প্ৰি-বিহুৰ প্ৰস্তুতি
স্বাগতা বৰুৱা গোস্বামী
চিল্কী উঠা উঠা,ভেনৰ আংকল আহি পাবহিয়েই এতিয়া বুলি মাকে চিল্কীক জগাইছে।এনেতে চিল্কীয়ে মাকক কৈছে অ’ মা এই ঠাণ্ডা দিনকেইটা কেলেণ্ডাৰৰ পৰা আঁতৰাই দিব নোৱাৰিনে?মাকে বোলে কিয়? ঠাণ্ডাত যে উঠিবলৈ য়ে মন নাযায় সেইকাৰণে।তেনেতে দেউতাকে মাত লগালে ঠাণ্ডা নাই মানে গ্ৰন্থমেলা নাই,বনভোজ নাই,কুঁৱলী নাই,দীঘল ৰাতি নাই আৰু কম্বলৰ তলৰ আমেজ নাই।
দেউতা তুমি কিন্তু আৰু এটা কথা পাহৰিছা দেই,কি পাহৰিছোঁ বাৰু?মাঘৰ বিহু কথা নকলাই দেখোন।হয় হয় দিয়া sorry sorry মই পাহৰিছিলোৱেই। অ’দেউতা মাঘৰ বিহুক কিয় ভোগালী বিহু কয় নো??মোক অকনমান মাঘৰ বিহুৰ কথা কৈ দিবানেকি? স্কুলত মিচক প্ৰি-বিহু উদযাপনৰ দিনা বিহুৰ বিষয়ে অলপ ক’বলৈ কৈছে।হয়নেকি প্ৰথমে পানী গিলাচ খাই মূখখন ধুই লোৱা তাৰপিছত গা-ধুই ভাত খাই থাকোতে মই অলপমান তোমাক কৈ দিম দেই।
অলপ সময়ৰ পাছত দেউতা মই ready হৈ গ’লো,এতিয়া কোৱা।শুনা আঘোণ- পুহ মাহতে কৃষিজীৱি লোকে ধান চপাই ভঁৰাল নতুন ধানেৰে পুৰ কৰে।বাৰীত শাক-পাচলি উভয়নদী হয়।ৰঙা আলু,কাঠ আলু,মোৱা আলুৰ দৰে বিভিন্ন আলু হয়।ৰঙা আলু! সেইটো দেখোন খোৱাই নাই।তেনেতে মাকে বোলে চিল্কী তুমি পাহঁৰিছা।মই যে যোৱাবাৰ লালমোহন বনাইছিলো।তুমিযে ভাল পাইছিলা সেই আলুটো আকৌ।এই আলুটো পোৰিও খাই ।তুমি যে তেলত ভাজি দিলে ভাল পোৱা কাঠ আলু সেইটো এই বিহুতেই ওলায়।এতিয়া আকৌ দেউতাৰ পৰা শুনা।সকলোৱে পিঠা-লাৰু, সান্দহ, চিৰা আদিৰে ঘৰ ভৰাই ৰাখে।পুখুৰীত মাছ কেইজনীয়েও মোক খা মোক খা কৰে মুঠৰ ওপৰত বস্তু উভয় নদী হোৱাৰ কাৰণে মাঘ বিহুক ভোগালী বিহু বুলি কয়।তাৰ উপৰিও মাঘৰ বিহুৰ সকলোতকৈ ভাল লগা পৰম্পৰা হৈছে মেজি জ্বলোৱা প্ৰথা।মেজি জ্বলাবলৈ কাঠ বা খেৰৰ ওখ দ’ম লাগে।বহু ঠাইত এনে মেজি কলগছৰ শুকান পাত, নৰা আদিৰে তৈয়াৰ কৰে। মাঘ বিহুৰ উৰুকাৰ নিশা মেজি জ্বলাই ভেলাঘৰত ভোজ ভাত খাই আনন্দ কৰে আৰু পিছদিনা মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰে যাতে বছৰ তোলৈ বিভিন্ন অপায়-অমঙ্গলৰ পৰা সকলোকে আতঁৰাই ৰাখে।মেজিক সেৱা কৰা মন্ত্ৰটো তোমাৰ মনত আছেনে?অলপ আছে বাকী পাহৰিছো।শুনা তেনেহ’লে
অগ্নি প্ৰজলিতং বন্দে
চতুৰ্বেদং হুতাশনং
সুবৰ্ণ বৰ্ণ মমলং জ্যোতি
ৰূপায়তে নমঃ।
তাৰোপৰি মাঘ বিহুত ঠায়ে ঠায়ে কণী যুঁজ, মহ যুঁজ,বুলবুলি যুঁজ,কুকুৰা যুঁজ আদি খেল-ধেমালি পতা দেখা যায়।মুঠৰ ওপৰত মাঘৰ বিহু মানে আনন্দৰ বিহু।বিহুয়ে সকলোলৈকে লৈ আনে মৰম চেনেহ আৰু মিলাপ্ৰীতি।শেষত সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ বুলি কৈ দিবা।এনেতে ঘৰৰ পদুলীত গাড়ীৰ হৰ্ণৰ শব্দ। চিল্কী আহা আংকল আহিছে।অ’গৈছো মা বুলি চিল্কীয়ে মাক-দেউতাকক হাতখন জোকাৰি বাই বাই বুলি গাড়ীত উঠিলেগৈ।
