পৰিয়ালসহ মুখ্যমন্ত্ৰীক সাক্ষাৎ বিনীতাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ব্রিটেইন গট টেলেন্ট শীর্ষক ৰিয়েলিটী শ্ব’ট তৃতীয় স্থান অধিকাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা কণমানি বিনীতা চেত্ৰীয়ে পৰিয়ালসহ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। লোকসভা ভৱনত ৯ বছৰীয়া বিনীতাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ছোৱাতে মুখ্যমন্ত্রী ড° শর্মাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলি উঠা বিনীতাক অভিনন্দন জ্ঞাপন কৰি কয় যে কণমানিগৰাকীৰ এই বিশ্ব মঞ্চৰ যাত্রা অসমৰ বাবে গৌৰৱৰ বিষয় আৰু অনুপ্ৰেৰণাদায়ক। উল্লেখ্য যে শ্ব’টোত তৃতীয় স্থান দখল কৰাৰ পাছতে বিনীতাই মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ আগ্ৰহ কৰিছিল।
