প্ৰিয় ‘কবি’ কুশলে থাকিব
বন্দনা শৰণীয়া
প্ৰিয় ‘কবি’
মোৰ বাবে কবিতা লিখেনে এতিয়াও ?
নিশ্চয় লিখে মনৰ গোপন ডায়েৰীখনত
কোনেও নজনাকৈ, নেদেখাকৈ,
প্ৰকাশ নকৰাকৈ অতি সংগোপনে ৰখা
সেয়া মোলৈকে লিখা কবিতা ।
এৰা…
আপোনাৰ কবিতা পঢ়িবলৈ,এতিয়া
মোৰ হাতত সময় যে খুব কম !
মোৰ বাবে লিখা আপোনাৰ কবিতা পঢ়ি
অস্থিৰ হবলৈ মোৰ যে আহৰিয়েই নাই !
মোক বিচাৰি বিচাৰি পোৱা
অনিশ্চয়তাৰ পাছত
আনখন হাত ধৰি আপুনি
খোজটো দিব খোজোতেই
মই আগবঢ়াই থকা হাতখন দেখিলে ।
মোৰ হাতখন দেখিও
খামুচি ধৰিব নোৱাৰি
পাই হেৰুৱাৰ বেদনাত চাগে’
বুকু দহে এতিয়া !
কিন্তু…
দুগালেৰে বিষাদ বোৱাব কেনেকৈ !
পুৰুষে হেনো কান্দিব নোৱাৰে
কান্দিলেই হৈ পৰে কাপুৰুষ ।
হে মোৰ প্ৰিয় ‘কবি’
কুশলে থাকিব আপুনি ।