পৰিৱৰ্তন
সংযুক্তা দত্ত,মিছামৰা
পৰিৱৰ্তন হ’ল এনে এটি শব্দ, যাৰ জৰিয়তে আমি নতুনত্বৰ সন্ধান পাওঁ। মানুহৰ কাৰণে পৰিৱৰ্তন অপৰিহাৰ্য। পৰিৱৰ্তন নহ’লে সকলো স্থবিৰ হৈ পৰিব। পৰিৱৰ্তন বুলি কোৱাৰ লগে লগে সততে আমাৰ মনলৈ আহে- এখন ঠাইৰ পৰিৱৰ্তন, সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন, প্ৰকৃতিৰ পৰিৱৰ্তন, মানুহৰ চিন্তা-ধাৰাৰ পৰিৱৰ্তন, সাজ-পাৰৰ পৰিৱৰ্তন আদিৰ কথাকে আমি ক’ব পাৰোঁ। পৰিৰ্বতনৰ দ্বাৰাহে এখন সমাজ, একো একোটা জাতি আগবাঢ়িব পাৰে। সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হয়, সময়ৰ লগত খোজ মিলাবলৈ হ’লে আমি নিজেও পৰিৱৰ্তিত হ’ব লাগিব৷ পৰিৱৰ্তন আমাৰ চকুৰ পচাৰতে হয়৷ অথচ আমি ধৰিবই নোৱাৰোঁ, পৰিৱৰ্তন যদিও অপৰিহাৰ্য তথাপিও কিছুমান পৰিবৰ্তন কোনো এক নিৰ্দিষ্ট সময় আৰু পৰিস্থিতি সাপেক্ষেহে হোৱা দেখা যায়। মানুহৰ চিন্তাধাৰাৰ পৰিস্থিতি সাপেক্ষে পৰিবৰ্তন হয়, প্ৰকৃতিৰ পৰিৱৰ্তন নিদিষ্ট সময়ে সময়ে হয়। এখন ঠাই, একোটা জাতি, আৰু সমাজ ব্যৱস্থা পৰিৱৰ্তন হ’বলৈ কেতিয়াবা হয়তো বছৰ বছৰ লাগে। কিন্তু সময়ত সকলো পৰিবৰ্তিত হৈ পৰে। পৰিবৰ্তন সদায় নিজৰ মাজেদিয়ে হয়। গতিকে, আমি সদায় পৰিৱৰ্তনক আকোঁৱালি ল’বলৈহে চেষ্টা কৰা উচিত।
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই কৈছিল— ‘পৰিৱৰ্তন কেতিয়াও অন্য এজনৰ জৰিয়তে বা অন্য এছোৱা সময়ত নাহে। পৰিৱৰ্তন আাহে নিজৰ মাজেৰে। আৰু আমি থিয় হৈ থকা সময়খিনিৰ মাজেৰেই।’