প্ৰেছ বিজ্ঞপ্তি

প্ৰেছ বিজ্ঞপ্তি

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বাণিজ্য উন্নয়ন সংস্থা, অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অধীনস্থ এটি ৰাজহুৱা প্ৰতিষ্ঠান৷ অসম বাণিজ্য উন্নয়ন সংস্থাৰ মূখ্য উদ্দেশ্য বাণিজ্য মেলাৰ জৰিয়তে ৰাজ্যখনত ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ সাধন৷ বাণিজ্য মেলা উদ্যোগটো কভিড মহামাৰীৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে৷ ব্যক্তিগত খন্ডৰ নিয়মীয়া বাণিজ্য মেলা সমূহ বন্ধ হৈ যোৱাৰ ফলত অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া (MSME) প্ৰতিষ্ঠান সমূহ অসুবিধাৰ সন্মুখীন হৈছে৷ এই MSME প্ৰতিষ্ঠান সমূহক সকাহ দিয়াৰ উদ্দেশ্যে অসম বাণিজ্য উন্নয়ন সংস্থাৰ দ্বাৰা ২০২২-২৩ বিত্তীয় বর্ষত নিজাববীয়াকৈ ২ খন বাণিজ্য মেলা অনুস্থিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ অসম বাণিজ্য উন্নয়ন সংস্থাৰ দ্বাৰা ইতিমধ্যে নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰ ৰাস উদযাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা “নলবাৰী বাণিজ্য মেলা” যোৱা ৮ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থান প্ৰাঙ্গনত অনুস্থিত হৈ যায়৷ উক্ত মেলাত ৫০ টা MSME প্ৰতিষ্ঠানে যোগদান কৰি ১ কোটি টকাৰো অধিক ব্যৱসায় কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য, যে এই MSME সমূহক বিনামূলীয়াকৈ যোগদানৰ সুবিধা দিয়া হৈছিল৷ অসম বাণিজ্য উন্নয়ন সংস্থাই অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় লঘু উদ্দ্যোগ নিগমৰ সহযোগত ২৩ ডিচেম্বৰ’২০২২ ৰ পৰা ৫ জানুৱাৰী’২০২৩ লৈ “আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা’২০২২” গুৱাহাটীৰ বেতকুছিত থকা মণিৰাম দেৱান ট্ৰেড চেন্টাৰত আয়োজন কৰিছে৷ এই মেলাত প্ৰায় ১৫০ টা MSME, ১১ টা Start up, APART, NEDFi, CIPET, Common Facility Centre (Assamese Jewellery) আদিয়ে অংশগ্ৰহণ কৰিব৷ এই মেলাত বাংলাদেশ, ভূটান আৰু আফগানিস্থানৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব৷ উল্লেখযোগ্য, যে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত আৰু ৰয়েল ভূটান কনছুলেট জেনেৰেলও এই মেলাত অংশগ্ৰহণৰ বাবে সন্মতি প্ৰদান কৰিছে৷ অংশগ্ৰহণকাৰী তথা দর্শকসকলৰ বাবে বিভিন্ন জাতি-জনগোষ্ঠীৰ খাদ্য-সম্ভাৰৰ বিপনীৰো ব্যৱস্থা কৰা হৈছে৷ মেলাৰ লগত সংগতি ৰাখি বিভিন্ন শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুস্থানো আয়োজন কৰা হৈছে৷