পৰিৱেশ দিৱস আৰু ইয়াৰ তাৎপৰ্য- নাছিৰ আহমেদ

Pc Freepik
পৰিৱেশ দিৱস আৰু ইয়াৰ তাৎপৰ্য
নাছিৰ আহমেদ
শিমলাবাৰী ,গোৱালপাৰা
প্ৰতি বছৰে ৫ জুন তাৰিখে ” বিশ্ব পৰিবেশ দিৱস ” উদ্ যাপন কৰা হয় ।  ১৯৭১ চনৰ পৰা গোটেই বিশ্বজুৰিৰ বিভিন্ন দেশত বিভিন্ন বিষয় (Theme) লৈ চৰকাৰী বা বেচৰকাৰী ভাবে বিভিন্ন কাৰ্যসূচীৰে এই পৰিবেশ দিৱস পালন কৰি আহিছে। পৰিৱেশ সুৰক্ষা কৰি এই ভূমণ্ডল শান্তি বজায় ৰখাই ইয়াৰ মূল উদ্দেশ্য। আমাৰ দেশতো ১৯৭৪ চনৰ পৰা এই ” বিশ্ব পৰিৱেশ দিৱস” উদ্ যাপন কৰি দেশৰ নাগৰিক সকলৰ মাজত পৰিৱেশ সম্পৰ্কীয় সচেতনতা বৃদ্ধি কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে।
এতিয়া আমি পৰিৱেশ কাক বোলে ? কি কি কাৰকে পৰিৱেশ বিনষ্ট কৰে , ইয়াৰ প্ৰতিকাৰৰ বিষয়ে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম। পৰিৱেশ শব্দটোৰ আভিধানিক অৰ্থ হ’ল,এটা বস্তুৰ চৌপাশে থকা অৱস্থাটো। এজোপা গছৰ চৌপাশে যিবোৰ বিশেষ উপাদানে গছজোপাৰ বৃদ্ধি আৰু বিকাশত  সহায় কৰে এই উপাদানসমূহৰ সন্মিলিত ৰূপকেই গছ জোপাৰ পৰিৱেশ বুলি কোৱা হয়। সহজ ভাষাত কবলৈ গলে পৰিৱেশ হৈছে আমাৰ চৌপাশৰ পাৰিপাৰ্শ্বিক অৱস্থা বিশেষ  ; যিয়ে সমস্ত জীৱক জীৱন ধাৰণক সহায় কৰে।
ক্ষুদ্ৰাতিক্ষুদ্ৰ  জীৱানুৰ পৰা উদ্ভিদ লৈকে জীৱ লৈ জৈৱিক পৰিৱেশ, আৰু মাটি ,বায়ু, পানী,জুই, সূৰ্যৰ পোহৰ প্ৰভৃতি লৈ অজীৱ বা অজৈৱ পৰিৱেশ আৰু সামাজিক পৰিৱেশ এই তিনিওৰে সমন্বয়ত গঢ়ি উঠা পাৰিপাৰ্শ্বিকতাক পৰিৱেশ বা পৰিৱেশ-তন্ৰ বুলি কোৱা হয়।
এই পৰিৱেশ-তন্ৰ বিনষ্ট হোৱাৰ অসংখ্য কাৰণ আছে যদিও মূল কাৰণ হ’ল চাৰিটা ।সেইবোৰ হ’ল-
১/ জনসংখ্যাৰ আধিক্য (Over population)  পৃথিৱীৰ বৰ্তমান জনসংখ্যা ৬ বিলিয়ন ( ৬০০ কোটি ) চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব সাফল্যৰ বাবে মৃত্যুৰ হাৰ কমি একৈশ শতিকাত প্ৰতি দহ বছৰে ৯.৭ কোটিকৈ বিশ্বত জনসংখ্যা বৃদ্ধি হৈ আছে। জনসংখ্যা বৃদ্ধিৰ ফলত নগৰ -মহানগৰসমূহ জনাকীৰ্ণ হৈ পৰিছে, আৱৰ্জনা বাঢ়িছে,পানী দূষিত হৈছে, প্ৰদূষণ তীব্ৰ বেগেৰে বাঢ়িবলৈ আৰম্ভ কৰিছে । গ্ৰামাঞ্চলসমূহতো অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে।
২/ প্ৰাকৃতিক সম্পদৰ অৱলুপ্তি :- মাটি, বায়ু, পানী আৰু উদ্ভিদ অফুৰন্ত নহয়। জনসংখ্যা বৃদ্ধিৰ ফলত এই বোৰ ক্ৰমে টুটি আহিছে। খেতি মাটি আৰু বাসস্থানৰ প্ৰয়োজনত মানুহে হাবি বন কাটি ধ্বংস কৰি আছে। বিশ্বত প্ৰতিদিনে ৩১,০০০ হেজাৰ হেক্টৰ অৰণ্য ধ্বংসৰ গৰাহত। ভাৰতত বছৰি ২৫,০০০ হেজাৰ হেক্টৰ অৰণ্য বিলুপ্ত হৈছে। অথচ পৰিৱেশ সুস্থ ৰাখিবলৈ ভূপৃষ্ঠত শতকৰা ৩৩.৩ ভাগ অৰণ্য থাকিব লাগে। সেউজ বননিৰে ভৰপূৰ অসমত বৰ্তমান ১৭ ভাগহে অৰণ্য আছে।
যাৰ ফলত অসম তথা ভাৰতবৰ্ষত জলবায়ু সঘনাই পৰিৱৰ্তন হৈ আছে। অতি বৃষ্টি ,অনা বৃষ্টি এতিয়া সাধাৰণ ঘটনা হৈ পৰিছে। অসমৰ দৰে সেমেকা জলবায়ুৰ ৰাজ্যত এতিয়া গ্ৰীষ্মকালীন সময়ত  ৩৪ ডিগ্ৰী তাপমাত্ৰা নিত্যনৈমিত্তিক ঘটনা হৈ পৰিছে। কম বৃষ্টিৰ ফলত বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে ধূলিকণা জমা হৈ পৰিৱেশ প্ৰদূষণ হৈছে।  জনসংখ্যা বৃদ্ধিৰ ফলত অফুৰন্ত সম্পদ খনিজ পদাৰ্থ, পেট্ৰলিয়াম সম্পদ সীমিত হৈ মানৱ সভ্যতা বিপদাপন্ন হৈ পৰিছে।
৩/ভূমিৰ অৱনতি:- মাটি গঠিত হয় বালি,বোকা আৰু জৈৱ পদাৰ্থৰে। অসংখ্য অণজীৱই মাটিৰ উৰ্বৰতা বঢ়ায়।  চাৰিটা কাৰণত ভূমিৰ অৱনতি আৰম্ভ হৈছে — বতাহ -বৰষুণৰ প্ৰভাৱ, জলৰোধন, ৰাসায়নিক সাৰ আৰু ধাতৱ প্ৰদূষণ, ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগ তথা আৱৰ্জনা।
পৰিৱেশ প্ৰদূষণ:- পৰিৱেশ-তন্ৰৰ ওপৰত মানুহে নিৰ্বিচাৰে উৎপাত বৃদ্ধি কৰাৰ ফলত মাটি, বায়ু, পানীৰ জৈৱিক বৈশিষ্ট্যসমূহৰ অনাকাঙ্ক্ষিত ভাৱে পৰিৱৰ্ত্তিত হৈছে। ইয়াকেই প্ৰদূষণ বুলি কোৱা হয়।
আমেৰিকাৰ নেচনেল একাডেমিয়ে প্ৰদূষণৰ সংজ্ঞা এনেদৰে দিছে -“– প্ৰদূষণ সচাঁকৈয়ে বিশ্ববাসীৰ বৈৰী। কাৰণ,ই ঔদ্যোগিক প্ৰগতি,মানৱ-জীৱন-যাত্ৰা আৰু সাংস্কৃতিক কাৰ্যাৱলীৰ হেঙাৰ। “
কল-কাৰখানাৰ পৰা ওলোৱা অপকাৰী তৰল পদাৰ্থৰ সোঁত আৰু বৰ্জ্য পদাৰ্থবোৰ নৈ, বিল , পথাৰ আনকি সাগৰত পৰে । কল-কাৰখানা আৰু যন্ত্ৰচালিত যান- বাহনে ইন্ধন হিচাপে কয়লা,পেট্ৰল,ডিজেল বা প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰে এই জীৱাশ্ম ইন্ধনবোৰৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণে গেছ, ধোঁৱা আৰু ছাইবোৰে বায়ুৰ স্বাভাৱিক উপকাৰী গুণত বিঘিনি ঘটাই বায়ু প্ৰদূষণ ঘটায়।  যাৰ ফলত গোটেই বিশ্বত প্ৰতি বছৰে ১৫ নিযুত মানুহ খাদ্যৰ অভাৱত,১০৮ কোটি মানুহ বায়ু প্ৰদূষণৰ বাবে আৰু ১.২ বিলিয়ন মানুহ পৰিষ্কাৰ পানীৰ অভাৱত মৃত্যু মুখত পৰে।
গোটেই বিশ্বজুৰি এই পৰিৱেশ প্ৰদূষণ কৰা কাৰক সমূহ চিহ্নিত কৰি ইয়াৰ পৰা বিশ্বক মুক্ত কৰাৰ বাবে উঠি পৰি লাগিছে। আমাৰ দেশ ভাৰতবৰ্ষও  পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে ১৯৭৪ চনৰ পৰা সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লৈছে। এই দেশে প্ৰতিখন ৰাজ্যত একোখনকৈ ” প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ ” গঠন কৰি দিছে। এই পৰিষদে নানা আইন , অধিনিয়ম বান্ধি প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নানা ধৰণৰ চেষ্টা চলাই আছে। এনেকি ২০০২ অধিনিয়ম মতে শব্দ প্ৰদূষণৰ পৰা দেশক মুক্ত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে।
সদৌ শেহত , ইয়াকে কব পাৰি যে, কেৱল ” বিশ্ব পৰিৱেশ দিৱস ” উদ্ যাপন বা আইন, অধিনিয়ম প্ৰয়োগ কৰি এই ভয়ঙ্কৰ প্ৰদূষণৰ পৰা সম্পূৰ্ণ ৰূপে অব্যাহতি পোৱা সম্ভৱ নহয় ; তাৰ বাবে লাগিব দেশৰ তথা বিশ্বৰ সকলো জনগণৰ সম্পূৰ্ণ সচেতনতা-বোধ আৰু সহযোগিতা।