পৰিবহণ কৰ্মচাৰী সন্থাৰ অনশনত অসম তৃণমূল কংগ্ৰেছ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭৭১ কৰ্মচাৰীক বিজেপি চৰকাৰে ছাটাই কৰাৰ বিৰুদ্ধে পৰিবহণ কৰ্মচাৰী সন্থাই গ্ৰহণ কৰা অনশন কাৰ্যসূচীত অংশ লৈ বক্তব্য ৰাখে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷নিজৰ বক্তব্যত সভাপতি বৰাই অসম পৰিবহণ নিগমৰ বৰ্খাস্ত কৰা কৰ্মচাৰীসকলক শীঘ্ৰে পুনৰ চাকৰিত মকৰল কৰাৰ দাবী জনায়। তেওঁ লগতে বিজেপি চৰকাৰৰ স্বৈৰাচাৰী নীতিক কঠোৰ সমালোচনা কৰি কোনোবা পুঁজিপতিক পৰিবহণ নিগমৰ ভূমি গটোৱাৰ অভিসন্ধি কৰা বুলি অভিযোগ কৰে। বিজেপি চৰকাৰখনে জনতাৰ মৰ্মবেদনা নুবুজে বুলি মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতগৰাকীয়ে।সভাপতি বৰাই এই বিষয়ত পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদলৈ অসম তৃণমূল কংগ্ৰেছৰ সমৰ্থনৰ কথা ঘোষণা কৰে।অনশনথলীত বক্তব্য ৰাখি দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই বিজেপি চৰকাৰে পৰিবহণ নিগমৰ কৰ্মচাৰীসকলৰ নিযুক্তি অবৈধ আছিল বুলি যুক্তি দি ছাটাই কৰাৰ পূৰ্বে নিযুক্তিৰ সময়ত দায়িত্বত থকা নিগমৰ অধ্যক্ষ, পৰিচালন সঞ্চালক আৰু পৰিবহণ মন্ত্ৰীক গ্ৰেপ্তাৰ কৰি দেখুৱাবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায়। বৰ্খাস্ত কৰা কৰ্মচাৰীসকলক পুনৰ মকৰল নকৰা পৰ্যন্ত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে। পল্টন বজাৰৰ পৰিবহণ নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত সভাপতিৰ লগতে অসম তৃণমূল কংগ্ৰেছ, কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছ, অসম তৃণমূল মহিলা কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছ, কামৰূপ মহানগৰ জিলা তৃণমূল মহিলা কংগ্ৰেছৰ কেইবাগৰাকীও দলীয় সতীৰ্থ উপস্থিত থাকে।