প্ৰেমিকৰ সহযোগত স্বামীক নৃশংস হত্যা সোণমৰ

প্ৰেমিকৰ সহযোগত স্বামীক নৃশংস হত্যা সোণমৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ইন্দোৰৰ ট্রেন্সপোর্ট ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু তেওঁৰ নৱপৰিণীতা পত্নী সোণম ৰঘুবংশী নিখোজ হৈ থকাৰ ১৬ দিনীয়া ৰহস্যৰ অৱশেষত যৱনিকা পৰিল। ৰবিবাৰে নিশা উত্তৰপ্ৰদেশৰ গাজিপুৰ জিলাৰ অন্তৰ্গত নন্দগঞ্জ থানা এলেকাৰ এখন ধাবাত মেঘালয় আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰে সোণম ৰঘুবংশীয়ে। ইয়াৰ পাছতে ৰবিবাৰে নিশা প্রায় ১ বজাত ইন্দোৰৰ পৰা মেঘালয় আৰক্ষীৰ আন এটা দলে সোণম ৰঘুবংশীৰ অবৈধ প্রেমিক ৰাজ কুছৱাহাৰ লগতে বিকি ঠাকুৰ আৰু আকাশ নামৰ আন দুজন যুৱকক গ্ৰেপ্তাৰ কৰে। মেঘালয় আৰক্ষীয়ে অভিযান অব্যাহত ৰাখি উত্তৰ প্ৰদেশৰ সাগৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে আনন্দ নামৰ আন এজন যুৱকক। মেঘালয় আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। মেঘালয়ৰ চেৰাপুঞ্জী অঞ্চলত মধুচন্দ্ৰিকা কটাবলৈ গৈ নৃশংস হত্যাৰ বলি হোৱা ৰাজা ৰঘুবংশীৰ ঘাতক আন কোনো নাছিল। বৰঞ্চ নৱবিবাহিতা পত্নী সোণম ৰঘুবংশীয়ে অবৈধ প্ৰেমিক ৰাজ কুছৱাহৰ সহযোগত বিকি ঠাকুৰ, আকাশ আৰু আনন্দক ছুপাৰি দি হত্যা কৰাইছিল স্বামী ৰাজা ৰঘুবংশীক। আজি পুৱাৰ ভাগতে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই এক টুইটযোগে সোণম ৰঘুবংশীয়ে আত্মসমর্পণ কৰাটো নিশ্চিত কৰে। লগতে আন তিনিজন লোক গ্ৰেপ্তাৰ কৰাৰ কথাও টুইটটোত উল্লেখ কৰে তেওঁ। মুখ্যমন্ত্রী চাংমাই কয়- মেঘালয় আৰক্ষীয়ে ৰাজা হত্যাকাণ্ডৰ গোচৰত সাত দিনৰ ভিতৰতে এক বৃহৎ সফলতা লাভ কৰিছে। মধ্যপ্ৰদেশৰ পৰা তিনিজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আত্মসমর্পণ কৰিছে এগৰাকী মহিলাই। আন এজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান এতিয়াও অব্যাহত আছে। মেঘালয়ৰ উপ-মুখ্যমন্ত্রীয়ে এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল ১৯ বছৰীয়া আকাশ নামৰ ছুপাৰি কিলাৰটোক। তাৰ পিছত কৰায়ত্ত কৰে ২২ বছৰীয়া বিকি ঠাকুৰক। সেইদৰে ২১ বছৰীয়া ৰাজ কুছৱাহকো গ্ৰেপ্তাৰ কৰা হয়। তিনিওটাকে ৰবিবাৰে মাজনিশা গ্ৰেপ্তাৰ কৰাৰ পাছত সোমবাৰে দিনৰ ভাগত জালত পৰে আনন্দ নামৰ তৃতীয়জন ছুপাৰি কিলাৰ। অৱশ্যে সোণম ৰঘুবংশীয়ে আত্মসমর্পণ কৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড আৰু সোণম ৰঘুবংশী নিৰুদ্দেশ হৈ থকা গোচৰটোৰ তদন্ত কৰিবলৈ মেঘালয় আৰক্ষীয়ে এটা বিশেষ অনুসন্ধানকাৰী দল (এছআইটি) গঠন কৰিছিল। উল্লেখ্য যে যোৱা ১১ মে’ত ৰাজা ৰঘুবংশী আৰু সোণম ৰঘুবংশীৰ বিবাহ সম্পন্ন হৈছিল। ইয়াৰ পাছত তেওঁলোকে মা কামাখ্যাৰ আশীৰ্বাদ ল’বলৈ তথা মধুচন্দ্ৰিকাৰ বাবে গুৱাহাটীলৈ অহাৰ সিদ্ধান্ত লয়। সেই অনুসৰি যোৱা ২০ মে’ত ইন্দোৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱা নৱদম্পতীয়ে ২১ মে’ত মা কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল। ইয়াৰ পিছত দুয়ো চেৰাপুঞ্জী-চোহৰা এলেকাত মাৱালাখিয়াত যোৱা ২২ মে’ত গৈ পাইছিল। সেইদিনা নিশাটো তেওঁলোকে কটায় ননগ্রিয়াটত থকা শিপ্রা নামৰ এটা হোমষ্টেত। ইয়াৰ পিছদিনা পুৱাৰ ভাগত হোমষ্টেটোৰ পৰা চেকআউট কৰি ভাৰাত লোৱা এখন স্কুটীৰে মাৱলাখিয়াত গাঁৱৰ পাহাৰীয়া অঞ্চলত ট্রেকিঙৰ বাবে যায়। সেইদিনাই সোণম ৰঘুবংশীৰ সৈতে ফোনযোগে অন্তিমবাৰৰ বাবে বাৰ্তালাপ কৰিছিল শাহুৱেকে। তাৰ পাছত দুয়ো সন্ধানহীন হৈ পৰে। অৱশ্যে যোৱা ২৪ মে’ত শ্বিলং-চোহৰা পথৰ এখন কেফেৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছিল দুয়োৱে ভাৰাত লোৱা স্কুটীখন। ইতিমধ্যে বিষয়টো সন্দর্ভত পূব খাচিপাহাৰ জিলা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে। কিন্তু নৱদম্পতীৰ কোনো সন্ধান নোলাল। তাৰ মাজতে যোৱা ৩ জুনত মাৱা গাঁৱৰ এটা গিৰিখাদত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় ৰাজা ৰঘুবংশীৰ মৃতদেহ। মৃতদেহৰ কাষতে পৰিত্যক্ত অৱস্থাত আছিল এখন দা, এটা ম’বাইল ফোন, এটা স্মার্ট ঘড়ী, মহিলাৰ এটা বগা ছার্ট, এটা ৰেইনকোট আৰু কিছু ঔষধ। কিন্তু ৰাজা ৰঘুবংশীৰ সোণৰ অলংকাৰ, মানীবেগ আৰু ম’বাইল ফোনটো ঘটনাস্থলীত নাছিল। প্ৰাৰম্ভিকভাৱে এই দিশৰ পৰা এয়া এক ডকাইতি আৰু ডকাইতে ৰাজা ৰঘুবংশীক হত্যা কৰা বুলি সন্দেহ কৰা হৈছিল। কিন্তু সোণম ৰঘুবংশী আশ্চর্যজনকভাবে শুংসূত্রবিহীন হৈ পৰাক লৈ তীব্ৰ ৰহস্যৰ সৃষ্টি হয়। এনডিআৰএফৰ এটা ১৭জনীয়া দলে ঘটনাস্থলীৰ আশে-পাশে বিগত দিনকেইটাত ব্যাপক অভিযান অব্যাহত ৰাখিছিল। পিছে সমগ্র ঘটনাক্রমে অন্য মোৰহে ল’লে। একমাত্ৰ পৰকীয়া প্ৰেমৰ বাবেই নৱবিবাহিতা সোণম ৰঘুবংশীয়ে প্ৰেমিকৰ সহযোগত ছুপাৰি কিলাৰ লগাই হত্যা কৰিলে স্বামী ৰাজা ৰঘুবংশীক। এক কথাত ক’বলৈ গ’লে অবৈধ প্রেমিক ৰাজ কুছৱাহৰ বাবেই সোণম ৰঘুবংশীয়ে প্ৰাণ ল’লে স্বামী ৰাজা ৰঘুবংশীৰ। ইপিনে স্বামীক হত্যা কৰাৰ স্পষ্ট তথ্য-প্রমাণ মেঘালয় আৰক্ষীয়ে লাভ কৰাৰ পাছতো সেয়া কাৰ্যতঃ নস্যাৎ কৰিছে সোণম ৰঘুবংশীয়ে। মেঘালয় আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা অনুসৰি সোণম ৰঘুবংশীয়ে নিজকে নির্দোষী বুলি দাবী কৰিছে। সোণম ৰঘুবংশীৰ মতে তেওঁক হেনো অপহৰণ কৰিছিল। অপহৰণকাৰীয়ে গাজীপুৰত এৰি থৈ যোৱাৰ পাছত পৰিয়ালৰ সৈতে যোগাযোগ কৰে।