প্ৰেমৰ উকা বহী – Swagon Borah

Pc The Awareness Centre

প্ৰেমৰ উকা বহী

Swagon Borah

প্ৰথম খণ্ড:
আমাৰ প্ৰেম সেই হাইস্কুলীয়া বয়সতে হৈছিল।কোনেও গম নোপোৱাকৈ এখন বহী আছিল। আমাৰ প্ৰেমৰ কথোপ কথন সুখ দুখ দিনলিপী মৰম সেই বহী খনৰ মাজতে আছিল। কথা পাতা হোৱা নাছিল মাথো স্কুলৰ সময়ত মৰমৰ হাঁহি এটা মাৰি বহী খন তেওঁক দিও বা তেও লিখি দিয়া লিখনি হেপাহৰে পঢ়িবলৈ ৰৈ থাকো।  এই দৰে প্ৰেমৰ যাত্ৰা আৰম্ভ হৈছিল। বৰ্তমান সময়ৰ দৰে মোবাইলৰ সুবিধা আছিল। যদিও আমি আমাৰ এই প্ৰেমৰ যাত্ৰা বহী খনৰ যোগেদি আগুৱাই লৈ যোৱাৰ হেপাহ উপযুক্ত সময়লৈ আমাৰ এই প্ৰেমৰ যাত্ৰা সাক্ষী হৈ ৰৈছিল তেওঁৰ প্ৰিয় বান্ধবী আৰু মোৰ বৰ্তমানৰ সখীৰাম । প্ৰেম কেতিয়াও গোপনে নহয় সেয়া হওক একপক্ষয় প্ৰেম হওক বা পৰকীয়া প্ৰেম হওক এদিন নহয় এদিন কোনোৱাই টো গম পাব। আমাৰ প্ৰেমৰো সেই আবস্থা কোনেও গম নাপাওক নাপাওক কৈ মনে মনে আমাৰ কাহিনীটো বেছিদিন নচলিল মোৰ সখা আৰু তেওঁৰ
প্ৰিয় বান্ধবী নিশিতাই গম পালে ।

আমাৰ প্ৰেম কাহিনীৰ আৰম্ভনী টো আনত কৈ পৃথক আছিল আনৰ প্ৰেম আৰম্ভ হয় গোলাপ ফুল দি বা চকলেট দি আৰু আমাৰ প্ৰেম হৈছিল তেওঁ মোক হাতত মাৰি দিয়া চেণ্ডেলৰ কোব টোৰে। তেওঁ সেই সময়ত কিয় মোক ইমান বেয়া দৃষ্টিৰে চাইছিল সেয়া মই আজিও বুজি নাপালো। চেণ্ডেলৰ চৰ খাই প্ৰেমত পৰা প্ৰথম জন প্ৰেমিক চাগে মই য়ে হম। সেই বেদনা ভৰা সময় পাৰ কৰোতে বহুত সময় লাগিল ।তেওঁ ভবা নাছিল বাকি ছাত্ৰ- ছাত্ৰীৰ ওচৰত মই পোৱা লাজৰ কথা। এই দৰে সময় বোৰ পাৰ হ’ল লাহে লাহে আমি লাজুকীয়া চাৱনীৰে
আৰম্ভ কৰিলো ইজনে সিজনৰ মাত বোল। বহু দিন পাৰ হ’ল মই পাহৰি গৈচিলো সেই ঘটনাটো। তেওঁ মোক দিয়া জনম দিনৰ উপহাৰ টো খুলি চাওতে দেখিলো এখন ডায়েৰী আৰু ময়ূৰৰ সৰু পাখী টো সেই পাখী টো আজিও আছে মনত পৰিলে চাও । ডায়েৰী খনৰ দ্বিতীয় পৃষ্ঠাত লিখা আছিল তেওঁৰ মনৰ কথা শেষত এটি প্ৰশ্নবোধক চিন। বহু সময় ভাবি লৈ মই সেই প্ৰশ্নৰ উত্তৰ লিখা আৰম্ভ কৰিছিলো। সেই ডায়েৰী খনতে মই তাত লিখিছিলো পৃষ্ঠাৰ শেষত No tocking only Reading and writing. সেই সময়ত তেওঁ বুজিছিল মই কি ক’ব বিচাৰিছো আকৌ ডায়েৰী খন ঘুৰি আহিল এজাক মৰম লৈ লিখা আছিল তুমি ইংৰাজী নকবা অল্প বিদ্যা ভয়ংকৰ আৰু কাষত হাঁহিৰ চিহ্ন।

এই দৰে হাহি ধেমালিৰ মাজেৰে ডায়েৰী খনৰ পেজ বোৰ আমাৰ মৰমৰ লিখনিৰে লিখি গৈ থকা হ’ল। লাহে লাহে স্কুলত ছমহীয়া পৰিক্ষাৰ সময় ওচৰ চাপিল best of luck ❤️❤️ প্ৰেমৰ চিহ্ন লিখি আমি উৎসাহ দি পঢ়িব ললো। পঢ়াৰ ক্ষেত্ৰত আমি শত্ৰুৰ দৰে আছিলো। পৰিক্ষাৰ শেষৰ দিনা তেওঁ মোক আকৌ বহী খন দিলে ।
মোক ক’লে তাই বুলে গৰমৰ বন্ধত ফুৰিব যাব। কত যাব একো নকলে। মই বহী খন পঢ়াৰ হেঁপাহেৰে স্কুলৰ পৰা আহি থাকোতে মাথাউৰিতে বহি পঢ়ি লো তেওঁ লিখা মৰমৰ কথাবোৰ। এই দৰে সৰু সৰু অভিমান‌ দুখ , হাহি সপোনৰ মাজৰে আমি দশম শ্ৰেনী পালোগৈ। লাহে লাহে গম পাব ধৰিলো আমাৰ দৰে প্ৰেমীক প্ৰেমীকাৰ যোৰা বহুত আছে ক্লাছত। আমাতকৈ ও গভীৰ প্ৰেমত ডুব যোৱা এহাল আছে লাহে লাহে এই বোৰ ছাৰ -বাইদেউ হতে গম পাব ধৰিলে ?আমিও সৰ্তক হ’ব ধৰিলো । আমি ছয় মহীয়া পৰিক্ষাৰ পাছত মেট্ৰিকৰ প্ৰস্তুতিৰ বাবে অংকৰ টিউচন ললো। স্কুলৰে নতুন কৈ অহা বাইদেউ গৰাকীৰ ওচৰত টিউচনলৈ অহাযোৱা কৰোঁতে আমাৰ কথা পতা হয়। এই দৰে আমাৰ প্ৰেম ডায়েৰীৰ পৰা উলাই দুচকুত হ’ব ধৰিলে ।

বিদ্যালয়ৰ শেষৰ সময় Test ৰ পৰীক্ষাৰ ফলাফল ভাল হৈছিল আমাৰ। বিদ্যালয়ৰ বিদায় মিটিংত আমাৰ মাজৰ গভীৰ প্ৰেমীক হালৰ কিছু মৰমৰ কু কৰ্ম দেখা পাই হেড ছাৰে দিয়া গালিটো শুনি বুকো কপি গৈছিল। তাৰ মাজতে আমি ফুৰিব ও গৈছিলো মন্দিৰত চাকি জ্বলাই আশীৰ্বাদ ল’বলৈ। সেই দিনা তেওঁ মোৰ হাতত ধৰিছিল সেই স্পৰ্শ আজিও অনুভৱ হয়। এই দৰে প্ৰেম আগ বাঢ়িব ধৰিলে ডায়েৰী খনৰ পেজ শেষ হ’ব হ’ল শেষৰ পেজটো উদং কৈ থকাৰ বাবে মই কিছু বিশেষ কথা লিখি লগত এখন নতুন ডায়েৰী তেওঁ লৈ দি পথালো। তেওঁ উত্তৰ আহাৰ পলম হ’ল অলপ। মেট্ৰিকৰ পৰীক্ষা শেষ হ’ল। মই য়ো গুছি আহিলো সেই ঠাইৰ পৰা। তেওঁ যেতিয়া H. S 2nd year ত পঢ়ি আছিল হথাৎ লগ পালো বাছত jamuguri bus stand ত। তেঁও T. H .B college অভিমূখে বাছৰ অপেক্ষা ৰৈ আছিল খিৰিকীৰে মাত লগালো।  তেওঁ উত পাত কৈ আহি মোৰ ওচৰ পালেহি। বহু দিনৰ পাছত লগ পোৱা হেৰুৱা মৰম দেখি তেওঁৰ দুচকুত চকুলো আৰু মৰমতে সাৱত সেই দিনা তেওঁ কলেজ যোৱা নহ’ল। মোৰ লগত গৈ নাগশংকৰত নামিলে কাছ কেইটাক বিস্কুত দি গছ জোপাৰ তলত বহি তেওঁ মোক কৰা প্ৰথম প্ৰশ্ন তোমাৰ ঘৰ ক’ত? যিটো প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাছিল। মই নিমাত তেওঁ আকৌ ক’লে তোমাৰ পৰিচয় দিয়া? মোৰ দুচকুৰ চকুলো ত তেওঁ কি বুজিলে নাজানো। সহজ ভাবে কলে কিয় তুমি মোক নোকোৱাকৈ গুছি গৈছিলা । তেওঁ কৰা প্ৰশ্ন উত্তৰ মোৰ হাতত নাছিল। সেই সময়ত মনত পৰিছিল ছাৰ জনে কোৱা কথা বোৰৰ যাৰ জীৱনত কোনো লক্ষ নাই তাৰ কোনো কাম নাই। মন টো ডাঠ কৰি কলো শুনা মই এজন অনাথ ল’ৰা মোক এই ঠাইৰ পুলিচ বিষয়া এজনে পঢ়াইছে। মোৰ কোনো ঘৰ নাই থানাৰ কোৱাটাৰ টোতে থাকো। আজি দুবছৰ আগতে তেওঁ যোৰহাটলৈ বদলি হোৱাত মোক কলিয়াবৰ কলেজত
নাম লগাই থৈ গৈছে। মই তোমাক পাহৰি যোৱা নাই  মনিশা। আজি আহিছিলো মোৰ লগৰ কেইটা বিশ্ব নাথ জিলাৰ অনাথ আশ্ৰমত আছে সিহতক লগ কৰিব আহিছো ।
: তুমি ডায়েৰী খন ভাল কৈ ৰাখিবা কৰ্ণ
: কিয়
: সেই খন আমাৰ পৰিচয় হ’ব আৰু H.S passed কৰি কত পঢ়িবা
: নাজানো Boss হে জানে
:বচ মানে মোক তুলি লোৱা পুলিচ ছাৰ। তেওঁৰ ঘৰত নাজানে পৰিয়ালে তেওঁ যে মোক তুলি লৈছে। মই হেনো তেওঁৰ জীৱন ৰ শেষ কালৰ সাৰথি তেওঁ মোক কয়।
: অঅ হয় নেকি
এই কথোপ কথনৰ মাজৰে আমি আগবাঢ়ি আহিলো। এইদৰে দিনটো পাৰ হ’ল। Next year তেওঁ কলিয়াবৰ কলেজত B.se কৰিব আহিল । আমি আকৌ লগ হ’ল। কিন্তু ডায়েৰী খন আধৰুৱা নহ’ল। এইবাৰ ডায়েৰীৰ লিখনিৰ পাক সলনি হ’ল। কথা বোৰ সেই লৰালি কালৰ মৰম হৈ নৰল। লিখনী বোৰ কিবা হেৰুৱাৰ ভয় বা কিবা পোৱাৰ হেপাহ যেন হব ধৰিলে। ( পঢ় না বে ভাল লাগিছে )
: ৰ না আৰু লিখা নাই
: কি চুৰ হবি ভাই পইচা বেগ আনিব লাগে প্ৰেম লিলা আনিছ
: ৰ না শেষ পৃষ্ঠাত কিবা লিখা আছে
:কি

” I know you may not But I am Stop “

:মানে কি
:মই নাজানো
:একে চৰে কান ফালি দিম য’ৰ পৰা বেগ টো চুৰ কৰিছ তাত থৈ আহ
:হ’ব দাদা
:বাহ বাহ বৰ বেলেগ দে এই প্ৰেম ভাল পোৱা