প্ৰেম : আসুৰিক সমাজৰ তিক্ত অনুভৱ
শতাব্দী শৰ্মা ,আমোলাপট্ৰী, নগাঁও
প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেমে পৃথিৱীৰ সৰ্ব্বোচ্চ সীমাত অৱস্থান কৰে। আজিৰ প্ৰজন্মৰ যুৱক – যুৱতীসকলে প্ৰেমৰ দিৱস পালন কৰে। কিন্তু অতীতত এনে কোনো দিৱসৰ কথা নাছিল। তেতিয়াৰ প্ৰেমত ইমানেই মাহাত্ম্য আছিল যে পুৰণি দিনৰ প্ৰেম কাহিনীয়ে মানুহৰ মন আজিও আকৰ্ষণ কৰে। এইবোৰ আৰ্হি আৰু আদৰ্শৰ ভেঁটিত যুগে যুগে প্ৰেমক পূজা কৰা হয়। প্ৰেম শাৰীৰিক আকৰ্ষণ নহয় , এইয়া আত্মিক ভাৱাবেগৰ এক উৎস। প্ৰেম কোনো ধেমালি নহয়। কিন্তু আজিৰ যুগত প্ৰেম যেন হিংসা সৃষ্টিৰ এক আহিলা। ভালপোৱাৰ প্ৰতাৰণা অধিক। আজিৰ ভালপোৱাত পৱিত্ৰতা নাই। প্ৰেমত অন্ধ হৈ যিকোনো বেয়া কামত নামি পৰে বহুজন। প্ৰেমৰ নামত কিছুমান নিষিদ্ধ কৰ্ম কৰিবলৈও কুণ্ঠাবোধ নকৰে আজিৰ প্ৰজন্মই। নিজক বিক্ৰী কৰি প্ৰেমৰ বান্ধোনেৰে বান্ধ খাবলৈ যাওঁতে বহুখিনি হেৰুৱাই পেলাইছে কিছুসংখ্যক মানুহে। পুৰণি আখ্যানৰ প্ৰেম আৰু এতিয়া পাবলৈ দুৰ্লভ। টকা – সম্পত্তিৰ বাবে মানুহে প্ৰেমত পৰে। প্ৰেম প্ৰত্যাখ্যান কৰিলে এচিড আক্ৰমণ , হত্যা , যৌন নিৰ্যাতনৰ দৰে খবৰ বাতৰি কাকতত প্ৰকাশিত হয়। প্ৰেম বিবাহ হ’লেও অলপ কথাতে দম্পতীৰ মাজত বিভেদ আহে , মতানৈক্যই পিছৰ পৰ্যায়ত জীৱনত বেয়া প্ৰভাৱ পেলায়। প্ৰেম প্ৰাপ্তি , প্ৰেম সৃষ্টি , প্ৰেম আশাৰ ঠিকনা। প্ৰেম হিংসা – প্ৰতিহিংসাৰ অৱলোকন নহয় , ই এক শান্ত সৌম্য পৰিস্থিতিৰ সুস্থ সম্পৰ্ক। য’ত দুটি আত্মাৰ মিলনৰ কথা জড়িত হৈ থাকে। প্ৰেমৰ দিৱস পাতি হিচাপবিহীন জাকজমকতা বঢ়াই মানুহৰ আগত বিশেষ দেখুৱাতকৈ যদি নিজৰ মাজতে নিজক গুৰুত্ব দি আগবাঢ়ি যায় , তেন্তে সম্পৰ্কবোৰ স্থিৰ আৰু কটকটীয়া হয়। প্ৰেমৰ দিৱসৰ দিনা মিছা প্ৰতিশ্ৰুতি আৰু উপহাৰৰ মাধ্যমেৰে এজনে আনজনক শুভেচ্ছা জ্ঞাপন কৰাতকৈ গোটেই জীৱন ছাঁ হৈ থাকি পৰিস্থিতি বুজি নিজস্ব দৰ্শন আৰু ধ্যান – ধাৰণা স্পষ্ট কৰি ৰাখি আগুৱালে প্ৰেমৰ নামত কোনো ক্ষেত্ৰতে অনৈতিকতা নচলে কোনো সম্পৰ্কত। প্ৰেমৰ বান্ধোনেৰে বান্ধ খাওঁতে এজনে আনজনৰ ভাল – বেয়া বিচাৰ কৰিব শিকিলে তেতিয়া কৃত্ৰিমতা হ্ৰাস হয়। ” দেখাক দেখি কুকুৰে কৰে একাদশী” ধৰণৰ নোহোৱাটো ভাল। প্ৰেমৰ তাৎপৰ্য বিচাৰি পোৱা সম্পৰ্কৰ সুগন্ধই পৃথিৱী ধুনীয়া কৰে। এজনে আনজনৰ সফলতাত উৎসাহিত কৰি , বিশ্বাস আৰু অলপ বুজাবুজিৰে চলিলেই সকলোতে বিৰাজমান হৈ প্ৰস্ফুটিত হ’ব প্ৰকৃত প্ৰেমৰ শতদল।