প্ৰেম আৰু ত্যাগৰ উৎসৱ ভেলেণ্টাইন দিৱস – শৈলেন কুমাৰ

PC Hola

প্ৰেম আৰু ত্যাগৰ উৎসৱ ভেলেণ্টাইন দিৱস 

শৈলেন কুমাৰ, মিৰ্জা

চেইন্ট ভেলেণ্টাইনৰ মৃত্যুৰ দিনটোক ভেলেণ্টাইন দিৱস হিচাপে সমগ্ৰ বিশ্বই পালন কৰে ৷ চেইন্ট ভেলেণ্টাইন ৰোমৰ এজন ধৰ্মীয় পুৰোহিত আছিল, ইতিহাসৰ তথ্য অনুসৰি ৰোমত সেইসময়ত ক্ৰুৰ আৰু নিৰ্দয়ী ৰজা ক্লোডিয়াছৰ শাসন আছিল ৷ আৰু সেই ক্ৰুৰ ৰজা জনে দেশত দম্পতী সকলে বিবাহ আৰু প্ৰেম কৰিব নোৱাৰিব বুলি নিয়ম বান্ধি দিছিল ৷ ৰজাৰ এনে নিয়মৰ বাবে দেশৰ যুৱক যুৱতী সকল অশান্তি আৰু অসন্তুষ্টিত দিন পাৰ কৰিছিল ৷ ৰজাৰ এই ক্ৰুৰ নিয়মৰ বিৰোধিতা কৰি ৰোমৰ পুৰোহিত চেইন্ট ভেলেণ্টাইনে গোপনীয়কৈ যুৱকযুৱতী সকলক প্ৰেম তথা বিবাহ কাৰ্য্যত সহায় সহযোগিতা কৰিছিল ৷ পাছত যেতিয়া এই কথা ৰজাৰ কানত পৰিল তেতিয়া ৰজাই চেইন্ট ভেলেণ্টাইনক মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে ৷ চেইন্ট ভেলেণ্টাইনক যিদিনা মৃত্যুদণ্ড দিয়া হৈছিল সেইদিনা আছিল ১৪ ফেব্ৰুৱাৰী যাৰবাবে সমগ্ৰ বিশ্বই এইদিনটো প্ৰেম আৰু ত্যাগৰ প্ৰতীক ভেলেণ্টাইন দিৱস হিচাপে উদযাপন কৰে ৷ কিন্তু বৰ্তমান সমাজত ভেলেণ্টাইন দিৱসটোৰ এক বিকৃত আৰু বিপৰীত ছবি দেখিবলৈ পোৱা যায় ৷আজিকালিৰ প্ৰেমিক প্ৰেমিকা সকলে “ভেলেণ্টাইন ডে ” প্ৰেম ভালপোৱা আৰু উপহাৰৰ আদানপ্ৰদান কৰা দিৱস হিচাপে পালন কৰে,সপ্তাহটো আৰম্ভণিৰ পৰা “ভেলেণ্টাইন ডে ” উদযাপন কৰাত উঠিপৰি লাগে ৷ কিন্তু পুৰোহিত চেইন্ট ভেলেণ্টাইনে প্ৰেম আৰু ত্যাগৰ অন্য এক নিদৰ্শন দেখুৱাইছিল,যিটো আজিকালিৰ “ভেলেণ্টাইন ডে ” ৰ লগত কোনো মিল নাই ৷ চেইন্ট ভেলেণ্টাইনে নিজৰ জীৱন ত্যাগ কৰিছিল মানৱ সমাজক ভালপোৱা শিকোৱাৰ বাবে,বিৰোধিতা কৰিবলৈ শিকাইছিল অত্যাচাৰ অপশাসনৰ বিৰুদ্ধে ৷ চেইন্ট ভেলেণ্টাইনৰ প্ৰেমৰ অৰ্থ আছিল বোধ আৰু আত্মচেতনা ৷ কিন্তু বৰ্তমান সময়ছোৱাত প্ৰেমৰ অৰ্থ উপহাৰ,দৈহিক কামনা,স্বাৰ্থবাদী বেহা ইত্যাদি ৷ বৰ্তমানত প্ৰেমৰ আবেগ অনুভূতি অৰ্থক অনৰ্থক কৰি অন্য এক ৰূপ দিয়াত আজিৰ সমাজ ব্যস্ত ৷ প্ৰেমৰ নামত আজিকালিৰ যুৱপ্ৰজন্মৰ মাজত দৈহিক কামনাৰ উত্তেজনাহে পৰিলক্ষিত হয় ৷ প্ৰেম আত্মিক,প্ৰেম কেতিয়াও প্ৰাকৃতিক হব নোৱাৰে,যাৰ অৰ্থ ৰোমৰ পুৰোহিত চেইন্ট ভেলেণ্টাইনে নিজৰ জীৱন বলিদান দি সমগ্ৰ বিশ্বৰ আগত উপস্থাপন কৰিছিল ৷ আনৰ প্ৰতি উদাৰতা,দয়া,মৰম আৰু জনকল্যাণ হৈছে প্ৰেম ৷ প্ৰেম কোনো এলাপেছা বজাৰত কিনিবলৈ পোৱা বস্তু নহয়,প্ৰেম শিকিব লাগিব তাৰপাছত বিলাব পৰা যায় ৷