পৰিশ্ৰমৰ ফল
মৃণালীৰ আজি মনতো ভাল নহয় | ৰাতিপুৱাৰ পৰাই এটা কথাই মনতো ভাৰাক্ৰান্ত কৰি তুলিছে | নহ’বনো কিয় ?? ‘আজি এই অকল্পনীয় ভাৱে আহি পৰা পৰিস্থিতিৰ লগত খাপ খাবলৈ যে কিমান কষ্ট হৈছে সমগ্ৰ মানৱ জাতিৰে | চৰকাৰী চাকৰিয়াল সকলক বাদ দি বাকী যিসকলে ব্যক্তিগত খণ্ডৰ অধীনত বা স্বাধীন ভাৱে ব্যৱসায় কৰি সুন্দৰ ভাৱে জীৱন যাপন কৰি আহিছিল , সেইসকলৰ অৱস্থাযে আজি তথৈবচ | কিন্তু তেওঁলোকৰ কথা চিন্তা কৰিবলৈ যে কাৰোৱেই আহৰিয়েই নাই | তাৰ ঠাইত সকলোৱেই এই শৈক্ষিক পৰিবেশটোৱে যে শিক্ষাৰ্থীৰ পঢ়াৰ প্ৰতি কোনো আগ্ৰহ নাইকিয়াহে কৰিছে তাকলৈহে সকলোতে আলোচনা কৰা শুনা যায় | কেতিয়াবা এই আলোচনাত মৃণালীৰ মনতো বিদ্ৰোহী হৈ উঠে | তাই ভাৱে শিক্ষাৰ্থীৰ এই অৱস্থাৰ বাবে যেন আমি অভিভাৱকবোৰেই কম বেছি পৰিমানে দোষী | কাৰণ পঢ়াবোৰ অতি সহজেই সিহঁতক কষ্ট নকৰাকৈ পাবলৈ আমিয়েই সুবিধা কৰি দিছো | কি নাইদিয়া বা নাইপোৱা সিহঁতি ! লাগ বুলিলেই সহায়িকাবোৰ , ঘৰুৱা শিক্ষক , তদুপৰি মোবাইলৰ সহায়ত বিভিন্ন ধৰণৰ নজনা কথাই নিজৰ চকী – টেবুলৰ পৰা নুঠাকৈয়ে লাভ কৰিব পাৰে | কিন্তু (?) আমাৰ দিনত এইবোৰতো অসম্ভৱ | যাৰ বাবে আমি বিভিন্ন ধৰণে কিতাপ সংগ্ৰহ কৰি পঢ়ি – বুজি নিজেই আয়ত্ব কৰিব লাগিছিল | তাৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিব লগা হৈছিল | কষ্ট কৰিলেহে সফলতা লাভ কৰিব পাৰি | এই ক্ষেত্ৰত লাগিব আত্মবিশ্বাস , ধৈৰ্য , একাগ্ৰতা , নেৰানেপেৰা চেষ্টা আৰু বুদ্ধি | এই আটাইকেটাৰ সহায়ত জীৱনত সফলতা লাভ কৰাতো স্বাভাৱিক |এই সকলোবোৰ গুণৰ বাবেই শত্ৰু পক্ষৰ লগত থাকিও দেশ আৰু ভাষাৰ সংকটৰ সময়ত নিজৰ যুক্তি আৰু ব্যক্তিত্বই সকলোকে মোহিত কৰি এজন প্ৰকৃত অসমীয়া বুলি মৰিও অমৰ হ’বলৈ সক্ষম হোৱা সেইজন মহান ব্যক্তিক আমি হয়তো পাহৰি গৈছো বা নিজ সন্তানকো তেখেতৰ গুণ – গৰিমাৰ বিষয়ে জনাবলৈ অৱকাশ নোহোৱা হৈছো | ১৮২৯ চনৰ আজিৰ এই দিনটোতে অৰ্থাত ২৪ আগষ্টতেই তেখেতে জন্ম লাভ কৰিছিল | সেই জন মহান ব্যক্তিৰ নামেই হৈছে অসম গৌৰৱ আনন্দৰাম ঢেকিয়াল ফুকন | অসমৰ এটা সাংস্কৃতিবান অভিজাত পৰিয়ালৰ হলিৰাম দুৱৰীয়া বৰুৱা আৰু প্ৰসূতি দেৱীৰ ঔৰসত গুৱাহাটীত জন্ম গ্ৰহণ কৰিছিল | সেই সময়ত আমাৰ দেশ ইংৰাজে ৰাজত্ব কৰিছিল | সৰুতে পিতৃহাৰা হোৱা আনন্দৰাম ঢেকিয়াল ফুকনে পিতৃৰ পৰিচয়তে দুজন ইংৰাজ চাহাব মেথি চাহাব আৰু জেনকিন্স চাহাবৰ সহায়তা লাভ কৰিবলৈ সক্ষম হৈছিল | ফুকনদেৱৰ শিক্ষাৰ কালছোৱাত অসম দেশ আৰু অসমীয়া ভাষাৰ অৱস্থা অতি শোচনীয় আছিল | ১৮৩৬ চনত পঢ়াশালি আৰু আদালতৰ পৰা অসমীয়া ভাষা আঁতৰাই বঙলা ভাষাৰ প্ৰচলন ঘটাইছিল | ১৮৩৫ চনত গুৱাহাটীত স্থাপন কৰা ইংৰাজী স্কুল খনত ১৮৩৭ চনত ফুকনদেৱেও পঢ়িছিল | তাৰপিছত ১৮৪১ চনত মেথি চাহাব আৰু জেনকিন্স চাহাবৰ সহায়ত কলিকতাত পঢ়িবলৈ যাব পাৰিছিল | কিন্তু জলবায়ুৰ লগত খাপ খাব নোৱাৰি ১৮৪৪ চনৰ নৱেম্বৰ মাহৰ শেষৰ ফালে পুনৰ নিজ দেশ লৈ ঘূৰি আহে | উভতি আহি তেখেতে মেংবেণ্ডৰ ওচৰত ইংৰাজী আৰু আন এজন মুঞ্চিপৰ ওচৰত পাৰ্চী আৰু উৰ্দু ভাষা শিকে | বঙালী ভাষাটোও তেখেতে জানিছিল | নিজ দেশ আৰু ভাষাৰ দুখ লগা অৱস্থা আঁতৰাবলৈ মনে মনে পৰিকল্পনা কৰি মুঞ্চিপ হোৱাৰ সংকল্প লৈ সদৰামিন নামৰ এজনৰ ওচৰত আইন আৰু আদালতৰ নিয়ম -কানুনবোৰ শিকিবলৈ লৈছিল | তাৰ মাজতে তেখেতে ১৮৪৬ চনৰ জানুৱাৰী মাহত প্ৰকাশ পোৱা অসমৰ প্ৰথম খন সংবাদ পত্ৰ ‘ অৰুণোদয় ‘ টো নিজ ভাষাৰ উন্নতিৰ হকে লিখিছিল | ১৮৪৯ চনত ‘অসমীয়া ল’ৰাৰ মিত্ৰ ‘ নামৰ এখন কিতাপ উলিয়াইছিল নৱ প্ৰজন্মৰ সহায়তাৰ বাবে | নিজৰ একাগ্ৰতা আৰু সাধনাৰ বলত ১৮৪৭ চনৰ নৱেম্বৰ মাহত নলবাৰীত মুঞ্চিপ হিচাপে কৰ্ম জীৱন আৰম্ভ কৰিছিল | তাৰ পিছত ১৮৪৯ চনত ‘ছব এছিষ্টেণ্ট’ পদত নগাঁৱত মকৰল হৈছিল | তাত কোনো ইংৰাজী স্কুল নথকাৰ বাবে নিজ গৃহতে বিদ্যালয় পাতিছিল | ১৮৫২ চনত কলিকতাত ‘ কলিকতা নিউ প্ৰেছ ‘ নামেৰে এটি ছাপাশালা প্ৰতিষ্ঠা কৰি তাৰ চোৱা – চিতাৰ গুৰু দায়িত্ব দিছিল গুনাভিৰাম বৰুৱা দেৱক | তেখেতেই আছিল ছাপাশালা প্ৰতিষ্ঠা কৰা প্ৰথম জন অসমীয়া | আইন – আদালতৰ নিয়ম – কানুনবোৰ সহজে বুজিবৰ বাবে বঙালী ভাষাত ‘আইন সংগ্ৰহ ‘ আৰু ‘ ব্যৱস্থা সংগ্ৰহ ‘ নামৰ দুখন পুথি উলিয়াইছিল | ‘এ ফিউ ৰিমাৰ্কছ অন দি আছামিজ লেংকুৱেজ এণ্ড অন ভাৰমিকুলাৰ এডুকেশ্বন ইন আছাম ‘ নামৰ পুথিত অসমীয়া ভাষা যে এক স্বতন্ত্ৰৰীয়া ভাষা তাক উল্লেখ কৰাৰ লগতে পঢ়াশালি আৰু আদালতত যে অসমীয়া ভাষাহে হ’ব লাগে তাক উল্লেখ কৰিছিল | আনহাতে ১৮৫৩ চনত যেতিয়া এ. জে . মফট মিলছক অসমলৈ আহিল তেতিয়া ফুকনদেৱে অসমৰ বিভিন্ন সমস্যা আৰু সেইসমূহৰ সমাধানৰ বাবে দিহা – পৰামৰ্শ দি ‘Observation on the Administration of the Province of Assam ‘ নামৰ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল | ইয়াত অসমৰ শিক্ষা ব্যৱস্থাৰ উন্নতিৰ অৰ্থে বঙলাৰ ঠাইত অসমীয়া ভাষাৰ পুনৰ প্ৰৱৰ্তন , অসমীয়া ভাষাত জ্ঞান – বিজ্ঞানৰ পুথি ৰচনা , শিক্ষক প্ৰশিক্ষণৰ বাবে নৰ্মাল স্কুল স্থাপন , সংস্কৃত শিক্ষাৰ প্ৰচাৰৰ বাবে সংস্কৃত বিভাগ খোলা আদি উল্লেখ কৰিছিল | তাৰ ফলতেই ১৮৭৩ চনত পুনৰ অসমৰ বিদ্যালয় আৰু আদালতত অসমীয়া ভাষাই স্থান লাভ কৰিবলৈ সক্ষম হৈছিল | কোনোদিনে ইংৰাজৰ বিৰুদ্ধাচৰণ নকৰি নিজৰ মৌলিক চিন্তা ভাৱনা , প্ৰতিভা আৰু ভাষা জ্ঞানৰ জৰিয়তে বেছ দক্ষতাৰে চৰকাৰী দায়িত্ব পালন কৰাৰ সমান্তৰালকৈ নিজ দেশ আৰু নিজ জাতিৰ হকে কাম কৰি গৈছিল | তেখেত আছিল অসমৰ নৱজাগৰণ যুগৰ প্ৰতিনিধিৰ লগতে আধুনিক যুগৰ বাটকটীয়া বুলি ক’লে বঢ়াই কোৱা নহ’ব | এইজনা মহান ব্যক্তিয়ে অতি কম বয়সতে মাত্ৰ ২৯ বছৰ ৮মাহ ১১ দিন ত ১৮৫৯ চনৰ ১৬ জুনৰ দিনা সন্নিপাত জ্বৰত মৃত্যু হয় | আজি এই জন্মদিনৰ দিনা মহান ব্যক্তিজনাক শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ জীৱনাদৰ্শৰে আমাৰ লগতে নৱপ্ৰজন্মৰ জীৱন উজ্জ্বলাই তুলিবলৈ দৃঢ় সংকল্পবদ্ধ হওঁক আহক |
মঞ্জুষা শৰ্মা |
তিতাবৰ ৯৯৫৪৮৯৪১২৪