প্ৰেমৰ মায়াজাল  – নাচিমা য়াচমিন

প্ৰেমৰ মায়াজাল 

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

কিমান প্ৰশান্তি,
কাৰোবাৰ হাঁহি -আনন্দৰ
উৎস হৈ উঠা,
যেন উত্তাৱল সাগৰে
ওচৰৰ পাৰ পাই শান্তি লাভ কৰা।
কিমান বিস্ময়জনক
কাৰোবাৰ বাবে অপৰিহাৰ্য হোৱা,,,
যেন জোনে প্ৰতিনিশা
সূৰ্যৰ কোলাত আশ্ৰয় বিচৰা।
সেই দৃষ্টি, যি সকলো কথা
শব্দহীন ভাষাত ব্যক্ত কৰা।
সেই গুপ্ত অনুভৱ,
মাত্ৰ হৃদয়ত প্ৰতিফলিত হোৱা।
এইটোকে হেনো প্রেমৰ মায়াজাল বোলে,,;
যি একো নোকোৱাকৈয়ে
সকলো প্ৰকাশ কৰি দিয়ে।