পৰাপক্ষত লোক বাসনাৰ পৰা মুক্ত হৈ জীৱন পৰিচালিত কৰা উচিত – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Freepik

পৰাপক্ষত লোক বাসনাৰ পৰা মুক্ত হৈ জীৱন পৰিচালিত কৰা উচিত

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

এই সংসাৰখন বৰ বিচিত্ৰ। আৰু তাতোকৈ বৰ বিচিত্ৰ হ’ল মানুহ ৰূপী প্ৰাণী। কাৰণ আমি এই সংসাৰ খনত জন্ম গ্ৰহণ কৰাৰ পিছতে একো একোটা ৰাষ্ট্ৰ বা একো একোখন ৰাজ্য বা সমাজৰ বান্ধোনৰে বান্ধ খাই পৰিবলৈ বাধ্য হৈ পৰো । ইয়াৰ ফলত আমি সামাজিক গতিবিধিৰ লগত সামঞ্জস্য স্থাপন কৰি জীৱন নিৰ্বাহ কৰি আগুৱাই যাওঁ। কিয়নো এইটো প্ৰতিজন মানুহৰ বাবে এক স্বাভাৱিক প্ৰবৃত্তি। কিন্তু আমি যদি প্ৰকৃত অৰ্থত মানুহৰ তালিকাত অন্তৰ্ভূক্তি হ’বলৈ ইচ্ছা প্ৰকাশ কৰোঁ তেন্তে পৰাপক্ষত লোক বাসনাৰ পৰা মুক্ত হৈ জীৱন পৰিচালিত কৰা উচিত । এতিয়া কথা হ’ল এই সংসাৰত জন্ম গ্ৰহণ কৰি বাবা, পুৰোহিত,সন্ত সকলৰ দিশত আগুৱাই নোযোৱাকৈ এজন সাংসাৰিক মানুহ ৰূপে এই সংসাৰ খনৰ অগনন লোকৰ মাজৰ পৰা লোক বাসনাৰ পৰা মুক্ত হৈ জীৱন নিৰ্বাহ কৰাটো সম্ভৱপৰ হয়নে?

আচলতে লোক বাসনাৰ পৰা মুক্ত হোৱা বুলি ক’লে সাংসাৰিক মায়া মোহৰ পৰা মুক্ত হোৱাটো নুবুজাই।কিয়নো আমাৰ অতীতৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ত এনে বহু মানুহ আমাৰ মাজতে বিৰাজমান আছে যিসকল লোকে পৰাপক্ষত লোক বাসনাৰ পৰা মুক্ত হৈ জীৱন পৰিচালিত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে বা কৰি আহিছে।লোক বাসনাৰ মানে হ’ল, জগতক দেখাবলৈ নিজৰ প্ৰকৃত চৰিত্ৰত পৰা আতঁৰি আহি জগতক সন্তুষ্ট কৰিবলৈ গৈ নিজকে একো একোটা মুখাৰ মাজত আবদ্ধ কৰি লোৱা। অৰ্থাৎ আমি সচৰাচৰ যিমাবোৰ কাম কৰি থাকো তাতে আমি আনৰ নকল কৰা বা আনক সুখী কৰাৰ প্ৰতি অগ্ৰসৰ হওঁ।ইয়াৰ বিনিময়ত আমি আনৰ জৰিয়তে সন্মানিত বা আনৰ আগত সন্মানৰ প্ৰাত্ৰ হ’বলৈ মনে মনে ইচ্ছা প্ৰকাশ কৰোঁ। কিন্তু কেতিয়াবা ভাবি চাইছেনে জগতৰ সুখ প্ৰদান কৰিবলৈ গৈ আমি নিজস্বতা দিনক দিনে হেৰুৱায় পেলাইছো নহয়নে? সেয়েহে এতিয়াৰ পৰা আপুনি যি কৰ্ময়ে নকৰক কিয় ? কেৱল সদায় নিজকে সুখী কৰিবলৈ বা নিজে সুখত জীৱন পাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখক। কাৰণ আমি কোনো এজন মানুহে এই সংসাৰ খনৰ দুই, এজন ব্যক্তিৰ উপৰি অন্য কোনো ব্যক্তিকো প্ৰকৃত সুখ পদান কৰিব নোৱাৰোঁ। পৰাপক্ষত নিজে পাৰিলে আনক সহায় কৰা কোনো বেয়া কথা নহয়। কিন্তু আপুনি কৰা সহায়ৰ বিনিময়ত আনৰ পৰাওঁ সমানে সহায়ৰ হাত আগবঢ়ায় দিব বুলি লোক বাসনাবোৰ ত্যাগ কৰিবলৈ চেষ্টা কৰক। মই যদি এই কাম কৰো তেন্তে কেনে হ’ব,আনে কি কথা ক’ব, মানুহে মোক সচাই ভাল পাব নে,বেয়া বুলি ক’ব এইবোৰ চিন্তাধাৰায়ে আমাৰ জীৱনৰ উন্নতিৰ মাৰ্গত বহু ডাঙৰ হেঙাৰ স্বৰূপ। আৰু যেতিয়াই দেখিব আপুনি লোক বাসনাৰ পৰা মুক্ত হৈ সঠিকভাবে ,সঠিক কাম কৰি গৈছে তেন্তে অতি কম সময়ৰ ভিতৰতে আপুনি নিজৰ জীৱনৰ বাবে এক উচিত আৰু উচ্চ স্থান দখল কৰিবলৈ সক্ষম হ’ব। অৰ্থাৎ প্ৰতিজন মানুহৰ মনত এক সুকীয়া ঠাই দখলৰ চেষ্টাতকৈ প্ৰথমে নিজৰ মনত নিজৰ বাবে এক সুকীয়া ঠাই নিৰ্মাণ কৰক। ইয়াৰ বিনিময়ত অন্তত নিজে নিজেই আপুনি একোৱেই গম নোপোৱাকৈ এসময়ত গৈ গৈ বহুতৰ অন্তৰৰ বাবে এক সুকীয়া সন্মান ক্ষেত্ৰখন আয়ত্ত কৰিবলৈ সক্ষম হ’ব। সেয়েহে পুনৰ এবাৰ কৈছোঁ পৰাপক্ষত লোক বাসনাৰ পৰা মুক্ত হৈ কেৱল নিজৰ বাবে জীৱন নিৰ্বাহ কৰিবলৈ চেষ্টা কৰক।