পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত ১০ জন জ্যেষ্ঠক সন্মান

পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত ১০ জন জ্যেষ্ঠক সন্মান

ৰঙিলী বাৰ্ত্তাসেৱা-  অগ্ৰণী প্ৰকাশন অনুষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ তৰফৰ পৰা ভিন ভিন ক্ষেত্ৰৰ ১০ (দহ) জন জ্যেষ্ঠ শিক্ষাবিদ, সাহিত্যিক, সংগঠক, সমাজকৰ্মীৰ গৃহে গৃহে গৈ সন্মান জ্ঞাপন কৰে । বহাগ মাহত অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ পহিলা মাহত জ্যেষ্ঠজনক সন্মান কৰিব লাগে বুলি সৰ্বত্ৰতে শুনা যায় । ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নেপালী সাহিত্য সভা, অসমৰ প্ৰাক্তন সভাপতি নৱ সাপকোটা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, বিশিষ্ট গীতিকাৰ তথা ‌সাহিত্যিক শচীন দাস, প্ৰবীণ সাহিত্যিক দুৰ্গাপ্ৰসাদ শৰ্মা, নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, সাহিত্যিক তথা সমাজকৰ্মী পদ্মৰাম নাথ, প্ৰাক্তন আৰক্ষী তথা লেখক ৰমেশ চন্দ্ৰ তালুকদাৰ, সংবাদ কৰ্মী নিত্যানন্দ শৰ্মা আৰু সমাজকৰ্মী মহেন্দ্ৰ দাসক সন্মান জ্ঞাপন কৰে । প্ৰকাশনৰ সচিব তথা সাংবাদিক, লেখক দীপক শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত মীনাক্ষী সিনহা, অৰূপ কুমাৰ শৰ্মা, এঞ্জেলিনা‌ দাস, ‌ স্বপ্না দেৱী প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে‌ অংশগ্ৰহণ কৰে ।