পৰিৱৰ্তন হৈছে সংসাৰৰ নিয়ম – উদয়ন চেতিয়া 

পৰিৱৰ্তন হৈছে সংসাৰৰ নিয়ম

উদয়ন চেতিয়া 
ধেমাজি 

পৰিৱৰ্তন হৈছে সংসাৰৰ নিয়ম। পৰিৱৰ্তন মানে হৈছে কিবা এটা বেলেগ কৰা। সংসাৰত সকলো বস্তুৱেই পৰিৱৰ্তন হয়। যেনেকৈ এটা শিশু যেতিয়া জন্ম হয়, জন্ম হোৱাৰ পৰা ডাঙৰ হোৱালৈকে শিশুটি বহুতো পৰিৱৰ্তন হয়। শিশুটিৰ অংগসমূহে হওক, দেহটোৱে হওক বা অন্য কিবাহে হওক, শিশুটিৰ সকলোখিনিয়ে পৰিৱৰ্তন হয়।

এনেকৈ সকলো বস্তুৱেই পৰিৱৰ্তন হয়। সংসাৰৰ আন এটা নামেই হৈছে পৰিৱৰ্তন। শিক্ষা বিভাগে হওক চিকিৎসা বিভাগে হওক বা বেলেগ কোনো বিভাগে হওক আজিৰ দিনত সকলোখিনিয়ে পৰিৱৰ্তন হ’ব ধৰিছে। আগৰ দিনতকৈ আজিৰ দিনত সকলো বস্তুৱেই বিকাশ হ’ব ধৰিছে। আজিৰ দিনত প্ৰযুক্তিবোৰো বিকাশ হ’ব ধৰিছে।

আজিৰ চন্দ্ৰায়ন-৩ উদাহৰণ স্বৰূপে ল’ব পাৰো। আজিৰ দিনত প্ৰযুক্তি বহুখিনিয়েই বিকাশ হ’ল আৰু সেই বাবে আজিৰ দিনত চন্দ্ৰায়ন-৩ৰ দৰে প্ৰযুক্তি সহায়ত সফল হ’ল। ভাৰতে চন্দ্ৰায়ন-৩ৰ সফল হোৱাৰ আগতে দুবাৰ চেষ্টা কৰিছিল যদিও সফল হ’বলৈ সক্ষম হোৱা নাছিল।

চাবলৈ গ’লে শিক্ষা বিভাগত ইতিমধ্যে পৰিৱৰ্তন হৈছে। ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে ২০২০ চনৰ ২৯ তাৰিখে আৰম্ভ কৰা ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ (NEP 2020)ত ভাৰতৰ নতুন শিক্ষা ব্যৱস্থা দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰা হৈছে। এই নতুন নীতিয়ে পূৰ্বৰ ৰাষ্ট্ৰিয় শিক্ষা নীতি, ১৯৮৬ৰ ঠাই লয়।

এনেধৰণে ক’বলৈ গ’লে জনসংখ্যাৰ ওপৰতো পৰিবৰ্তন হৈছে। পুৰ্বতে ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম জনসংখ্যাৰ দেশ আৰু চীন বিশ্বৰ প্ৰথম বৃহত্তম জনসংখ্যাৰ দেশ আছিল কিন্তু এপ্ৰিল মাহ ২০২৩ চনত ভাৰত বিশ্বৰ প্ৰথমখন সৰ্বাধিক জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হয়।

শিক্ষা বিভাগ আৰু জনসংখ্যাৰ লগতে ভাৰতৰ প্ৰযুক্তিৰ বিকাশৰ কথা নকলে নহ’ব। ভাৰতত প্ৰযুক্তি প্ৰযুক্তি পুৰ্বতকৈ বহু গুণে বিকাশ হ’ল। ভাৰতৰ বিকাশৰ বাবে ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি আৰু মহাকাশ বিজ্ঞানী আভুল পাকিৰ জৈনুলাবদ্দিন আব্দুল কালামৰ বাবে বহুতো অৱদান দিছে। বেলিষ্টিক মিছাইল আৰু উৎক্ষেপণ বাহন প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত বহু গুণে সফল হৈছে। ইতিমধ্যে বাকি বিজ্ঞানীসকলেও ভাৰতৰ প্ৰযুক্তিৰ বিকাশৰ বাবে চেষ্টা কৰি আহিছে। অকল এয়াই নহয় ভাষা, কলা, সাহিত্য-সংস্কৃতি, আদিতো পৰিৱৰ্তন হৈছে।

ক’বলৈ গ’লে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে ভাৰতত নিৰ্বাচন হয় আৰু চৰকাৰখনে ভাৰতত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰে।

আজিৰ দিনত বহু বস্তুৱেই পৰিৱৰ্তন হ’ব ধৰিছে। সেয়া শাক-পাচলিয়ে হওক, নিজৰ ঘৰৰ সা-সামগ্ৰীয়ে হওক বা অন্য কিবা বস্তুৱেই হওক সকলোখিনি বস্তুৱেই দাম হ’ব ধৰিছে। এনেতে মধ্যবিত্তয় পৰিয়ালে খুব দামৰ বস্তু কিনিবলৈ সক্ষম নহয়। তেওঁলোকৰ ঘৰ-সংসাৰ চলাবলৈ বহু কষ্ট হয়। এনেকৈ সংসাৰত পৰিৱৰ্তন হৈছে আৰু হৈয়ে থাকিব।