পৰাপক্ষত বিপদৰ আগতে সতৰ্কতা অৱলম্বন কৰা উচিত
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আমি মানৱ সমাজৰ মাজত এটি অতি গুৰুত্বপূৰ্ণ ধৰণৰ সাদৃশ্য হল যে, আমি কেৱল ভবিষ্যতৰ চিন্তা কৰি কৰি বৰ্তমান সময়ৰ লগত সামঞ্জস্য স্থাপন কৰি জীৱন অতিবাহিত কৰি গৈ থাকো। এইটো অবশ্য কোনোধৰণৰ বেয়া পদক্ষেপ নহয়। তথাপিও আমি মানৱ জীৱনত কিছুমান এনেকুৱা ধৰণৰ পূৰ্বে পৰিকল্পিত সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে আনতকৈ দৃঢ়তাৰ সৈতে আমাৰ জীৱনত নামি অহা নানান ধৰণৰ সমস্যা সমূহৰ আগতীয়াকৈ সমাধান বা সতৰ্কতা অৱলম্বন কৰিব পাৰোঁ। আমাৰ মাজত কিছু কিছু ক্ষেত্ৰত যদি পূৰ্বে পৰিকল্পনা কৰাৰ ক্ষমতা আভিৰ্ভাব কৰিবলৈ সক্ষম হও তেন্তে ভবিষ্যতে গৈ জীৱন ধাৰণাৰ পথ অতি সুগম হৈ পৰে নহয়নে ? কিন্তু এনে দিশসমূহৰ বাবে বৰ্তমান সময়ত আমি কিমানজন মানুহ প্ৰস্তুত হৈ আছোঁ ? এসময়ত এজন ব্যক্তিয়ে নিজৰ সকলোবোৰ খাদ্য,শস্য চোৱাচিতা কৰাৰ আদি কৰি নিজৰ ঘৰত পোহ, পাল কৰা গৰু, ছাগলী,মুৰ্গী,কুকুৰ, মেকুৰীকে আদি কৰি ঘৰখনৰ বাহিৰে, ভিতৰে সমস্ত ৰূপত চোৱা চিতা কৰিবলৈ এজন মানুহৰ বিচাৰ কৰিবলৈ ধৰিলে । তেখেতে নানান মানুহক লগ পাই নানান ধৰনৰ প্ৰশ্ন কৰি কৰি ভাগৰি পৰিল তথাপিও কিন্তু নিজে বিচৰা ধৰণৰ মানুহক বিচাৰি নাপালে। এনেতে কিছুদিন যোৱাৰ পিছত এজন মানুহ তেওঁৰ ওচৰত নিজে আহি উপস্থিত হল । তেতিয়া মালিক জনে সেই কাম বিচাৰি অহা কৰ্মচাৰীক কিছুমান প্ৰশ্ন কৰিলে। কিন্তু সেই কৰ্মচাৰী জনে এটাই কথা কলে যে, বাকী সকলোবোৰ ঠিকে আছে কিন্তু যেতিয়া আমাৰ ইয়াত বতৰ বেয়া হবলৈ ধৰে তেতিয়া কিন্তু মই সদায় শুই থাকিম। আচলতে সেই মালিক জনৰ বাবে তেওঁ বসবাস কৰা ঠাইখনৰ তৎসনাত ভাবে হোৱা বতৰৰ পৰিৱৰ্তন বাবেহে এজন কৰ্মচাৰী নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু সেই কাম বিচাৰি অহা মানুহজনে কৈছে আকৌ বতৰ বেয়া হবলৈ ধৰিলেই মই শুই থাকিম বুলি। কথাবোৰ শুনি বৰ বিমোৰত পৰাৰ পাছতো মানুহজনে কিন্তু সেই কৰ্মচাৰীক কামত নিয়োগ কৰিলে। অৰ্থাৎ তেওঁ সেই মানুহজনৰ কথাবোৰ শুনি কি বা কৰে নকৰে চাবলৈ মনতে বহু কৌতূহল উদ্ভৱ হল। এনেকৈয়ে এদিন, দুদিন কৰি আগতকৈ বহু সুন্দৰভাবে মালিকৰ দিনবোৰ পাৰ হবলৈ ধৰিলে। আৰু কৰ্মচাৰীৰো সেই ঠাইত কাম কৰিবলৈ মন বহিবলৈ আৰম্ভ কৰিলে। কিন্তু এনেতে হঠাৎ এদিন সেই ঠাই অনুসৰি বিজুলী, বজ্ৰপাত, ঢ়েৰেকনি মাৰি আতি ভাঙৰকৈ বৰষুণ দিবলৈ আৰম্ভ কৰিলে। ঠিক তেতিয়াই মালিকৰ সকলোবোৰ সা-সম্পত্তি নষ্ট হোৱাৰ চিন্তাত মনতে বৰ ভয় সোমাই পৰিল আৰু লগতে কৰ্মচাৰীয়ে আগতীয়াকৈ কৈ থৈছিল যে, বতৰ বেয়া হব ধৰিলেই ময় কিন্তু শুই থাকিম। তেতিয়া সকলোবোৰ কথা ভাবি মানুহজনে সেই কৰ্মচাৰীক শুই থকা ঠাইৰ পৰা জগাবলৈ অনেক চেষ্টা কৰিলে কিন্তু কৰ্মচাৰী জনে একো এটা গম নোপোৱাকৈ মগ্ন টোপনিত গৈছে। মালিকে নিজে নিজে কৰ্মচাৰীক নানান গালি গালাজ কৰি নিজে যিমান খিনি বয় বস্তু সংৰক্ষণ কৰিবো পাৰোঁ সোনকালে কৰি লওঁ বুলি ওলাই যায় সকলোবোৰ ঠায় গৈ পৰিদৰ্শন কৰি দেখে যে, তেওঁৰ একো এটা বস্তুয়ো নষ্ট হোৱা নাই।কাৰণ সেই কৰ্মচাৰী জনে বতৰ বেয়া হোৱাৰ বহু আগতেই সকলোবোৰ সা-সামগ্ৰী একেবাৰে সুন্দৰকৈ নিজ নিজ ঠাইত ঠিকমতে মিলাই থৈছে। সেই তেতিয়াই মালিকজনে বুজিলে যে তেওঁ এজন উচিত মানুহকে কামত নিয়োগ কৰি থৈছে। এনেদৰে দুয়ো মানুহৰে জীৱন অতি সুকলমে পাৰ হবলৈ ধৰিলে। উপৰোক্ত আলোচনা জৰিয়তে এটা কথা স্পষ্ট হৈ পৰিল যে বতৰ যদি বেয়া হবলৈ আৰম্ভ কৰিছে তেন্তে তাৰ আগতেই হাতত ছাতি লৈয়ে বাহিৰলৈ ওলাই যোৱাৰ ব্যৱস্থা কৰক। অন্যথা বৰষুণৰ পানীৰ দ্বাৰা তিতি যোৱাটো একেবাৰে নিশ্চিত হৈ আছে। এইখিনিতে অন্তিমত এটা কথা স্পষ্ট ৰূপত উল্লেখ কৰিব বিচাৰোঁ যে ,আমাৰ মানৱ জীৱনত বিপদ নামি আহোতে বহু ক্ষেত্ৰতে আগজাননী নিদিয়াকৈ আহে তথাপিও আমাৰ জীৱনৰ বহুক্ষেত্ৰতে এনেকুৱা ধৰনৰ কিছু কিছু সমস্যা ওপৰত বৰ্তমান সময়ত লোৱা উচিত পদক্ষেপ জৰিয়তে ভবিষ্যতে গৈ এক সহজাত সমাধানৰ ৰূপ ৰেখা অংকন কৰি তুলিব পাৰি। সেয়েহে যিমান দূৰ পৰি পৰাপক্ষত বিপদৰ আগতে সতৰ্কতা অৱলম্বন কৰা উচিত।