বাগৰ সলাব ধৰিছে
জীৱনৰ তিক্ত ধুমুহা জাক বলিছে
আন্ধাৰ কোঠাৰ অবিস্মৃত গীতি সুৰটো
বাজি আছে অবিৰাম ।
চকু পানী কান্দোন উশাহত
কঁপি উঠা দেহৰ
ইচাৎ -বিচাৎ দুখন হাত
শৰীৰৰ উত্তাপে
সেই কথাই কয়।
সময়ে অসময়ে পুৰি মৰা
অসম্পূৰ্ণ সোৱৰণি আঁতৰাই দিলো
পৃথিৱীৰ পৰিৱৰ্তন হ’ল
সচাকৈয়ে
কেবাৰাতি মূৰ্তিত
দেখিলো পৰিৱৰ্তন।।