পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
আমাৰ পৃথিৱীখন পঞ্চভূত দ্ৰব্যৰ দ্বাৰা গঠিত । যেনে-বায়ু ,মাটি ,জল ,অগ্নি,আকাশ এই সকলোবোৰ পঞ্চতত্ত্ব অবাঞ্চিত দ্ৰব্য প্লাষ্টিক আদি কিছুমান বস্তুৰ দ্বাৰ দূষিত হৈ জীৱকুলৰ লগতে পৃথিৱীৰ গছ-বিৰিখ সকলোলৈকে ভাবুকি কঢ়িয়াই অনিছে।
এই প্ৰদূষণ পৃথিৱীৰ পশু-পক্ষীৰ বা উদ্ভিদে সৃষ্টি কৰা নাই আমাৰ মানুহৰ দ্বাৰা সৃষ্টি । গছ-গছনিবোৰ কাটি নিজৰ লাভৰ বাবে কল -কাৰখানা তৈয়াৰী কৰিছে আমাৰ মানৱ জাতিয়ে ।তাৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ুমণ্ডল দূষিত কৰি পেলাইছে । প্লাষ্টিক বস্তুবোৰ ব্যৱহাৰ তাক য’তে ত’তে পেলাই থৈ জীৱ-জন্তুবোৰৰ মৃত্যুৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে খোৱা পানী জান -জুৰিবোৰ দূষিত হৈছে ।পৃথিৱীৰ খোৱা পানীৰ মাত্ৰ ৩শতাংশ উপযোগী, তাকো মানৱ জাতিৰ দ্বাৰা দূষিত হয়।
যিমানে আমি উন্নতিৰ ফালে গতি কৰিছো গ্লৱেলাইজেছন ধ্বংস মুখলৈ গতি কৰিছে। মানুহে ডাঙৰ ডাঙৰ অট্টালিকা সজাবলৈ পাহাৰ পৰ্বত বোৰ সমতল কৰিছে ,তাত থকা গছ বিৰিখ সকলো কাটি তাত বসতি কৰিছে।জীৱজন্তুৰ আলাই আথানি নোহোৱা হৈছে। খাদ্যৰ সন্ধানত বনৰীয়া প্ৰাণীয়ে বনাঞ্চল এৰি জনানঞ্চলৈ গতি কৰিছে ।টিভিত প্ৰায়ে দেখিছোঁ হাটী মানুহৰ সংঘাট,ঘৰ দুৱাৰ ভাঙিছে ।কৰ’ণাকে এটা সৰু ভাইৰাছ মানুহেই সৃষ্টি কৰি, পৃথিৱী তথা সমাজ ধ্বংস গ্ৰাহত পৰিছিল ।আমাৰ অসমৰ বাঘজানৰ অগ্নিকাণ্ডৰ ফলত গছ গছনি ধ্বংশগ্ৰস্ত হোৱাৰ লগতে জীৱ কুলৰ যি আলাই আথানি হৈছিল সেয়া আমাৰ জীৱ শ্ৰেষ্ঠ মানৱৰ অৱদান। এতিয়া চাৰিওফালে বানপানী আমাৰ মানুহৰ কাৰণে হোৱা বুলি ক’লেও ভুল নহয়। নলা নৰ্দমা আদিত প্লাষ্টিকৰ পেকেট জাবৰ জোথৰ পেলাই ভৰ্তি যাৰ ফলত পানী যোৱা পথ বন্ধ।
বনাঞ্চল সুৰক্ষিত ৰাখো,নদীৰ পানীত দূষিত নকৰোঁ।কিছুমান জনজাগৰণৰ পদক্ষেপ লওঁ তেতিয়া প্ৰদূষণ মুক্ত হ’ব আৰু সমাজ তথা ধৰা খন সুন্দৰ হৈ থাকিব ।
প্ৰতিকাৰৰ উপায়-
১)বৃক্ষ ৰোপন আৰু সেই বৃক্ষ সংৰক্ষণত গুৰুত্ব প্ৰদান কৰিব লাগে ।
২)ঘৰৰ ওচৰৰ পাজৰৰ নলা -নৰ্দমা আদি চাফ-চিকুনাই ৰাখিব লাগে ।
৩)ৰাজহুৱা ঠাই আদিত যতে ততে থু -খেকাৰ পেলাব নালাগে ।চাফ চিকুনাই ৰখা আমাৰে দায়িত্ব।
৪) ডাছবিন ব্যৱহাৰ কৰিব লাগে ।
৫) ঘৰৰ ওচৰে পাজৰে পানী জমা হৈ হ’ব থাকিব দিব নালাগে। মহে কণী পাৰি বংশ বৃদ্ধি কৰে।
৬)ব্লেচিং/ডি ডি টি আদি প্ৰয়োগ কৰি পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে।
৭)বৰষুণৰ পানী এশ শতাংশই বিশুদ্ধ, ইয়াৰ ভালদৰে সংৰক্ষণ কৰিব পাৰিলে ,জীৱ কুলৰ উপকাৰ হ’ব।
সেই কাৰণে বিশ্ব স্বাস্থ্য সংস্থাই ১৯৭৩চনত ৫জুনৰ পৰা বিশ্ব পৰিবেশ দিবস পালন কৰাৰ সিদ্ধান্ত লৈছিল ।বৰ্তমান গোটেই বিশ্বই পালন কৰে।