প্ৰেমত নদী,পথাৰ,আৰু বিদ্ৰোহ
বিউটী হাজৰিকা
কলিয়াবৰ
সৌ ,সিদিনাৰ কথা
কবি কবিৰ সভালৈ গৈছিল ,
চিন্তাশীল মনেৰে
বুকুৰ বক্ষত কৌটি কৌটি প্ৰশ্নৰ আলাপ।
হঠাৎ তেওঁ উত্তৰ পোৱাৰ সহস্ৰাধিক প্ৰত্যাশাৰে
এখন নৈক সুধিছিল,
হেৰা, এই বৈ থকা অনুৰাগ কাৰ বাবে ?
ইমান শালীনতা ?
তুমি বুকুৰ মেছোপটেমিয়া কিম্বা
বিখ্যাত গান্ধাৰ সভ্যতাৰ স্মৃতিতেই নিশ্চুপ নেকি?
উত্তৰত নদীয়ে কৈছিল
দুখ – যান্ত্ৰণাৰ গভীৰতাক বুজ লৈ,
বৃহৎ কলেৱৰৰ শব্দ সজা তুমি!
তুমি মোৰ যৌনতাৰ বিদ্ৰোহ খিনিৰ
মৰ্মাথ বুজা নাই নে ?
নিশ্চুপতাৰ বিশেষ।
কবিক অচিন হতাশ ই আকোঁৱালি ল’লে
নদীৰ কথোপকথনৰ অৰ্থ বিচাৰি,
কবি ৰুগীয়া হ’ল।
নদীৰ এই আন্দোলন কাৰ বাবে কিয় ?
নে,
নদীৰ বুকুত বিসৰ্জন দিয়া দেৱীক
বাস্তৱত ধৰ্ষিতাৰ নামেৰে নামাংকিত
কৰাৰ বাবেই ?
মনত পুনৰ উদ্বেগ লৈ কবি
কবিৰ সভালৈ গ’ল,
পথাৰৰ কেকুঁৰিটোৰে
য’ত সেউজীয়াৰ ভ্ৰাতৃত্ববোধ আৰু,
আৱেগ- অনুৰাগৰ অনুকম্পা আছিল।
কবিয়ে বিচাৰি পাইছিল তাত
নষ্টালজীয়াৰ সোৱাদ,
আপোন পাহৰা হৈ পৰিল কবি।
তেনেতে কবিলৈ সেউজীয়াই প্ৰশ্ন কৰিলে
হেৰা, কবি নগৰ কিম্বা বৃহৎ ৰাজপ্ৰসাদত ,
মৰিচীকা খেদি ফুৰা সুখ আমিয়েই দিওঁ
তথাপিও পথৰ দাঁতিত আমাৰ,
দণ্ডিত হোৱাৰ কাৰণ
আইন নে প্ৰয়োজনীয়তা?
কবি নিশ্চুপ!
পুনৰ প্ৰশ্ন কৰা হ’ল,
সেউজীয়া বোৰৰ হত্যাৰ আঁৰৰ
মহাকাব্য খনত সোমাই থকা
কাৰণ বোৰ গাদী, অৰ্থ কিম্বা
শোষক,শাসকৰ বৃহৎ ৰাজনীতি নেকি?