পৰিচয় – সংযুক্তা দত্ত

PC- Ensia

পৰিচয়

 সংযুক্তা দত্ত,
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়

আমি এজন ব্যক্তিক চিনি পাওঁ সেই ব্যক্তিজনৰ পৰিচয়ৰে অথবা ঘৰৰ মূল মানুহজনৰ নামেৰে । প্ৰত্যক পৰিয়ালতে এনেকুৱা এজন ব্যক্তি থাকে। যাৰ নামৰ দ্বাৰা গোটেই পৰিয়ালটোৱে পৰিচয় পোৱা যায়। আচলতে পৰিচয় নামত নাথাকে । কামত হে থাকে। সন্তানৰ পৰিচয় পিতৃ মাতৃৰ নামেৰে পোৱা যায়। সেইয়া সন্তানৰ বাবে গৌৰৱৰ কথা। আৰু কেতিয়াবা মাক দেউতাকৰ পৰিচয় সন্তানৰ নামেৰে বা তেওঁ কৰা কৰ্মৰে পোৱা যায়। সেইয়া মাক দেউতাকৰ গৌৰৱৰ কথা। পৰিচয় কেৱল জন্মৰ প্ৰমাণ পত্ৰ আৰু নিজৰ নামত নাথাকে । আচলতে ভাল কামৰ দ্বাৰাহে পৰিচয় লাভ কৰিব পাৰে। সকলোৰে নিশ্চয় ভাল লাগে যেতিয়া ঘৰৰ মানুহৰ নাম ক’লে পৰিচয় পোৱা যায়। মানুহৰ হাজাৰ টা নাম একে থাকে। কিন্তু আমি জানো এজন ব্যক্তিৰ নামৰ দ্বাৰা তেখেতক চিনি পাওঁ? নিশ্চয় নাপাওঁ। মানুহ জনে কৰা কামৰ দ্বাৰা হে পাওঁ। আপুনি কৰা কামটো কিমান ডাঙৰ বা সৰু সেইয়া চাব নালাগে । আপোনাৰ কাম যদি ভাল তেন্তে পৰিচয়ো নিশ্চয় ভাল হ’ব। আনে দিয়া পৰিচয় নালাগে। আপুনি আপোনাক কেনেদৰে পৰিচয় দিয়ে সেইটো হে দৰকাৰ ।