প্ৰেমেৰে সুবাসিত বসন্ত
মৃদুলা বৰুৱা, তেজপুৰ
অনুপমা!
আকৌ লগাবাচোন
তোমাৰ দুচকুত কাজল,
সানি লবা দুহাতত
জেতুকাৰ বোল,
মেৰিয়াই লʼবা গাত
পুৰণি ৰিহাখনি,
মই গুজি দিম তোমাৰ খোপাত
বেঙুনীয়া বʼহাগ,
কান্ধতে ঢোলটো লৈ
গাই দিম
বসন্তৰ এফাকি গীত,
তুমি নাচিবা
আগৰ সেই পাতগাভৰু জনী হৈ,
বাঢ়িলে বাঢ়ক দিয়া
কলিজাৰ ঢপঢপনি,
পৰো দিয়াচোন আকৌ এবাৰ
আগৰ দৰে তোমাৰ প্ৰেমত,
যাযাবৰী আশাৰ ঢল বোৱাই
আকৌ এবাৰ লওঁ
বসন্তৰ সুবাস ।
অনুপমা !
বগা চুলিৰ চিন্তা নকৰিবা
ৰঙেৰে বোলাই লʼম দিয়া
তুমি মাথোঁ বসন্তৰ বতৰতে
লগাবাচোন আকৌ এবাৰ
তোমাৰ দুচকুত কাজল
বয়সৰ সীমা পাহৰি
আকৌ প্ৰেমত জিলিকি উঠিম দুয়ো।
