প্ৰেম
অমূল্য চেতিয়া
ঠিক প্ৰেমৰ দৰেই
নদীখনে নাজানে
বৈ যোৱা পথত
কাক স্পৰ্শৰে
জীপাল কৰিব!
প্ৰেমে নাজানে
হৃদয়ৰ জখলা
কিমান দিনলৈ মজবুত!
আপোনাক কেৱল
মৰম দিব জানে,
অকৃত্ৰিম ভালপোৱা
দিব জানে,,,
প্ৰয়োজনত ত্যাগেই
সৰ্বোত্তম হৈ পৰে
য’ত আপোনাৰ
সুখ থাকে,,,
যদিহে প্ৰকৃত হয় !
ৰামধেনুৰ ৰঙেৰে
জীৱনৰ ছবি
আঁকিব জানে,
লাজতে কৃষ্ণচূড়াৰ দৰে
ৰঙীন হৈ পৰিব পাৰে
হৃদয়ৰ স্পন্দন
সুৰ হৈ পৰে
যদি প্ৰেমে
সফলতাৰ দলিচাত
জীয়াব পাৰে।
ঠিক প্ৰেমৰ দৰেই
নীলাভ আকাশে
নাজানে একেবাৰে
কিমানলৈ বিস্তাৰিত হ’ব
কেতিয়া ডাৱৰে
থিতাপি ল’ব
কেতিয়া মূষলধাৰে
বৰষুণ হ’ব।