পৰিৱৰ্তন – ৰূপালী গগৈ চুতীয়া 

পৰিৱৰ্তন

 ৰূপালী গগৈ চুতীয়া 
ডিব্ৰুগড়

পৰিৱৰ্তন হ’বলৈ আছে বা কি মোৰ
সময় টো নহয় মই
অহংকাৰী হ’বলৈ ধুনীয়া ও নহয়
স্বাৰ্থপৰ হ’বলৈ ধনীও নহয়
হয় মই বহু ব্যস্ত
এইটো কোনো অজুহাত নহয় ।
মৰম বোৰ মৰম হৈয়ে আছে
কিয় কোৱা
মই পৰিৱৰ্তন হোৱা বুলি?
বুকুৰ মাজত আছা
আজীৱন থাকিবা জী
মনলৈ নানিবা এনে এটি
অবাঞ্চিত ধুমুহাৰ বৃষ্টি ।
ধাৰাষাৰ বৰষুণ দিলেও
চিপচিপীয়াই প্ৰিয়
তুমি আকৌ নতুন পৃষ্ঠা
নালাগে লিখিব
আৱেগতে আজি নিশা কটোৱা
বাউলী বতাহে বাধা দিব
আন্ধাৰ আঁতৰাই জোনাকে
ধৰা দিব
জোনাক সদায়ে তোমাৰ হৈ ৰ’ব
তোমাৰ হৈ ৰ’ব ।