প্ৰেৰণা – এছ ইছলাম

প্ৰেৰণা
              এছ ইছলাম, শিক্ষক, বৰপেটা
তুমি আহিছিলা বাবেই
সপোনৰ ঘোঁৰাত উঠি
যোদ্ধা হ’বৰ মন গৈছিল,
তুমি আহিছিলা বাবেই
নিচাৰ সাম্ৰাজ্য এৰি আহিছিলোঁ
সুস্থিৰ সমাজলৈ শিষ্টাচাৰী হ’বলৈ।
তোমাক ভাল নাপাওঁ বুলি ক’বৰ দিনা
ক’ত লুকাইছিলা তুমি ?
তুমি বিহীন মোৰ নৈঃশব্দতাৰ শ্মশানত
জ্বলি আছে মোৰ চিতাত
বিষাদৰ জুই!
মোৰ শৰীৰত নিঃশেষ হৈ গৈ আছে
তুমি আহিবা মোৰ চিতাভশ্মত
আকৌ প্ৰেৰণা হৈ
ন’হলে উৰুৱাই নিব ধুলিৰ ধুমুহাই
তুমি আহিবানে প্ৰেৰণা ?
error: Content is protected !!