প্ৰৱীণ শিক্ষাবিদ – কমিউনিষ্ট নেতা চেনীৰাম বৰগোঁহাইৰ ৮৪ সংখ্যক ওপজা দিনত অভিনন্দন অনুষ্ঠান :” সমতাৰ সৈনিক চেনীৰাম বৰগোঁহাই ” শীৰ্ষক গ্ৰন্থ উন্মোচন

প্ৰৱীণ শিক্ষাবিদ – কমিউনিষ্ট নেতা চেনীৰাম বৰগোঁহাইৰ ৮৪ সংখ্যক ওপজা দিনত অভিনন্দন অনুষ্ঠান :” সমতাৰ সৈনিক চেনীৰাম বৰগোঁহাই ” শীৰ্ষক গ্ৰন্থ উন্মোচন

যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰাৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ,সুসংগঠক, কমিউনিষ্ট নেতা কমৰেড চেনীৰাম বৰগোহাঁই দেৱৰ ৮৪ সংখ্যক ওপজা দিনটোত নামতি চাৰিআলি ছোৱালী হাই স্কুলৰ সভাগৃহত নামতি জেষ্ঠ নাগৰিক সন্থা, নামতি চাৰিআলি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, চি পি আই আঠখেল আঞ্চলিক আৰু অমৰজ্যোতি ক্লাৱৰ উদ্যোগত ১৮ ছেপ্টেম্বৰত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চফিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত আৰু শ্বহীদ পিয়লী ফুকন মহাবিদ্যালয়ৰ অধ্যাপক ৰঞ্জন ফুকনে উদ্বোধন কৰা মুকলি সভাত “ সমতাৰ সৈনিক চেনীৰাম বৰগোহাঁই” নামেৰে ৪২ জন লেখকে লিখা এখনি অভিনন্দন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত অধ্যক্ষ কমিউনিষ্ট নেতা কমৰেড অতুল গগৈয়ে ৷ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি চেনীৰাম বৰগোহাঁইৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ টংকেশ্বৰ বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপক, বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোঁহাই, চি পি আইৰ ৰাজ্যিক নিয়ন্ত্ৰণ আয়োগৰ অধ্যক্ষ কমৰেড ধৰ্ম বৰুৱাকে ধৰি ভালেকেইজন অতিথিয়ে গোহাঁই দেৱৰ গুণানুকীৰ্তন কৰি বক্তব্য ৰাখে ৷ প্ৰায় বিশটাতকৈ অধিক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু অৰ্দ্ধ শতাধিক ব্যক্তিয়ে বৰগোহাঁই দেৱক ওপজা দিনৰ ওলগ আৰু অভিনন্দন জনায় ৷ চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈ, জিলা সম্পাদক মণি বুঢ়াগোহাঁই, নাজিৰা মহকুমা সহকাৰী সম্পাদক মহেন্দ্ৰ বৰগোহাঁই, আঠখেল আঞ্চলিকৰ সম্পাদক জয়ৰাম কোঁৱৰে পাৰ্টিৰ হৈ সম্বৰ্দ্ধনা ও অভিনন্দন জ্ঞাপন কৰে ৷ নামতি চাৰিআলিৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰৰ হৈ প্ৰধান শিক্ষকদ্বয় নৱজিৎ গগৈ আৰু মুনিন মহন্তই সম্বৰ্দ্ধনা ও অভিনন্দন জ্ঞাপন কৰে, জেষ্ঠ নাগৰিক সন্থাৰ হৈ বাণী গগৈ, থানেশ্বৰ গগৈ নাথুৰাম দত্ত, সমাজকৰ্মী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পুলিন খনিকৰ অমৰ জ্যোতি ক্লাৱৰ হৈ অপূৰ্ব চেতিয়া আৰু মিণ্টু দুৱৰা, অমৰ মিলন গ্ৰাম্য সমাজ, নামতি চাৰিআলি যুৱ সমাজ, নামতি চাৰিআলি মেট্ৰ’ ক্লাৱ, বৰফুকন গাওঁ পঞ্চায়তৰ হৈ সভানেত্ৰী মিনু গগৈ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যা জ্যোতিকা গগৈ, নামতি চাৰিআলি জাতীয় বিদ্যা নিকেটনৰ হৈ অধ্যক্ষ নৃপেন নেওগ , নামতি চাৰিআলি আগৰ ব্যৱসায়ী সন্থাকে ধৰি বহুকেইটা সংগঠনৰ লগতে বহু ব্যক্তি বিশেষে সম্বৰ্দ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে ৷