পৰাধীন নাৰী
মানৱ বৰুৱা, কাঠকটিয়া,গোলাঘাট
ন্যায় লাগে…… ন্যায় লাগে……. ন্যায় লাগে বুলি কৈ কৈ এটা প্ৰতিবাদী দল নীহাৰিকা সন্মুখেদি পাৰ হৈ গ’ল। নীহাৰিকা হ’ল এগৰাকী কলেজীয়া ছোৱালী। প্ৰতিবাদী দলটো পাৰ হৈ যোৱাৰ পাছত নীহাৰিকা হুমুনিয়াহ কাৰী কয় যি খন দেশত নাৰীক লৈ ব্যৱসায় কৰে। এই দেশত থাকিবলৈ ভয় হে লগা হৈছে। প্ৰতিবাদী দলটোৱে ন্যায় বিছৰা কাৰণ টো হৈছে এগৰাকী কন্যাক ধৰ্ষণ কৰি ৰাস্তাত পেলাই থৈ গৈছে। এতিয়ালৈকে সেই পাষণ্ড কেইটা আৰক্ষীৰ হাতত পৰা নাই । ইয়াত আচলতে আৰক্ষীসকলৰ দুখ নাই। দুখ মাথো আইন খন চলাব পৰা ডাঙৰ ডাঙৰ ব্যক্তি সকল আৰু এই পাষণ্ড কেইটা নিচিনা চিন্তা ধৰা থকা লোকৰ বাবে নাৰী জাতিটোৰ বাবে ন্যায় বিছাৰী মাজ ৰাস্তাত প্ৰতিবাদ কৰিব লগাত পৰিছে।
স্বাধীন নাৰী, ক’ত আছে স্বাধীন গূধলীতে ৰাতি বাৰ বাজে, কিয় বেহাৰ পৰিচয় হয় দেহৰ সাজত?, কিয় সপোন বোৰ সিমিত, ধৰ্ষণ অত্যাচাৰ কৰিব তাৰ পাছত আকৌ মাজ ৰাস্তাত ন্যায় বিচাৰিব বৰ্তমানৰ লৈকে এয়াইতো হৈ আছে আমাৰ সমাজত! আছলতে আমাৰ দেশখনে স্বাধীন হ’ল থিকে কিন্তু নাৰী জাতিটো আজিও স্বাধীন হোৱা নাই।
আকাশৰ সমান বিশাল সাগৰৰ দৰে গভীৰ কল্পনাৰে শেষ কৰিব নোৱাৰা এটি শব্দ……”নাৰী “…. কিয় বুজি নাপায় নাযানো যি পৃথিৱীৰ গছ – লতা, বিশুদ্ধ বায়ু চৰাই-চিৰিকটি মাত ইত্যাদি উপভোগ কৰিবলৈ পাইছো এগৰাকী নাৰী বাবে যেনো হোৱা নাই।
জয়মতী ৰ দৰে সতি, বীৰংগনা দৰে বীৰ , দৈৱকী আৰু যশোদা ৰ মাতৃ , সিতাৰ দৰে পত্নী, এই মহান নাৰী কেইগৰাকী আমাৰ দেশৰে নহয় যানো ! 8 Aught কলকাতা, 11Aught বিহাৰ, উত্তৰ প্ৰদেশত তিনিটা কৈ ঘটনা, 12 Aught গুৱাহাটী ত বিগত এটা সপ্তাহত এনে বোৰ ধষর্ণ কাণ্ডৰ এক বিভিষিকা পৰিস্থিতি।
बेटी बचाओ बेटी पढ़ाओ স্বলৌ গান দিয়াতকৈ নাৰী জাতিটোক ন্যায় দিয়াটো হে দৰকাৰ। আপুনি মই মানুহ, মানুহ হ’ল জীৱ শ্ৰেষ্ঠ নামত শ্ৰেষ্ঠ হোৱাত কৈ কামত হলে হে দেশখনৰ উন্নতিৰ পথত আগ বাঢ়িৱ। আচলতে আপোনাৰ মোৰ ভূল ক’ত যানে আমি মানুহ হবলৈ শিকো মানৱ নহয়, আচলতে আমাৰ ভূল এইটোৱে- মানৱ হবলৈ শিকা , মানুহ, নহয়- কাৰণ মানুহ এক জীৱ কিন্তু মানৱ এক সম্পদ।