প্ৰেম এক সৰগীয় অনুভূতি – ৰশ্মি ৰেখা দুৱৰা

Pc Vecteezy

প্ৰেম এক সৰগীয় অনুভূতি

ৰশ্মি ৰেখা দুৱৰা

সঁচা অন্তৰত থিতাপি লোৱা
অকৃত্ৰিম নিভাঁজ ভালপোৱা
তাত মৰমৰ কোনো মূল্যায়ন নহয়
মৰমৰ এনাজৰীডাল
মাথোঁ গভীৰতালৈ বৈ থাকে।

প্ৰেম এক সৰগীয় অনুভূতি
ভাৱৰ আদান-প্ৰদান নহ’লেও
কিছু কথা বিশ্বাসেৰে অনুভৱ কৰিব পাৰি,
নীৰৱতাত কোনো ভাষাৰ প্ৰয়োজন নহয়
মাথোঁ দুখন সঁচা হৃদয়ৰ প্ৰয়োজন।

যিজনে প্ৰতিটো বিপদত সাহস হৈ থিয় দিয়ে
বিপথে পৰিচালিত হৈছা বুলি গা এৰা নিদি
যৎপৰোনাস্তি চেষ্টা কৰে
সৎ পথলৈ ঘূৰাই অনাৰ,

প্ৰেম কৰা নাযায়
আপোনা আপুনি প্ৰেমৰ ভাৱ জাগ্ৰত হয়,
এখন সঁচা হৃদয়ে আন এখন সঁচা হৃদয়ক
মৰমেৰে আঁকোৱালি লয়।