পৰকীয়া প্ৰেমৰ প্ৰভাৱ
প্ৰাণজিৎ মজুমদাৰ
বৰ্তমান সমগ্র বিশ্বতে পৰকীয়া প্ৰেমৰ প্ৰভাৱ দ্রুত গতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। পৰকীয়া প্ৰেমৰ প্ৰভাৱ সমগ্র বিশ্বতে বিয়পি পৰিছে। এই পৰকীয়া প্ৰেমৰ প্ৰভাৱ সমগ্র বিশ্বতে বিয়পি পৰাৰ লগে লগে বহুতৰ মনত বহুত প্ৰশ্নৰ উদয় হৈছে। বহুতে এতিয়া পৰকীয়া প্ৰেমৰ প্ৰভাৱ সমগ্র বিশ্বতে বিয়পি পৰাৰ ফলত কিছুমানে এতিয়া তেওঁলোকৰ যুগ্ম জীৱনৰ পাতনি মেলিবলৈ ও ভয় কৰিছে। বহুতৰ সুখৰ সংসাৰ শেষ কৰি পেলাইছে বহুতৰ জীৱন শেষ কৰি পেলাইছে এই পৰকীয়া প্ৰেমে। পৰকীয়া প্ৰেমৰ ফলত বহুত অবুজ শিশুই প্ৰাণ হেৰুৱাইছে পৰকীয়া প্ৰেমত অন্ধ হৈ তেওঁলোকে কি কৰিছে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে সেইবোৰ বিচাৰ নকৰে। আমি প্ৰায়ে শুনিবলৈ পাওঁ পৰকীয়া প্ৰেমৰ কাৰণে স্বামীয়ে স্ত্রীক হত্যা কৰা, স্ত্রীয়ে স্বামীক হত্যা কৰা মাতৃয়ে নিজৰ সন্তানক হত্যা কৰা, তেওঁলোকে পৰকীয়া প্ৰেমত ইমানেই পাগল হয় যে কেনোবাক হত্যা কৰিবলৈ ও তেওঁলোকৰ অলপমান ও হাত নকপে অলপমান ও ভয় নালাগে। আমাৰ অসমৰ লগতে সমগ্র বিশ্বতে যিদৰে পৰকীয়া প্ৰেমৰ প্ৰভাৱ দ্ৰুতভাৱে বিয়পি পৰিছে যদি এইক্ষেত্ৰত চৰকাৰে বা প্ৰশাসনে কোনো পদক্ষেপ গ্রহণ নকৰে তেতিয়া হলে এটা সময়ত এই পৰকীয়া প্ৰেমে ভয়ংকৰ ৰূপ ধাৰণ কৰিব। এই পৰকীয়া প্ৰেমৰ মূল কাৰণ হৈছে আমাৰ হাতত থকা স্মার্ট ফোন এই স্মার্ট ফোনৰ জৰিয়তে নানা ধৰণৰ অনলাইন প্লেটফৰ্মৰ জৰিয়তে বহুতৰ লগত চিনাকি তাৰ পিছত বন্ধুত্ব আৰু সেই বন্ধুত্ব পিছত প্ৰেমিক প্ৰেমিকাৰ ৰূপ লয়। পিছত এই প্ৰেমৰ মিলনৰ কাৰণে তেওঁলোকে তেওঁলোকৰ নিজৰ সুখৰ সংসাৰখন শেষ কৰি গুছি যায়।
