প্ৰেমৰ পদ্য  – গকুল চৌধুৰী

প্ৰেমৰ পদ্য 

গকুল চৌধুৰী,হাকামা

তুমি এজোপা গছৰ এখিলা
সেউজ কোমল কুঁহিপাত হোৱা
মোৰ মন – হৃদয় , অন্তৰ – আত্মাত
প্ৰেমৰ অনুভব – অনুভূতি জগাই দিয়া ৷
অ প্ৰিয়া হ’বানে এবাৰ কোৱা ?
 এখিলা সেউজ কোমল কুঁহিপাত
হৈ পাঁহি মেলি ওলাবলৈ
মোক লাজ নকৰিবা
লাজৰ ওৰণিখন গুচাই থোৱা
 থৈ মোক এজন প্ৰেমিক কৰি তুলা  ৷
অ প্ৰিয়া থ’বানে এবাৰ কোৱা ?
আকৌ এবাৰ বহাগ তথা বসন্ত
আহিব দিয়া
  তুমি যদি এখিলা সেউজ কোমল
কুঁহিপাত হৈ ওলোৱা
অহা ব’হাগ তথা বসন্তত
মই বতাহ হৈ তোমাক চুই
তোমাৰ দেহত যাচিম
ভালপোৱাৰে ভৰা আদৰৰ আঁচোৰ
ভালপোৱাৰে ভৰা মৰমৰ চুমা
তুমি জানানে প্ৰিয়া
মোৰ এই হেঁপাহ বহুদিনীয়া
মোৰ এই হেঁপাহ শতযুগীয়া  ৷