প্ৰেম অতি সুন্দৰ বস্তু..
চিমী বৰুৱা, মৰিগাঁও, চৰাইবাঁহী
যদি সঠিক ব্যক্তিৰ সৈতে হয়
প্ৰেম সঁচাকৈয়ে বৰ আচৰিত, নহয়নে?
এক অবুজ অথচ এক অনন্য সুন্দৰ অনুভৱ।
ইয়াৰ কোনো সংজ্ঞা নাই, নাই কোনো ধাবিত গতি,
মাথোঁ আছে এক গভীৰ প্ৰশান্তি।
কেতিয়াবা এনেকুৱা লাগে—
প্ৰেম মানে কেৱল কাষত থকাটোৱেই নহয়,
প্ৰেম মানে হ’ল কাৰোবাৰ উপস্থিতিত নিজকে বিচাৰি পোৱা।
যেতিয়া সঠিক মানুহজনৰ সৈতে কথা পাতো,
চকুৰ পলকতে যেন সময়বোৰ থমকি ৰয়,
আৰু চাৰিওফালৰ পৃথিৱীখন হঠাতে পোহৰ হৈ পৰে।
সঠিক মানুহজনৰ সৈতে হ’লে,
মৌনতাবোৰো আমনিদায়ক নহয়, বৰঞ্চ আপোন যেন লাগে।
হৃদয়ৰ ধপধপনিবোৰে এক সুৰ বিচাৰি পায়,
আৰু প্ৰতিটো উশাহতে যেন এক নতুন বিশ্বাসে জন্ম লয়।
সঁচাকৈ, সঠিক এজন সংগীয়ে
জীৱনৰ কঠিন বাটবোৰকো সহজ কৰি তোলে।
সেই অনুভৱটোৱেই যেন আটাইতকৈ ডাঙৰ আশীৰ্বাদ—
য’ত কোনো অভিনয় নাই,
মাথোঁ আছে এজাক নিৰ্ভেজাল মৰম আৰু এক বুজাবুজিৰ পৃথিৱী।
