প্ৰেমিকবোৰ মস্ত পাগল
ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ, নগাঁও
যাযাবৰী নিশাত তোমাৰ সৈতে কথা পাতিছোঁ
কিছু আন্ধাৰ, কিছু পোহৰৰ সংলগ্নতা।
অভিমানৰ সেউতা ফালি জোনাক নামে,
পপীয়া তৰাৰ কাহিনীৰে
হৃদয়ত অগা-দেৱা কৰে।
সেইদিনা জোনাক আছিল,
মই পাহৰি গৈছিলোঁ জীৱনৰ সংজ্ঞা,
পাহৰি পেলাইছিলোঁ নিজক।
সেইদিনা মই প্ৰেমিক হৈছিলোঁ,
তোমাৰ বাবে এশ এটাকৈ প্ৰতিশ্ৰুতি
সপোনবোৰ হৃদয়ত সাঁচি ৰাখিছিলোঁ।
শুনিছোঁ, প্ৰেমিকবোৰ বোলে “মস্ত পাগল”,
ঠিক মোৰ দৰেই বিষাদত ডুব দিয়া বা গভীৰ।
মই প্ৰেমক হৃদয়ত উম দিব খুজিছিলোঁ,
ভণ্ড প্ৰেমিক হোৱাৰ আকাংক্ষা মোৰ কেতিয়াও নাছিল,
নহ’লে প্ৰেমৰ সত্বাটোক অপমান হ’ব লগা হ’লহেঁতেন।
মোৰ প্ৰেমত নাৰী আছিল পূজাৰ বেদীত,
ৰক্তৰ কুসুমমালাৰে উচৰ্গা কৰিছিলোঁ।
শৰীৰৰ সীমাৰ বাহিৰে মোৰ প্ৰেম,
সেই প্ৰেমত নাৰী পালে সন্মান
হৃদয়ত উঠিছিল আৱেগৰ জোৱাৰ।
আমিবোৰ মাতাল প্ৰেমিক!
আমাৰ প্ৰেমত নাৰী হয় আদৰণীয়া,
ভালপোৱাৰ প্ৰথম পাঠ আছিল
নাৰীক হৃদয়ত ঈশ্বৰীৰ দৰে স্থান দিয়া।
ত্ৰুমশঃ
মোৰ জন্ম এগৰাকী নাৰী দ্বাৰাই হৈছিল,
মোৰ প্ৰথম প্ৰেম এগৰাকী নাৰীয়েই আছিল।