প্ৰিয়াৰ অভিমান – সুনম বিশ্বাস

pc-shutterstock
প্ৰিয়াৰ অভিমান
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ 
নয়ন আৰু প্রিয়া দুয়ো ভাল বন্ধু- বান্ধৱী। ছোৱালী বুলিয়ে ছাগে তাই নয়নৰ কষ্টবোৰ আন বন্ধুতকৈ ভালকৈ বুজে । তাই বহুত অভিমানী লগতে চৰম জেদী । সৰু সৰু কথাতেই তাইৰ বৰ অভিমান হয়।  অভিমানবোৰ আকৌ মৰম ভালপোৱাৰ অন্য এক নাম । সকলোৰে আগত অভিমান দেখুওৱাব নোৱাৰি নহয়। আপোন ভবা জনকহে অভিমানে আকোঁৱালি লয়। দুয়ো একে শ্রেণীতে পঢ়ে। গৰমৰ বন্ধত কিছুদিনৰ বাবে দুয়ো  নিজৰ ঘৰলৈ গ’ল৷ কিবা এটা কাৰণত নয়নৰ প্ৰতি তাইৰ অভিমান হ’ল।
প্রিয়া যদিও অভিমানী তথাপিও তাই কোমল হৃদয়ৰ। কোনো বিপদৰ প্ৰচণ্ড বতাহেও তাইক হেলাব নোৱাৰে । অপাৰ ধৈৰ্য শক্তিৰ অধিকাৰী কিন্তু আপোন লোকৰ অৱহেলাৰ বান তাইৰ সহ্য বহিৰ্ভূত।
নয়নে তাৰ অহৈতুক অভিমানৰ কাৰণ বাৰম্বাৰ সুধিছিল যদিও তাই ন’কলে। ইমান সহজে তাইৰ মনটো পাতল নহয়। তাইৰ ভাবে মুখেৰে কোৱা কথাবোৰ দেখোন এজন কলা মানুহেও বুজিব পাৰে মুখৰ ভংগীমাতে। কিন্তু তাই বিচাৰে যে আপোনলোকজনে মৌন ওঁঠৰ ভাষা আৰু বন্ধ চকুত ভাষা বুজিবলৈ চেষ্টা কৰক। বন্ধুতো সকলোৰে থাকে , স্বাৰ্থপৰ বন্ধু হেজাৰটা থকাতকৈ প্ৰকৃত বন্ধু এজনে অব্যক্ত কথাৰ গভীৰতা অনুন্ধান কৰি বুকুত সাৱটি লোৱাটো তাইৰ কাম্য ।
এইফালে নয়নে অধৈৰ্য হৈ অৱশেষত  সিয়ো যে অভিমানক আকোঁৱালি ল’লে । অভিমান কেৱল ছোৱালীৰ হে থাকেনে..? বুলি খং কৰি সিয়ো প্ৰিয়াৰ সৈতে যোগাযোগ বন্ধ কৰি দিলে। এনেকৈ এমাহ পাৰ হৈ গ’ল । গৰমৰ বন্ধও শেষ হ’ল।
আজি আগষ্ট মাহৰ এক তাৰিখ । বন্ধৰ পিছত বিদ্যালয়ত প্ৰথম দিন। সকলোৱে ইজনে সিজনৰ খবৰ লৈছে। নয়নেও ভাবি আহিছে আজি তাইৰ সকলো অভিমানৰ ওৰ পেলাব , সেয়ে প্ৰিয়াৰ পচন্দৰ ফুল এপাহ আনিছে। সি আৰু নোৱাৰে অভিমান কৰি থাকিবলৈ। মনতে ভোৰভোৰাইছে ছোৱালীবোৰ ইমান জেদী কেনেকৈ হ’ব পাৰে..!  হৃদয়খন অলপো পাতল কৰিব নোৱাৰেনে ?
সি শ্রেণীকোঠাৰ দুৱাৰমুখত তালৈ অধীৰ অপেক্ষাৰে বাট চাই আছে। এনেতে টং টং কৈ প্ৰাৰ্থনাৰ বেল বাজিল। প্ৰাৰ্থনাৰ শাৰীত থিয় হৈয়ো সি ইফালে- সিফালে অস্থিৰ হৈ চাই আছে .. জানোছা তাই আহে বুলি । কিন্তু নাই তাইৰ সাং সূত্ৰ নাই।
হঠাৎ তাৰ দৃষ্টি পৰি প্ৰধান শিক্ষকে সিহঁতৰ শাৰীৰ সন্মুখত ফটো এখনত বগা মালা আঁৰি থকা দৃশ্যটো। কাৰ শোকসভা , কোন ঢুকাইছে সেই বিষয়ে তাৰ কোনো ধাৰণা নাই। ‘প্ৰিয়াৰ…নাই নাই , সি কেতিয়াও এনেকৈ কল্পনাও কৰিব নোৱাৰে। সি ফটোখন চোৱাতকৈ গেটৰফালেহে বাৰে বাৰে লক্ষ্য কৰিছে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধান শিক্ষকে দুআষাৰ ক’লে । তাৰ কিন্তু এইবোৰৰ প্ৰতি অলপো মনোযোগ নাই।
যেতিয়াই প্ৰিয়াৰ নামটো কৈ সকলোৱে মৌন প্ৰাৰ্থনা কৰিবলৈ সাজু হৈছে তেতিয়াই যেন সি উচপ খাই উঠিল। সন্মুখৰ ফটোখন ভালকৈ লক্ষ্য কৰিলে, বিশ্বাস হোৱা নাই। দৌৰি আগলৈ গৈ ওচৰৰ পৰা চাই সি থিয়ৰ পৰা আকস্মিকভাৱে মাটিত ঢলি পৰিল । আকাশখন যেন তাৰ মূৰত খহি পৰিল, একো ক’ব নোৱাৰাকৈ তাৰো চকুদুটা মুদ খাই গ’ল। এই কষ্টটো সি মানি ল’ব পৰা নাই। ইমানদিন তাইৰ লগত যোগাযোগ হোৱা নাই,  অভিমানৰ ৰহস্য উদ্ঘাটন কৰিব পৰা নাই,  তেনে ক্ষেত্ৰত প্ৰিয়াৰ মৃত্যু… নাই,  নাই  এয়া হ’ব নোৱাৰে । সকলোৱে জানে সিহঁতৰ বন্ধুত্বৰ গভীৰতা কিমান..! লগে লগে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল । এটা শোকৰ ছাঁ অন্ত নপৰোতেই আন এটা বিপদে বিদ্যালয়ৰ চৌপাশ ছানি ধৰিলে।