প্ৰেম
ভাস্কৰ প্ৰিয়ম হাজৰিকা,
কৰচুং সত্ৰ,নগাঁও
আমি কেতিয়াবা প্ৰেমৰ বাবে নিজকে হেৰাই দিওঁ। আৱেগৰ আঁচলত বন্দী হৈ, নিজৰ অস্তিত্বটো পাহৰি যাওঁ কিন্তু জীৱনত এটা কথা সদায় মনত ৰাখিব আপুনি কেনেদৰে সুখী, কাৰ কাষত আপুনি নিজৰ সত্য সত্বাটোক আৱিষ্কাৰ কৰিব পাৰিছে, সেইটোয়েই প্ৰকৃত মূল্যবান।
প্ৰেমৰ মাজতো আপুনি কেৱল এটা ছাঁ নহয়, আপুনি সমগ্ৰ ব্যক্তি, এক অন্তৰ্নিহিত সৌন্দৰ্যৰে পূৰ্ণ সত্তা।
আনক ভালপোৱাৰ আগতে চাওঁক। তেওঁ আপোনাক কেনেদৰে গ্ৰহণ কৰিছে? তেওঁ আপোনাক প্ৰাধান্য দিয়ে নে? তেওঁ আপোনাক দেউতাৰ ৰাজকুমাৰীৰ দৰে মান্যতা দিয়ে নে? য’ত আপোনাৰ অস্তিত্ব বা সন্মানটোৱেই নাই তাত থকাটো উচিত নহয়। কিমান দিন থাকিব কান্দি কান্দি।
আমিবোৰে প্ৰেমক প্ৰায়েই উজুকৈ বিশ্বাস কৰি লওঁ, মিছা প্ৰেমৰ নামত নিজকে নিঃশেষ কৰিও পেলাওঁ কিন্তু মনত ৰাখিব ভালপোৱা জীৱনৰ এটা অংশ, জীৱন নহয়। নিজক বলি নিদিব, য’ত আপোনাৰ মৰম নাই, সন্মান নাই, আৰু সময় দিবলৈও আগ্ৰহী নহয় তেওঁক আঁকোৱালি ধৰি থকাটো প্ৰেম নহয়, এটা একপাক্ষিক পাগলামীহে।
সঁচা প্ৰেমিক সেইজনেই যিয়ে আপোনাৰ মুকলি হাঁহিৰে প্রেম অনুভৱ কৰে, আপোনাৰ দুখত সাহস, আপোনাৰ মনত মৰমৰ পোহৰে আপোনাক জিলিকাই তোলে। তেওঁ আপোনাক হৃদয়ৰ থাপনাত ৰাখে। তেতিয়া আপুনি তেওঁ কাষত কেতিয়াও কান্দিব লগা নহয়।
সময়ৰ মাজেৰে ভালপোৱা হেৰাই যাব পাৰে, মানুহবোৰ আঁতৰি যাব পাৰে কিন্তু আপোনাৰ অস্তিত্ব, আপোনাৰ মৰ্যাদা, সেইবোৰক আগত ৰাখি, ভৱিষ্যৎ জীৱনৰ বাবে সিদ্ধান্ত ল’ব লাগিব।
এতিয়া সম্পৰ্কটো কাজিয়া কৰি চলি যাব কিন্তু বিয়াৰ পিছত কি কৰিব? অত্যাচাৰ সন্মুখীন হৈ কান্দি কান্দি মৰি গলেও আপোনাৰ কাষত কোনো নাথাকে আনকি মাক-দেউতাকও।
কথাবোৰ আৱেগেৰে নহয় , বিবেকেৰে ভাৱক আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰক।