পৰকীয়া প্ৰেমিকৰ সৈতে মিলি মাতৃয়ে হত্যা কৰিলে ১০ বছৰীয়া পুত্ৰক
ৰঙিলী বাৰ্ত্তাসেৱা- মাতৃ দিৱসৰ দিনটোতে এটা নৃশংস ঘটনাৰ সাক্ষী হৈ ৰ’ল গুৱাহাটী মহানগৰী।এগৰাকী পাষাণ মাতৃৰ সন্মুখতে অবৈধ প্রেমিকে হত্যা কৰিলে এটি দহ বছৰীয়া শিশুক। ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাটো সংঘটিত হৈছিল বশিষ্ঠৰ ইন্দিৰা নগৰৰ শান্তি সাধনা সেৱাশ্ৰমৰ সমীপত। অৱশ্যে আজি দিনৰ ভাগতহে সম্পূর্ণ তথ্য পোহৰলৈ আহিল। মৃত ১০ বছৰীয়া শিশুটি নৱোদয় জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ মৃণ্ময় বর্মন। শনিবাৰে বিয়লিৰ পৰা ৰহস্যজনকভাৱে জয়ানগৰৰ পৰা সন্ধানহীন হৈ আছিল মৃণ্ময় বর্মন। এই সন্দৰ্ভত শনিবাৰে শিশুটিৰ মাতৃ দীপালী ৰাজবংশীয়ে দিছপুৰ থানাত সন্ধানহীন সন্দর্ভত এটা অভিযোগো দাখিল কৰিছিল। কিন্তু দেওবাৰে ৰহস্যজনকভাৱে এটা ট্রলী বেগৰ ভিতৰত মৃত অৱস্থাত শিশুটি উদ্ধাৰ হোৱাৰ পাছতে চৌদিশে হাহাকাৰৰ সৃষ্টি হয়। আৰক্ষী সূত্ৰই সদৰী কৰা মতে, দেওবাৰে দিনৰ ভাগত আৱৰ্জনা বিচাৰি ফুৰা একাংশ লোকে বশিষ্ঠৰ ইন্দিৰা নগৰৰ সমীপৰ শান্তি সাধনা সেৱাশ্ৰমৰ কাষৰ এক পৰিত্যক্ত স্থানত দুয়োখন ভৰি ওলাই থকা অৱস্থাত এটা ট্রলী প্রত্যক্ষ কৰি স্থানীয় লোকক অৱগত কৰে। তাৰ পিছতে স্থানীয় লোকে ঘটনা সন্দর্ভত বশিষ্ঠ থানাক অৱগত কৰাত আৰক্ষীয়ে লগে লগে ঘটনাস্থলীলৈ আহি বেগটোৰ পৰা মৃত অৱস্থাত শিশুটিক উদ্ধাৰ কৰে। জানিব পৰা মতে, মাতৃ দীপালী ৰাজবংশীৰ সৈতে জয়ানগৰৰ এটা ভাৰাঘৰত দীৰ্ঘদিন ধৰি আছিল শিশু মৃণ্ময় বৰ্মন। শিশুটিৰ পিতৃ ৰাজীৱ বৰ্মন আৰু মাতৃ দীপালী ৰাজবংশীৰ বিগত কিছুদিন ধৰি চলি থকা তিক্ত সম্পৰ্কৰ বাবে মাতৃয়ে শিশুটিক লৈ অকলশৰে ভাৰাঘৰটোত আছিল। এই সম্পর্ক বিবাহ বিচ্ছেদৰ পৰ্যায়লৈকে যোৱা বুলি জানিব পৰা গৈছে। স্বামীৰ পৰা দূৰত থকা সময়তে দীপালী ৰাজবংশীৰ জীৱনলৈ আগমন ঘটে ভেটাপাৰাৰ জিতুমণি ওৰফে জ্যোতির্ময় হালৈ নামৰ যুৱকজনৰ। বেলতলাৰ কেন্দ্ৰীয় মহাগাণনিকৰ কাৰ্যালয়ত কৰ্মৰত জিতুমণি হালৈৰ সৈতে পৰৱৰ্তী সময়ত দীপালী ৰাজবংশীৰ অবৈধ সম্পর্ক গঢ় লৈ উঠে। অভিযোগ মতে, উক্ত অবৈধ সম্পৰ্কৰ বাবেই নিৰীহ শিশুটি বলি হ’বলগীয়া হ’ল। কিয়নো পৰকীয়া প্ৰেমৰ মাদকতাই উন্মাদ কৰি তোলা দীপালী ৰাজবংশীৰ বাবে পুত্র মৃণ্ময় বৰ্মন একপ্ৰকাৰ বাধাৰ সৃষ্টি হৈ পৰিছিল। যাৰ বাবে হয়তো দীপালী ৰাজবংশীয়ে অবৈধ প্রেমিক জিতুমণি হালৈৰ সৈতে লগ লাগি মৃণ্ময় বৰ্মনক নিজৰ জীৱনৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা চলোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। আৰক্ষী সূত্ৰটোৱে সদৰী কৰা মতে, আনদিনাৰ দৰে শনিবাৰে বিয়লি বিদ্যালয় ছুটী হোৱাৰ পাছতে মৃণ্ময় বর্মনে টিউচনলৈ গৈছিল। তাৰ পৰা মাতৃ দীপালী ৰাজবংশী আৰু জিতুমণি হালৈয়ে মৃণ্ময় বৰ্মনক ফুৰাবলৈ নিম বুলি মটৰচাইকেলত উঠাই লৈ গৈছিল। মাতৃ-পুত্ৰৰ লগতে জিতুমণি হালৈয়ে লগত নিছিল এটা বৃহৎ ট্রলী বেগ। উল্লেখ্য যে শনিবাৰে সন্ধিয়া প্রায় ৬ বজাৰ পৰা মহানগৰীৰ বিভিন্ন প্ৰান্তত গাজনি-ঢেৰেকনিৰে বৰষুণ অহাৰ লগতে তীব্রবেগে ধুমুহা-বতাহো বলিছিল। সেই সময়ছোৱাত মৃণ্ময়ক লগত লৈ দীপালী আৰু জিতুমণিয়ে মটৰচাইকেলেৰে বশিষ্ঠৰ উক্ত নির্জন স্থানলৈ গৈছিল। তাতেই প্রায় ৭ বজাৰ পৰা ৭.৩০ বজাৰ ভিতৰত প্ৰথমতে ডিঙি মুচৰি জিতুমণি হালৈয়ে কণমানি মৃণ্ময় বর্মনক হত্যা কৰে। দুখলগা বিষয়টো এয়ে যে কণমানিটোক হত্যা কৰাৰ সময়ত পাষাণ মাতৃ দীপালী ৰাজবংশীয়েও কাষতে থিয় হৈ আছিল। হত্যাৰ পাছত শিশুটিক লগত নিয়া ট্রলী বেগটোত ভৰাই নির্জন স্থানত বেগটো এৰি দুয়ো হত্যাকাৰীয়ে তাৰ পৰা পলায়ন কৰে। হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সময়ত বিদ্যালয়ৰ পোছাকত থকা মৃণ্ময়ৰ স্কুল বেগটোও পৰিত্যক্ত স্থানডোখৰত কিছু ভিতৰলৈ দলিয়াই পেলায় হত্যাকাৰী জিতুমণি হালৈ আৰু দীপালী ৰাজবংশীয়ে। পূব আৰক্ষী জিলাৰ ডিচিপি মৃণাল ডেকাই সদৰী কৰা মতে, হত্যাকাৰী জিতুমণি ওৰফে জ্যোতিৰ্ময় হালৈয়ে নিজে মৃতদেহ পেলাই থোৱা স্থানডোখৰ চিনাক্ত কৰাৰ লগতে কিদৰে শিশুটিক হত্যা কৰিছিল সেয়াও আৰক্ষীৰ আগত স্বীকাৰ কৰে। শনিবাৰে নিশা নিজৰ মটৰচাইকেলত শিশুটিক উক্ত স্থানলৈ অনা বুলি স্বীকাৰ কৰা হত্যাকাৰী জিতুমণিয়ে হত্যাকাণ্ডটো সংঘটিত কৰাৰ সময়ত মাতৃ দীপালী ৰাজবংশীও লগত থকা বুলি আৰক্ষীক অৱগত কৰে। হত্যাকাৰীৰ এই স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে সকলো তদন্ত আগবঢ়াই নিছে বুলি তেওঁ লগতে কয়। মূলতঃ পৰকীয়া প্রেমেই এই হত্যাকাণ্ডৰ আচল কাৰণ যদিও শিশুটিক কি কাৰণে হত্যা কৰা হ’ল, সেই সন্দৰ্ভত এতিয়াও বহু তথ্য পোহৰলৈ আহিবলৈ বাকী আছে বুলি ডিচিপি মৃণাল ডেকাই সদৰী কৰিছে। লক্ষণীয় যে এটি নিষ্পাপ শিশুক অতি নৃশংসভাবে হত্যা কৰাৰ পাছতো তিলমাত্রও হত্যাকাৰী জিতুমণি হালৈৰ মুখত নাছিল কোনো অনুতাপৰ চিহ্ন। ঠিক একেদৰে মাতৃ দীপালী ৰাজবংশীৰো কোনোধৰণৰ অনুতপ্ত হোৱাৰ চিন নাই। গতিকে পূর্ব পৰিকল্পিতভাৱে কণমানি মৃণ্ময় বর্মনক যে হত্যা কৰা হৈছে, সেয়া আৰক্ষীৰ সন্মুখত স্পষ্ট হৈ পৰিছে। জানিব পৰা মতে, জয়ানগৰৰ এটা ব্যক্তিগত প্রতিষ্ঠানত কৰ্মৰত হৈ আছে দীপালী ৰাজবংশী। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। হত্যাকাৰী জিতুমণি ওৰফে জ্যোতির্ময় হালৈ আৰু দীপালী ৰাজবংশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। অসমর্থিত সূত্ৰই সদৰী কৰা মতে, হত্যাকাৰী জিতুমণি ওৰফে জ্যোতির্ময় হালৈৰ বিৰুদ্ধে পূর্বতেও আছে প্রাক্তন প্রেয়সীক হত্যা কৰাৰ আন এক গোচৰ। আৰক্ষীয়ে সেই দিশতো তদন্ত অব্যাহত ৰাখিছে।