পৰিৱৰ্তনৰ ধামখুমীয়াত লুপ্তপ্ৰায় পিঠা-পনাবোৰ – ৰশ্মি ৰেখা দুৱৰা

PC - Assam Clicks

পৰিৱৰ্তনৰ ধামখুমীয়াত লুপ্তপ্ৰায় পিঠা-পনাবোৰ

ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়

বসন্তৰ পৰশত প্ৰকৃতি ফুলে ফলে,গছে পাতে জাতিষ্কাৰ হৈ মানুহৰ মনত ভাবৰ উদ্বেগ ঘটে।প্ৰকৃতিৰ আহ্বানত মানৱজাতি আগবাঢ়ি আহে জীৱনক উপভোগ কৰিবলৈ।ডেকা গাভৰুৱে ৰঙালী অৰ্থাৎ ব’হাগ বিহুক আদৰিবলৈ চ’ত মাহৰ পৰাই জোন আৰু জোনাকক সাক্ষী কৰি হাঁহে,নাচে,গীত গাই বাদ্য বজায়।ৰাতি বিহু পাতে।হয়তো খুব কম ঠাইতহে বৰ্তমান ৰাতি বিহু প্ৰচলিত।লুপ্ত হোৱাৰ পথেৰে ধাৱিত।বোৱাৰী-জীয়ৰী সকলোৱে ব’হাগীক আদৰিবলৈ ৰঙতে বাউলি হৈ আনন্দত উৎফুল্লিত হৈ পৰে।প্ৰত্যেক ঘৰে ঘৰে আলহী অতিথিক খুওৱাবৰ বাবে নানা ধৰণৰ পিঠা-পনা,জা-জলপানৰ তৈয়াৰ কৰে।বিহুৰ লগত সংগতি ৰাখি পৰম্পৰাগতভাৱে পিঠা-পনা,জলপান আদি তৈয়াৰ কৰিবৰ বাবে নানা ধৰণৰ ধানৰ খেতি কৰে।বৰ্তমান সময়ত বহু পিঠা-পনাৰ লুপ্ত হ’লেও অতীতত প্ৰচলিত পিঠা সমূহ আছিল এনেধৰণৰ–

১/সেকা পিঠা–তিল পিঠা,নাৰিকল পিঠা।আঠা জাতীয় অৰ্থাৎ বৰা চাউলখিনি ৩/৪ ঘণ্টা সময় তিয়াই থব লাগে।পানী সৰকিব পৰা যতন এটাত চাউলখিনি টুকি লৈ ঢেঁকী বা উৰালত খুন্দি ঘন চালনীৰে চালি লব লাগে।পিঠাবোৰ হাতেৰে চুলে আঠাহৈ লগ লাগিছেনে নাই তাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰী।পিঠাখিনি খুন্দি হোৱাৰ পাছত  তাৱাখন জুইত গৰম কৰি অলপ ডাঙৰ চামুচ বা কঠাল পাতেৰে পিঠাবোৰ তাৱাত দি দীঘলীয়াকৈ মেলানি কৰি সেকি গুৰ আৰু তিল মিহলি কৰা মিশ্ৰণ দি হাতেৰে ধুনীয়াকৈ তিলপিঠাৰ আকৃতিত ঘূৰাই দিব লাগে।সকলোৰে হাতত এই পিঠা নুঠে,অলপ ধৈৰ্যৰ প্ৰয়োজন হয়।ঠিক একেদৰে নাৰিকলৰ মিশ্ৰণ বনাই নাৰিকল পিঠা তৈয়াৰ কৰিব পাৰি।সোৱাদৰ বাবে ডালচেনি,ইলাচি আদিও ব্যৱহাৰ কৰিব পাৰি।

২/তেল পিঠা–ঘিলা পিঠা,বৰ পিঠা।বৰা বা আৰৈ চাউলৰ পিঠাগুড়িত গুৰ সানি মিহলাই কিছুসময় ঢাকি ৰখা হয়।ইচ্ছা কৰিলে খোৱা চৌদা অলপ দিবও পাৰি।কেৰাহীত তেল গৰম কৰি পিঠাবোৰ এটা এটাকৈ গোল গোল কৰি দিব লাগে।ধুনীয়াকৈ লুটিয়াই সিজাৰ পাছত নমাই থব লাগে।এনেকৈয়ে ঘিলা পিঠা আৰু বৰ পিঠা তৈয়াৰ কৰা হয়।

৩/ভাপত দিয়া পিঠা–টেকেলি মুখৰ পিঠা,ইডলি আদি।টেকেলি পিঠা বনাবলৈ পিঠাগুড়ি,ৰুকা নাৰিকল আৰু চেনি মিহলাই টেকেলি মুখত ভাপত দিয়া হয়।ইয়াৰ সোৱাদ তেল পিঠাতকৈ কোনোগুণে কম নহয়।ইডলি বনাবৰ বাবেও পিঠাগুড়ি নাইবা চুজিৰ লগত ৰুকা নাৰিকল,চেনি,গাখীৰ মিহলাই ইডলি ষ্টেণ্ডত দি ভাপত বনোৱা হয়।ইডলি মগু দিয়ো বনাব পাৰি।

৪/সিজোৱা পিঠা–লুথুৰী পিঠা।পিঠাগুড়িৰ লগত গুৰ বা চেনি পানীৰ লগত লগত ঢিলাকৈ সানি কম জুইত সিজাই পাছত গাখীৰৰ লগত খোৱা পিঠাক লুথুৰী পিঠা বুলি কোৱা হয়।

৫/পাত পোৰা পিঠা– পিঠা গুৰি খিনিৰ লগত চেনি আৰু পানী মিহলাই তৰা পাত বা কলপাতত মেৰিয়াই জুইত পুৰি তৈয়াৰ কৰা হয়।

৬/লেতি পিঠা– কল,বেঙেনা,কঠাল,আলু আদি পিঠাৰ লগত মিহলাই চামুচেৰে এচামুচ এচামুচ কৈ তেলত  ফ্ৰাই কৰা হয়।লেতি পিঠা বৰ্তমানৰ আলুচপৰ দৰেই।

৭/মিহলাই শুকুৱা পিঠা– পাপৰ,জেংপিঠা।আৰৈ চাউলৰ পিঠাৰ লগত বিভিন্ন দ্ৰব্য মিহলাই আকাৰ  দি শুকুৱাই থোৱা হয়।পাছত পুনৰ এই পিঠা তেলত ফ্ৰাই কৰা হয়।

৮/পাগমিলোৱা পিঠা–পকা মিঠৈ।এই পিঠাত গুৰৰ পাগ মিহলাই তৈয়াৰ কৰা হয়।গুৰ খিনি যিমানে বেছি পাগ উঠে মিঠৈটো  টান হয়।আৰু খাবলৈ ভাল হয়।এই পিঠাত জালুক মিহলায়ো দিয়ে।

৯/সহজ পিঠা–কেঁচা মিঠৈ।পিঠা খিনিত গাখীৰ,গুৰ মিহলাই কেঁচা মিঠৈ তৈয়াৰ কৰা হয়।কেঁচা মিঠৈত গুৰ পাগ কৰা নহয়।এই পিঠা সকাম-নিকামত ব্যৱহাৰ কৰা হয়।

১০/গৰু পিঠা–ব’হাগ বিহুত গৰু বিহুৰ দিনা সন্ধিয়া গৰুক দিয়া পিঠা।এই পিঠা ঘিলা পিঠাৰ দৰেই।কিন্তু নিমখ মিহলি কৰা হয়।

১১/ফেতি পিঠা–ভুৰভুৰীয়া পিঠা।কেঁচা পিঠাত নিৰ্দিষ্ট পৰিমাণৰ পানী দি ফেতি লৈ সৰু হেতা এখনে কেৰাহীত দিলে ভূৰ ভূৰকৈ উঠাৰ বাবে ইয়াক ভুৰভুৰীয়া পিঠা বোলা হয়।

১২/পাতত সিজোৱা পিঠা–নাঙল তোলা পিঠা।পিঠাখিনিত কম পৰিমাণে নিমখ দি সানি লৈ তৰা পাতত বান্ধি উতলা পানীত দি সিজোৱা হয়।সিজাৰ পাছত গাখীৰ,চেনি দি পৰিৱেশন কৰা হয়।

১৩/চুঙা পিঠা–কুমলীয়া বাঁহৰ চুঙাত কম পানীৰ মিশ্ৰণত পিঠা সানি ভৰাই জুইত পুৰি এই পিঠা প্ৰস্তুত কৰা হয়।

১৪/চপৰা পিঠা–আৰৈ চাউল কেৰাহীত সামান্য পৰিমাণে গৰম কৰি ঢেঁকীত খুন্দাৰ সময়ত গাৰিশলিত সামান্য পৰিমাণে পানী দিলে চপৰা- চপৰকৈ ওলোৱা পিঠা বিধক চপৰা পিঠা বুলি কোৱা হয়।

১৫/ভজা পিঠা–এই পিঠাৰ লগত একো মিহলি নকৰাকৈ পিঠাখিনি খুন্দি নিৰ্দিষ্ট এক জোখত ভাজি সংৰক্ষণ কৰা হয়।পূৰ্বতে এই পিঠাক পুৱা জলপান,হালোৱা জলপান ৰূপে পৰিৱেশন কৰিছিল।ভজা পিঠাৰ লগত গাখীৰ,গুৰ, কল,কঠাল আদি দি সানি খোৱা হয়।

১৬/কেঁচা পিঠা– যিখিনি পিঠা খুন্দি নভজাকৈ গাখীৰ চেনি দি পৰিৱেশন কৰা হয় তাকে কেঁচা পিঠা বুলি কোৱা হয়।মৃতকৰ পৰিয়ালৰ লোকসকলে যেতিয়া লঘোণে থাকে তেতিয়া গাঁৱৰ মানুহে কেঁচা পিঠা দিয়াৰ ব্যৱস্থা কৰে।

১৭/মুঠিয়া পিঠা–লখিমী পিঠা।কেঁচা পিঠাগুড়িত পৰিমাণ অনুযায়ী অলপ নিমখ দি পানীৰে সানি মুঠি মুঠি কৰি উতলা পানীত সিজাই মুঠিয়া পিঠা তৈয়াৰ কৰা হয়।খেতি চপোৱাৰ পাছত ধানবোৰ ভঁৰালত ভৰাই থোৱা হয়।যেতিয়া প্ৰথম ভঁৰালৰ পৰা ধান উলিয়াবলৈ হয় ফাগুন মাহত,তেতিয়া পিঠাগুড়িত জালুক দি লখিমীক আগবঢ়াই চাকি জ্বলাই সেৱা কৰে।সেই পিঠাখিনিকে মুঠিয়া কৰি উতলা পানীত সিজাই খোৱা হয়।তাকে লখিমী পিঠা বুলি কোৱা হয়।লখিমী পিঠা বিহুৱে সংক্ৰান্তিয়েও ভঁৰালত আগবঢ়োৱা হয়।

১৮/সুতুলি পিঠা–এই পিঠাক সুতুলিৰ আকৃতি দি নাৰিকল বা তিলৰ মিশ্ৰণ মাজত ভৰাই তেলত ফ্ৰাই কৰা হয়।

১৯/ফেনীপিঠা– পিঠাগুড়িৰ লগত গুৰ মিহলি কৰি  ঘোল বনাই লব লাগে।তাৰপাছত কেৰাহী গৰম কৰি ডাঙৰ চামুচ এখনেৰে এচামুচ এচামুচ কৈ দি পাতলকৈ গোল আকাৰ কৰি ঢাকোন মাৰি থব লাগে।অলপ পাছত লুটিয়াই আকৌ ঢাকোন মাৰি দিব লাগে।এই পিঠাৰ ঘোল খিনি বেছি সময় ফেটিলে পিঠাটো খাবলৈ ভাল হয়।

২০/খোলাচপৰীয়া পিঠা–ফেনীপিঠাৰ দৰেই এই পিঠা বনোৱা হয়।কিন্তু গুৰৰ ঠাইত খোলাচপৰীয়া পিঠাত নিমখ দিয়া হয়।

২১/জাপৰী পিঠা–ঘিলা পিঠাৰ দৰেই পিঠাবোৰ বনাই লৈ তিল আৰু গুৰৰ মিশ্ৰণ বোৰ দুটা পিঠাৰ মাজত ভৰাই যোৰা লগাই তেলত ফ্ৰাই কৰা হয়।ইয়াকে জাপৰি পিঠা বুলি কোৱা হয়।তদুপৰি আৰু বহু পিঠা আছে যদিও জ্ঞাত নহয়।বিহু বুলি ক’লে সকলো অসমীয়াৰ গাত তেজৰ পিৰপিৰণি সমানেই হয়।বিহুৰ আনন্দতে ওপৰত উল্লিখিত সকলোবোৰ পিঠা তৈয়াৰ কৰিব নোৱাৰিলেও কম পৰিমাণে হলেও কেইবিধমান পিঠা তৈয়াৰ কৰে।পৰিৱৰ্তনৰ ধামখুমীয়াত বৰ্তমান সময়ত বহু লোকে বজাৰৰ পৰাই পিঠা ক্ৰয় কৰে।বহু বেছি টানোঁ নহয় পিঠা বনাবলৈ।সেইবাবে অতীতত আমাৰ পূৰ্বপুৰুষসকলে তৈয়াৰ কৰা পিঠাবোৰ আমিও চেষ্টা কৰি সোৱাদ লোৱাটো উচিত।হোটেলৰ মিঠাইতকৈ কোনো গুণে কম নহয় ঘৰুৱা খেতিৰ চাউলেৰে তৈয়াৰ কৰা পিঠাবোৰ।