পৰিবৰ্তন – অসীম জ্যোতি দাস

Pc Peakpx
পৰিবৰ্তন
অসীম জ্যোতি দাস, মৰিগাঁও
একেই আছে দিন আৰু ঋতু বোৰ !
 সিদিনা ভিৰৰ মাজত তোমাক দেখিছিলো,
একেই আছে তোমাৰ হাঁহিটো আৰু গধূলি যেন বৈ পৰা কেশ
কিন্তু!
সলনি হ’ল আমাৰ সম্পৰ্ক
চিনাকিৰ পৰা অচিনাকী লৈ !
সন্ধিয়া বৰষুণ জাক আহিলে
তোমালৈ মনত পৰে !
তুমি আহিছিলা এজাক বৰষুণ হৈ,
এদিন বেলিটো লহিয়াবৰ পৰত
আৰু
তিয়াই গৈছিলা মোৰ হৃদয়খন ।
জীপাল হৈছিল মনটো
আৰু আশাবোৰে গজাঁলি মেলিছিল
লহপহকৈ বাঢ়ি ছিল
তুমি আমি আৰু আমাৰ ডাল-পাত বোৰ !
সিদিনা বৰদৈচিলা জনীয়ে
সকলোবোৰ সপোন ভাঙি পেলাইছিল
আৰু তেতিয়াই সলনি হৈছিল আমাৰ সম্পৰ্ক
চিনাকিৰ পৰা অচিনাকী লৈ !