প্ৰেম নে ব্যৱসায়
-শৈলেন কুমাৰ, মিৰ্জা
আমি প্ৰেমৰ ধৰণ কেতিয়াও নেজানিলো,আমি বেপাৰৰ ধৰণহে জানিলোঁ- “ তুমি মোৰ কাৰণে এইটো কৰা,মই তোমাৰ বাবে সেইটো কৰিম ” ৷ তাৰবাবে আমি অপেক্ষাত জীয়াই থাকো ৷প্ৰত্যেক বস্তুৰ প্ৰতি আমাৰ অপেক্ষা ৷ আমি নিজে নিজকলৈও অপেক্ষিত,আমি সাধাৰণতে নিজকে তাচ্ছিল্য কৰা দেখা যায় যেতিয়া আমাৰ অপেক্ষা বোৰ পূৰণ নহয়,ইয়াৰ কাৰণ হ’ল আমি নিজেও নিজক প্ৰেম নকৰোঁ ৷আমি কেতিয়াও নকওঁ যে আমি যেনেকৈ আছোঁ তেনেকৈয়ে ভালে আছোঁ ৷ আমি কওঁ “ যেতিয়া মই কিবা এটা হৈ যাম,তেতিয়া মই নিজকে স্বীকাৰ কৰিম,বৰ্তমানত মই তুচ্ছ ৷ বৰ্তমানত মোৰ তেনেকুৱা একো নাই যাক প্ৰেম কৰিব পাৰি ৷ আৰু এইবোৰ কথা আমাক সাধাৰণতে কোৱা হয় ৷তোমাৰ অস্তিত্ব কি? প্ৰথমতে ডাক্তৰ, ইঞ্জিনীয়াৰ হোৱা তাৰপাছত হে জীৱন জীয়াই থকাৰ বাবে উপযুক্ত হব ৷ এতিয়া তুমি কৰ্মহীন,ব্যৰ্থ তোমাৰ জীৱন,এতিয়া তুমি লক্ষ্যৰ পিছত দৌৰা আৰু কিবা এটা জীৱন হোৱা (অপেক্ষা ) ৷ গতিকে এইবোৰ সকলো নকল প্ৰেম,যিবোৰক আমি প্ৰেমৰ নাম দি দিছোঁ,সেইবোৰ সকলো নকল প্ৰেম ৷ আৰু যেতিয়া এই নকল প্ৰেম হয়,তেতিয়া ঘৃণা বেছি দুৰত নাথাকে,ওচৰতে থাকে,সেইকাৰণে অতিশীঘ্ৰে ঘৃণা উপজে ৷ বহুক্ষেত্ৰত দেখিবলৈ পোৱা যায়,গিৰিয়েক ঘৈণীয়েকৰ মাজত অতিপাত সংঘাতৰ দৃশ্য ৷ আৰু যদি সংঘাত আৰু সংঘৰ্ষ নহয় তেওঁলোকৰ সংসাৰে আগ নাবাঢ়ে ৷ সেই প্ৰেমত ঘৃণা অন্তঃমিশ্ৰিত হৈ থাকে,যেনেকৈ গাখীৰ আৰু পানী মিলিজুলি থাকে,কবলৈ কঠিন প্ৰেম ক’ত আৰু ঘৃণা ক’ত ? দেখিবলৈ পোৱা যায়,পত্নীয়ে যদি আনৰ ফালে দৃষ্টি দিয়ে তেতিয়া গিৰিয়েকৰ কি অৱস্থা হয় ৷ আৰু পত্নীয়ে যদি গম পাই, গিৰিয়েক আনৰ লগত ঘূৰিফুৰি আছে,তেতিয়া কি অৱস্থা হয় ? প্ৰেম হঠাৎ ঘৃণাত পৰিৱৰ্তন হৈ যায় ৷ এইবোৰ কেনেকুৱা প্ৰেম ? তেতিয়া হলে আমি প্ৰেমৰ নামত সকলো আৱৰ্জনা একত্ৰিত কৰি ৰাখিছোঁ,যাক আমি নাম দিছোঁ “ প্ৰেম ” ৷ প্ৰেমে ডেউকা দিয়ে হেপাহ পলুৱাই উৰিবলৈ,সঁজা নিদিয়ে আৱদ্ধ কৰি ৰাখিবলৈ ৷