পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে ভাৰতবৰ্ষই লোৱা নীতি -নিৰ্দেশনাসমূহ
নাছিৰ আহমেদ ,শিমলাবাৰী, গোৱালপাৰা
১৯৭২ চনৰ ৫ জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ মৰ্মে ছুইডেনৰ ৰাজধানী ষ্টকহ’মত গোটেই বিশ্বজুৰি ক্ৰমে দ্ৰুত গতিত বৃদ্ধি পাই অহা পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিবলৈ পোন প্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস (World Environment Day) পালন কৰা হৈছিল আৰু বিশ্বৰ ১১৯ খন দেশৰ সৈতে আমাৰ দেশ ভাৰতবৰ্ষও অংশ গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে গোটেই বিশ্বৰ সৈতে আমাৰ দেশেও ৫ জুন তাৰিখে বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰি আহিছে। কাৰণ, ইতিমধ্যে আমাৰ দেশতো জনসংখ্যাৰ বিস্ফোৰণ ঘটি প্ৰাকৃতিক সম্পদ যেনে বায়ু, মাটি ,পানী আৰু উদ্ভিদ দ্ৰুত গতিত অৱলুপ্তি ঘটিছে। ভাৰতত প্ৰতিবছৰে ২৫০০০ হেক্টৰ অৰণ্য বিলুপ্ত হৈ আছে। অসমৰ দৰে ঘন অৰণ্যৰে আৱৰা ৰাজ্যতো বৰ্তমান ১৭ ভাগহে অৰণ্য আছে। কেৱল সেয়ে নহয়, ।
(ক) বতাহ- বৰষুণৰ প্ৰভাৱ
(খ) কৃত্ৰিম জল-ৰোধন
(গ) ৰাসায়নিক সাৰ আৰু ধাতৱ প্ৰদূষণ
(ঘ) ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগ আৰু গোটা আৱৰ্জনাসমূহ জমা হৈ,
কল-কাৰখানাৰ পৰা ওলোৱা অপকাৰী তৰল পদাৰ্থৰ সোঁত(Effluent) আৰু বৰ্জ্য পদাৰ্থবোৰ, ইন্ধন হিচাপে ব্যৱহাৰ কৰা কয়লা,পেট্ৰল, ডিজেল সমূহৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণে সৃষ্টি হোৱা গেছ,ছাই আৰু ধোঁৱা নিৰ্গত হৈ, পৰমাণবিক তথা নিউক্লীয় শক্তি উৎপাদনৰ বৰ্জ্য পদাৰ্থবোৰ ; য’ত আলফা,বেটা আৰু গামা ৰশ্মি বিকিৰিত হৈ ইত্যাদি বিভিন্ন কাৰকৰ দ্বাৰা বায়ু, মাটি, পানীৰ জৈৱিক বৈশিষ্ট্যসমূহৰ অনাকাংক্ষিত ভাৱে দ্ৰুত গতিত প্ৰদূষণ ঘটি আছে। এনেকি আমাৰ দেশত দ্ৰুত গতিত হাবি-বন ধ্বংস কৰাৰ বাবে আমাৰ দেশৰ তাপমাত্ৰা অধিক পৰিমাণে বৃদ্ধি পাই আহিছে।
সেই কাৰণে,বিশ্ব পৰিৱেশ দিৱসৰ (International Environment Day) লগত সংগতি ৰাখি আমাৰ দেশৰ কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰসমূহে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ বিভিন্ন নীতি-নিৰ্দেশনা হাতত লৈছে। সেইবোৰ হ’ল ক্ৰমে—
(১) পানী ( প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ) Water ( Prevention and Control of Pollution) Act,1974 পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ এই খনেই হৈছে ভাৰত চৰকাৰৰ মুখ্য আইন। এই আইনখনৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ উভয় স্তৰতে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড গঠন কৰি পানী প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিবলৈ সৰ্বপ্ৰকাৰে চেষ্টা চলাই যোৱাৰ ব্যৱস্থা কৰা হয়।অৱশ্যে এই আইনটি কিছুমান ত্ৰুটি আছিল। যেনে, সৰু সুৰা প্ৰযুক্তিগত বা পদ্ধতিগত ত্ৰুটিৰ বাবে শাস্তিৰ বিধান থকাৰ বাবে ব্যৱসায়ী ক্ষেত্ৰত বা ব্যক্তিগত জীৱনত ইয়াৰ বেয়াকৈ প্ৰভাৱ পৰিছিল। বিপৰীতে পানী প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ সংশোধন আইন, Water ( Prevention and Control of Pollution, Amendment Act,2024 মতে ১৯৭৪ আইন (Act,1974) সংশোধন ঘটাই সৰু সুৰা প্ৰযুক্তিগত বা পদ্ধতিগত ত্ৰুটিৰ বাবে কঠিন শাস্তিৰ বিধান নিদি আৰ্থিক জৰিমনাৰ ব্যৱস্থা কৰা হয়। পানী ( প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ (Water Prevention and Control of Pollution, Cess Act,1977 মতে বিভিন্ন বাণিজ্যিক কাৰ্যাৱলীৰ বাবে পানী ব্যৱহাৰ কৰা কোনো ব্যক্তি বা স্থানীয় প্ৰশাসনৰ ওপৰত নানা ধৰণৰ কৰ-কাটল সংগ্ৰহ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰা হয়।
(২) বায়ু ( প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ),Air( Prevention and Control of Pollution Act,1974) এই আইনখনে বায়ু প্ৰদূষণ, প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু হ্ৰাস কৰা কাঠামোৰ (Structure) মাধ্যমত কাম কৰাৰ বাবে গঠিত কৰা হৈছিল। এই আইনৰ জৰিয়তে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড ( CPCB) আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড (SPCB) গঠিত হৈছিল ; যিয়ে বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে কাম কৰে। বায়ু ( প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) Air ( Prevention and Control of Pollution ) Act,1981 এই আইনখন কাৰ্যকৰী হয় ২৯ মাৰ্চ,১৯৮১ । এই আইনখন আছিল ভাৰতৰ বায়ু প্ৰদূষণ, প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে অন্যতম প্ৰধান ৰূপ। এই আইনখন ১৯৭২ চনৰ ৰাষ্ট্ৰসংঘৰ মানৱ পৰিবেশৰ সন্নিৱিষ্ট প্ৰস্তাৱবোৰ বাস্তৱানৰ বাবে প্ৰণীত হৈছিল। এই আইনৰ জৰিয়তে বায়ু প্ৰদূষণ কৰা ইন্ধন আৰু পদাৰ্থৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰি বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিব বিচাৰে। ই বিভিন্ন যান-বাহন আৰু ঔদ্যোগিক ক্ষেত্ৰৰ পৰা নিৰ্গমনৰ মানদণ্ডও নিৰ্ধাৰণ কৰি বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। ধাৰা ৩ ,১৯৮১ (Section 3 ,1981) এই ধাৰা অনুসৰি বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে যাবতীয় ক্ষমতা বিভাগীয় কৰ্তৃপক্ষক সম্পূৰ্ণ ৰূপে দিয়া হৈছে। ধাৰা ৩৯,১৯৮১ ( Section 39 in the Air Prevention and Control of Pollution Act 1981) এই আইনৰ ধাৰা অনুসৰি এই আইনৰ বিধান বা আদেশ লংঘন কৰিলে তিনি মাহ পৰ্যন্ত কাৰাদণ্ড বা ১০,০০০ হেজাৰ টকালৈকে জৰিমনা বা কঠোৰ শাস্তি হিচাপে কাৰাদণ্ড আৰু জৰিমনা দুয়ো বিহা হ’ব পাৰে।
(৩) পৰিৱেশ সুৰক্ষা আইন ( Environment Protection Act, 1986) পৰিৱেশ সুৰক্ষা আইনখন ১৯৮৬ চনৰ ১৩ নৱেম্বৰ তাৰিখে কাৰ্যকৰী কৰা হয়। মানুহৰ উপৰিও প্ৰাণীজগত, উদ্ভিদ জগত , বিভিন্ন সা-সম্পত্তি , জলবায়ু আৰু পৰিৱেশ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই গুৰুত্বপূৰ্ণ আইনখন প্ৰবৰ্তন কৰা হয়। পৰিৱেশ আইনৰ ভেটি (The Foundation of Environmental Law)
1.1 :- ভাৰতবৰ্ষৰ মুখ্য পাৰিপাৰ্শ্বিক আইন (Key Environmental Legislation of India)
1.2:- প্ৰবৰ্তন আৰু অনুপালন ( Enforcement and Compliance)
1.3:- পাৰিপাৰ্শ্বিক আইন ৰূপায়ণত প্ৰত্যাহ্বান (Challenging in Implementing Environmental Laws
1.4:- পৰিৱেশ আইনৰ ভৱিষ্যতৰ নিৰ্দেশনা ( Future Directions in Environmental Laws)
2.উপসংহাৰ( Conclusion)
(৪)বন সুৰক্ষা আইন (Forest Protection Act,1980) এই বন সংৰক্ষণ আইনখনৰ জৰিয়তে বন সংৰক্ষণ আৰু সমৃদ্ধিকৰণ,জৈৱ-বৈচিত্ৰ আৰু প্ৰাকৃতিক ঐতিহ্য আৰু সম্পদ ৰক্ষাৰ কাৰণে জাতিৰ যৌথ ইচ্ছাক প্ৰতিফলিত কৰে। এই আইনখন ১৯৮৮ চনত এটি সংশোধনীৰ যোগেদি ভাৰতৰ সংসদত গৃহীত কৰি ভাৰতৰ বনাঞ্চল সংৰক্ষণ আৰু বনাঞ্চল ধ্বংসাত্মক কাৰ্য নিয়ন্ত্ৰণ কৰিবলৈ প্ৰণয়ন কৰা হয়
(৫) বন্যপ্ৰাণী সুৰক্ষা আইন (The Wildlife Protection Act,1972) ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইনৰ জৰিয়তে বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণী আৰু উদ্ভিদৰ সুৰক্ষা, ইবিলাকৰ আবাসস্থলৰ ব্যৱস্থাপনা নিয়ন্ত্ৰণ আৰু বন্যপ্ৰাণী, গছ-গছনিৰ দ্বাৰা প্ৰস্তুত কৰা পণ্য-সামগ্ৰী নিয়ন্ত্ৰিত কৰিবলৈ এটি কঠোৰ আইনী -কাঠামো প্ৰদান কৰে। এই আইনৰ জৰিয়তে বিপন্ন প্ৰজাতিৰ চিকাৰ নিষিদ্ধ কৰা হৈছে আৰু তালিকাভুক্ত পশু কিনা-বেচা বন্ধ কৰা হৈছে। এই আইনৰ অধীনত বন্যপ্ৰাণী সপ্তাহ -১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ প্ৰত্যেক বছৰে পালন কৰা হয়
(৬) ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আইন ( The National Green tribunal Act, 2010 ভাৰতত পৰিৱেশ সম্পৰ্কীয় গোচৰসমূহ মোকাবিলা আৰু ইয়াৰ সৈতে জড়িত সিদ্ধান্ত সমূহ ক্ষিপ্ৰ ৰূপায়ণৰ বাবে গঠিত বিধিগত সংস্থা। ছমাহৰ ভিতৰত আবেদন আৰু গোচৰ নিষ্পত্তি কৰাৰ দায়িত্ব ন্যায়াধিকৰণৰ ওপৰত ন্যস্ত কৰা হৈছে। ২০১০ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আইনৰ অধীনত ইয়াক স্থাপন কৰা হৈছিল।
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আইনখনৰ প্ৰথম অনুসূচিত তালিকাভূক্ত আইনসমূহ বলবৎ কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰা হৈছে। লগতে দেৱানী মোকৰ্দমা প্ৰকৃতিৰ আৰু পৰিৱেশ বিষয়ৰ শুনানি গ্ৰহণ কৰাৰ ক্ষমতা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক দিয়া হৈছে। সেউজ ন্যায়াধিকৰণৰ আওতালৈ অহা আইনসমূহ হৈছে —
পানী ( প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৭৪
পানী ( প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) চেছ আইন,১৯৭৭
বন (সংৰক্ষণ) আইন, ১৯৮০
বায়ু ( প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন,১৯৮১
পৰিৱেশ ( সুৰক্ষা) আইন, ১৯৮৬
ৰাজহুৱা দায়বদ্ধতা বীমা আইন,১৯৯১
জৈৱ-বৈচিত্ৰ আইন,২০০২
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে বায়ু প্ৰদূষণ ৰোধৰ প্ৰচেষ্টাত দিল্লীৰ পথত পোন্ধৰ বছৰৰ ওপৰৰ ডিজেল চালিত বাহন চলাচল কৰাটো অবৈধ বুলি ঘোষণা, এক সুকীয়া আদেশ মৰ্মে ছত্তীছগঢ় ৰাজ্যত অৱস্থিত হাছদেও-আৰাণ্ডৰ বনাঞ্চলত কয়লা নিষ্কাশন বাতিল আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কলকাতা বিচাৰপীঠে ২০১৬ চনৰ নৱেম্বৰ মাহত বন্যপ্ৰাণী সুৰক্ষা আৰু সংৰক্ষণৰ বাবে পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে সুন্দৰবন অঞ্চলত নিৰ্মাণ কাৰ্যকলাপ,গোটা আৱৰ্জনাসমূহ জমা কৰা আৰু শব্দ প্ৰদূষণ নিষিদ্ধ কৰিছিল।
(৭) জৈৱিক বৈচিত্ৰ্য আইন (The Biological Diversity Act, 2002) জৈৱ-বৈচিত্ৰ,২০০২ এই আইনখন ভাৰতৰ এটি গুৰুত্বপূৰ্ণ আইন ; যিয়ে জৈৱ-বৈচিত্ৰ সংৰক্ষণৰ বাবে প্ৰণীত হৈছিল। এই আইনখনে জৈৱ-বৈচিত্ৰ, তাৰ উপাদানবোৰ উপযুক্ত ভাৱে ব্যৱহাৰ কৰা আৰু জৈৱিক সম্পদ আৰু জ্ঞানৰ ব্যৱহাৰত উদ্ভুত সুবিধাবোৰ সম ভাগত ভগাই লোৱাৰ এটি ভিত্তি স্থাপন কৰে।
(৮) বেটাৰী আইন ( ব্যৱস্থাপনা ও নিয়ন্ত্ৰণ) Battery ( Management and Control Act,2001) পৰিৱেশ সুৰক্ষা আইন,১৯৮৬( ১৯৮৬ চনৰ ২৯) ৰ ধাৰা ৬,৮আৰু ২৫ ৰ দ্বাৰা প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰে বেটাৰী ( ব্যৱস্থাপনা আৰু পৰিচালনা) আইন,২০০১ প্ৰবৰ্তন কৰিছিল। এই আইনৰ অধীনত বেটাৰী বা ইয়াৰ উপাদানসমূহৰ উৎপাদন, প্ৰক্ৰিয়াকৰণ, বিক্ৰয়,ক্ৰয় আৰু ব্যৱহাৰৰ লগত জড়িত প্ৰতিটি প্ৰস্তুতকাৰক, আমদানিকাৰক, পুনৰ্নিৰ্মাণকাৰী, সংযোজনকাৰী,ডিলাৰ,পুনৰ্ব্যৱহা
নতুন নিয়মসমূহ বেটাৰী ( ব্যৱস্থাপনা আৰু পৰিচালনা) নিয়ম,২০০১ ৰ স্থলাভিষিক্ত হ’ব। এই নিয়মবোৰ সকলো ধৰণৰ বেটাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য, যেনে বৈদ্যুতিক যান-বাহনৰ বেটাৰী, মোটৰ গাড়ীৰ বেটাৰী আৰু শিল্প বেটাৰী।
এই নিয়মবোৰ EPR ( Extended Producer Responsibility) ধাৰণাৰ ওপৰত ভিত্তি কৰি কাৰ্য সম্পন্ন কৰে ; য’ত বেটাৰী উৎপাদকসকল ( আমদানিকাৰী সহ) বৰ্জ্য বেটাৰী সংগ্ৰহ কৰা, পুনৰ্ব্যৱহাৰ বা পুনৰ্নিৰ্মাণ আৰু বৰ্জ্যৰ পৰা উদ্ধাৰকৃত উপকৰণ বোৰক নতুন বেটাৰীত ব্যৱহাৰৰ বাবে দায়বদ্ধ।
(৯) শব্দ প্ৰদূষণ ৰোধ আইন (Sound or Noise Protection Act, 2000) ভাৰতত শব্দ প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাৰ বাবে পৰিৱেশ সুৰক্ষা আইন,১৯৮৬ আৰু শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু বিধিমালা,২০০০ দৰে আইন প্ৰণয়ন কৰা হৈছে। এই আইনখনে শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু শব্দৰ সীমাৰ মান নিৰ্ণয় কৰে, শব্দ প্ৰদূষণ কৰা উৎসবোৰ নিয়ন্ত্ৰণ কৰে আৰু শব্দ প্ৰদূষণকাৰীক শাস্তিৰ বিধান কৰে। এই আইনৰ জৰিয়তে ভাৰতৰ শিল্প এলাকাত দিনৰ সময়ত ৭৫ ডেছিবেল আৰু ৰাতিৰ সময়ত ৭০ ডেছিবেল বাণিজ্যিক এলাকাত দিনৰ সময়ত ৬৫ ডেছিবেল, ৰাতিৰ সময়ত ৫৫ ডেছিবেল আৱাসিক এলেকাত দিনৰ সময়ত ৫৫ ডেছিবেল আৰু ৰাতিৰ সময়ত ৫০ ডেছিবেল অনুমোদিত হৈছে।
তদুপৰি যদি কোনো শব্দৰ দ্বাৰা বিৰক্তি, অস্বস্তি বা আঘাতৰ কাৰণ হয়, তেনেহলে পুলিচ প্ৰশাসন, কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, জিলা মেজিষ্ট্ৰেট বা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ আনিলে শব্দ প্ৰদূষণকাৰীক উচিত শাস্তি প্ৰদান কৰিবলৈ দায়িত্ব গ্ৰহণ কৰিব।
পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ অসম ৰাজ্যখনৰ ৰাজ্যিক চৰকাৰেও বিভিন্ন নীতি-নিয়ম প্ৰণয়ন কৰিছে। সেইবোৰ হ’ল–
প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড,অসম নিম্নোক্ত নিয়মৰ দ্বাৰা পৰিচালিত হৈ আহিছে।
জল( প্ৰতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) আইন,১৯৭৪ ৰ অন্তৰ্গত নিৰ্দেশনা ( অসম নীতি -১৯৭৭)
জল (প্ৰতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) সংশোধনী আইন ১৯৭৮
জল (প্ৰতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) সংশোধনী আইন,১৯৮৮
ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনা ( ব্যৱস্থাপনা আৰু আন্তঃসীমান্ত বিচলন) নীতি ২০১৬
ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ উৎপাদন, সংৰক্ষণ আৰু আমদানি নীতি,১৯৮৯ আৰু ইয়াৰ সংশোধন
ক্ষতিকাৰক মাইক্ৰো -অৰগেনিজম জেনেটিকেলি ইঞ্জিনিয়াৰৰ্ড অৰগেনিজম বা কোষৰ উৎপাদন, ব্যৱহাৰ, আমদানি, ৰপ্তানি আৰু সংৰক্ষণ নীতি ১৯৮৯
ৰাসায়নিক দুৰ্ঘটনা ( জৰুৰীকালীন পৰিকল্পনা, সজাগতা আৰু প্ৰতিক্ৰিয়া) নীতি,১৯৮৬
কঠিন আৱৰ্জনা ব্যৱস্থাপনা নীতি,২০১৬
বায়’ মেডিকেল আৱৰ্জনা ব্যৱস্থাপনা নীতি,২০১৬
প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নীতি,২০১৬
শব্দ প্ৰদূষণ ( নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ) নীতি, ২০০০
বেটাৰী( ব্যৱস্থাপনা আৰু ব্যৱহাৰ) নীতি, ২০০১
ও’জন হ্ৰাসকাৰী পদাৰ্থ ( নিয়ন্ত্ৰণ) নীতি ২০০০
পৰিৱেশ প্ৰভাৱ মূল্যাংকন অধিসূচনা , ২০০৬
পৰিৱেশ সুৰক্ষা নীতি,১৯৮৬(২০০০)
জনসাধাৰণৰ দায়িত্ব বীমা আইন,১৯৯১
ৰাষ্ট্ৰীয় পৰিৱেশ উত্তৰবিচাৰকাৰী কৰ্তৃপক্ষ আইন ১৯৯৭ আদি উল্লেখযোগ্য।
তৎসত্ত্বেও, বিভিন্ন কাৰণত যেনে বিভাগীয় কৰ্তৃপক্ষই আইনসমূহ সঠিক ভাৱে বলবৎ কৰাত হেমাহি, ৰাইজৰ মাজত সচেতনতাৰ অভাৱ আৰু এটা শক্তিশালী কুচক্ৰই পৰিৱেশ প্ৰদূষণ কৰাৰ বাবে নানা অসৎ উপায় আৰু দুৰ্নীতিত লিপ্ত হোৱাৰ বাবেই পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰে প্ৰস্তুত আৰু প্ৰয়োগ কৰা নীতি-নিৰ্দেশনাবোৰেও প্ৰদূষণমুক্ত হিচাপে আমাৰ দেশ ভাৰতবৰ্ষই সুনাম অৰ্জন কৰিবলৈ সক্ষমতো হোৱাই নাই ; বৰঞ্চ দিনে দিনে আমাৰ দেশত তীব্ৰ ভাৱে বৃদ্ধি হোৱা পৰিবেশ প্ৰদূষণে এক অশনি সংকেত কঢ়িয়াই আনিছে।
উদাহৰণ স্বৰূপে, বৰ্তমানে প্ৰাপ্ত এটা তথ্য অনুসৰি আমাৰ দেশৰ মোম্বাই, দিল্লী, কলিকতা, চেন্নাই আৰু গুৱাহাটী এই পাঁচখন চহৰে যান-বাহন আৰু ঔদ্যোগিক ক্ষেত্ৰৰ পৰা প্ৰতিদিনে বায়ুমণ্ডলত দহ লাখ কিলোগ্ৰামতকৈ এনে গেছ নিৰ্গত কৰে যে যাৰ ফলত ভাৰতবৰ্ষৰ বায়ুমণ্ডল যথেষ্ট পৰিমাণে প্ৰদূষিত হৈছে । কল-কাৰখানা পৰা নিৰ্গমন হোৱা গেছে বায়ুমণ্ডল বিষাক্ত কৰি তোলাৰ ফলত ১৯৮৪ চনৰ ডিচেম্বৰত ” ইউনিয়ন কাৰ্বাইড” কোম্পানীৰ ভূপালত হোৱা গেছ দুৰ্ঘটনাৰ কথা উনুকিয়াব পাৰি। যাৰ ফলত বহুতো লোক মৃত্যু মুখত পৰিছিল আৰু আজিও অসংখ্য মানুহে আঘাতপ্ৰাপ্ত হৈ জীয়াতু ভূগি আছে। গতিকে প্ৰদূষণমুক্ত ভাৰত গঢ়িবলৈ সকলোৱে হাতে-কামে সাজু হ’বলৈ বধ্যপৰিকৰ হোৱা উচিত।