প্ৰেৰণাৰ নিৰ্মলপ্ৰভা বাইদেউ
ইভা গন্ধীয়া ফুকন
সমাজৰ পুৰণি কলীয়া ৰীতি- নীতিৰ কবলত পৰি
শৈশৱতে বৈধব্যৰ সাজ পিন্ধি
পিতৃ গৃহত জীৱন সংগ্ৰাম আৰম্ভি
সাহিত্যৰ পথাৰৰ সোণালী শিখা হৈ জিলিকিলা
নিজৰ অধ্যবসায় একাগ্ৰতাৰে
নাৰী যে নহয় অবলা তাৰ প্ৰমাণ ৰাখিলা
গীত মাত কবিতাৰে
চহা জীৱনৰ প্ৰতিচ্ছবিৰে
জীৱনৰ কৰুণ গাথা দিলা আঁকি
চিৰ যুগমীয়া কৰি
জীৱনৰ কাঁইটীয়া বাট
অধ্যয়ন আৰু কঠোৰ সংগ্ৰামে জয় কৰি
সৰস্বতী উপাধিৰে বিভূষিতা
নীলা বাইদেউ হৈ শিশুৰ মনত ল’লা ঠাই
ৰাষ্ট্ৰপতি পুৰস্কাৰ আনিলা আঁজুৰি
সাহিত্য অকাডেমি বঁটাৰে অলংকৃতা
তুমিয়েই নিৰ্মলপ্ৰভা
নিৰ্মল যাৰ হৃদয়
নিগৰি ওলায় শব্দৰ নিজৰা
সেই নিজৰাত উটি ভাঁহি যায়
হৰ্ষ -বিষাদ ,নিঃসংগতা
জিলিকে চহা জীৱনৰ ৰূপৰেখা
ঘাট – প্ৰতিঘাত , মৃত্যু চেতনা আওকাণ কৰি
জীৱনৰ সাৰমৰ্ম উপলব্ধিৰে
গাঁঠিলা জীৱন জীৱনৰ অনুপম মালা জীৱন জীৱনৰ অনুপম মালা
তেজুদীপ্ত বক্তৃতাৰে জগত সভাত পাণ্ডিত্যৰ পৰিচয় দিলা
সন্ধিয়াৰ আকাশৰ বগলীজাকত
আইৰ ঘৰৰ স্মৃতি ৰাখি
পথাৰত পিতাই আৰু
গামোচাৰ ভাঁজত আইক বিচৰা
তুমিয়েই মহীয়সী নাৰী নিৰ্মলপ্ৰভা
আধুনিকতাৰ গৰাহত অস্তিত্বৰ সংকটত
সন্তানক ক’ত থৈ যোৱাৰ চিন্তা
হলাহল বিহ কলমেৰে নিগৰাই
অমৃতৰ সন্ধান দিলা
বতাহে কোবোৱা আগলি কলপাতত
জীৱনৰ বাট হেৰুৱালেও
নিজৰ স্থিতিত অটুট থাকি
দি গ’লা চিৰসেউজ গীত
তোমাৰ জন্মদিনত “প্ৰেৰণাৰ দিৱস” পাতি
সোৱৰো তোমাক হে মহীয়সী নাৰী
উজ্বলি থাকা সদা হৈ প্ৰেৰণাৰ প্ৰতীক।