পৰিবেশ ৰক্ষা কৰোঁ আহক
পৰিবেশে হৈ পৰে প্ৰাণৰ ধাৰক
প্ৰকৃতিৰ অজস্ৰ শক্তিৰেই জীৱনীশক্তি
এই যে সুজলা-সুফলা
অসমৰেই গিৰিমালা
যুগ যুগান্তৰৰ…
ধৰাৰ বুকুত সৃষ্টিৰ পাতনি মেলে
সেউজী ধৰাৰ বুকুত সোণগুটি গজে
মহাকালৰ তাণ্ডৱ নৃত্যত আই উচুপি উঠে।
আইৰ বুকুৰ সোণৰ চেঁকুৰা বুটলি
মানুহে বান্ধে কঁকালত টঙালি
কাৰ কুটিল দৃষ্টিত আইৰ চকুলো সৰে
লুইতৰ বানেও প্ৰলয়ৰ সৃষ্টি কৰে।
প্ৰলয়ৰ নাচোনত প্ৰকৃতিৰ নিৰবতা
যেন ভাৰতৰ পঁয়ালগা দুহিতা !
প্ৰকৃতিৰ প্ৰতি কোঁহে কোঁহে
মহাজীৱনে পাতনি মেলিলে
শ্যামলিমা প্ৰকৃতি হৈ পৰে প্ৰশান্তিৰ নিলয় ।
এই জীৱন প্ৰবাহিনীৰ মহাঅৰণ্য
মহাজীৱনৰেই মহা আলিংগন !
এই মানৱেই গছত কুঠাৰ মাৰিলৈ
প্ৰকৃতিক উলংগ কৰিলৈ
মহাঅৰণ্যৰ কৰে ধ্বংস সাধন!
শ্যামলীমা প্ৰকৃতিৰ সুশীতল ছাঁয়াত
শান্তিৰ কপৌ উৰি যায়
ইওযে মৰণ-ফান্দৰ পৰিত্ৰাণ নাই ।
উলাই আঁহা সকলো দৃঢ় প্ৰতিজ্ঞ হৈ
সৃষ্টিক ৰক্ষা কৰিবলৈ
কৰি যাওঁ সুন্দৰৰ সৃষ্টি
বিয়পিব সুন্দৰৰ পৰা সুন্দৰলৈ !!
ৰুমী কলিতা দত্ত
কেন্দগুৰি-ডিব্ৰুগড়