প্ৰেমৰ কবিতা
ইন্দ্ৰজিৎ বুঢ়াগোহাঁই,
ডিব্ৰুগড়
তোমাক চুই অহা বতাহজাকেই
মোৰ জীৱনটো সলাই পেলালে।
হয়।
সেই বতাহজাকেই কঢ়িয়াই আনিছিল তোমাৰ দেহৰ সুগন্ধি সুবাস ।
তুমি নিশ্চয় নাজানা, তোমাৰ নয়নজুৰি কিমান শক্তিশালী।
হয়টো মইও কব নাজানিম,
হিয়াৰ ভাষা !
গোলাপৰ পাহি হেন দুগালত বিৰিঙি উঠা,
হাহিটিয়ে তোমাৰ হৃদয় আকাশত মোৰ তৰা ফুল ফুলায়।
নিৰ্জনতাত তোমাৰ নামৰ কবিতা লিখিবলৈ প্ৰেৰণা যোগায়।
তুমিটো জানায়, তোমাৰ মিঠা পৰশ, প্ৰেমৰ সঞ্জীৱনী।।
তোমাৰ শ্বাস, মোৰ স্পন্দন ।।
অস্তিত্ব ও তোমাতেই বিলীন।
সেয়ে হয়তো মই এতিয়া নিৰ্ভিক,
নকৰোঁ কাৰো লৈকে ভয়।
আনকি দুখৰ পগলাদিয়া খনতো সাঁকো বন্ধাৰ শকতি মোৰ গাত ।
হয়।
সেই বতাহজকেই তোমাক মোৰ কৰিলে।।