পৰিচিতি সংঘাত – ৰশ্মি ৰেখা দুৱৰা

Pc Krea

অণুগল্প

পৰিচিতি সংঘাত

ৰশ্মি ৰেখা দুৱৰা

তেখেতৰ কথাতহে বেছি গুৰুত্ব।জ্যেষ্ঠ ব্যক্তি হ’ল বুলিয়ে একো ভুল হ’বই নোৱাৰে নেকি?মই কিশোৰ বাবে শুদ্ধ কথা ক’লেও জগৰ লাগে।

চুবুৰীয়াৰ লগত আলোচনাত বহিলেই কথাৰ কটাকটি।মোৰ কোনো মূল্যই নাই।মই কোন?মই কিয় জ্যেষ্ঠ লোকৰ ভুল হ’লে মাত মাতিব নোৱাৰোঁ।মোৰ অস্তিত্ব কি?বহু প্ৰশ্নই হিৰণ্যৰ মনত জুমুৰি দি থাকে।