প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপনৰ তীব্ৰ বিৰোধিতা এছইউচিআইৰ

প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপনৰ তীব্ৰ বিৰোধিতা এছইউচিআইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপনৰ তীব্ৰ বিৰোধিতা কৰি এছ ইউ চি আই(কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক চন্দ্ৰলেখা দাসে এক বিবৃতিত কয় যে ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকৰ অনুমতি অবিহনে ঘৰে ঘৰে স্মাৰ্ট মিটাৰ স্থাপনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্য উত্তাল হৈ পৰিছে যদিও চৰকাৰে এই মিটাৰ স্থাপনৰ কাম অব্যাহত ৰাখিছে আৰু জনসাধাৰণে এই মিটাৰ বন্ধ কৰাৰ দাবীত স্বত:স্ফুৰ্তভাবে ৰাজপথলৈ ওলাই আহিছে।স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ ৰাইজৰ এই ন্যায্য দাবী মানি লৈ চৰকাৰে অবিলম্বে গ্ৰাহকৰ স্বাৰ্থৰ পৰিপন্থী এই স্মাৰ্ট মিটাৰ বাতিল কৰা উচিত। তেওঁ বিবৃতিটোত আৰু কয়, বৰ্তমানৰ ডিজিটেল মিটাৰে বিদ্যুতৰ জোখ-মাপ যেতিয়া এশ শতাংশই শুদ্ধকৈ কৰি আছে, তেতিয়া ৰাজকোষৰ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি স্মাৰ্ট মিটাৰ স্থাপনৰ কোনো প্ৰয়োজনেই নাই। চৰকাৰৰ যদি সদিচ্ছা আছে তেনেহলে ৰাজকোষৰ ধন অপচয় নকৰি বিদ্যুত বিতৰণ ব্যৱস্থাৰ অন্যান্য দিশসমূহৰ উন্নয়নৰ বাবে খৰচ কৰক। বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত চৰকাৰে জোৰকৈ এইদৰে স্মাৰ্ট মিটাৰ স্থাপন কৰিব বিচাৰিছে।আমি এই জনবিৰোধী স্মাৰ্ট মিটাৰ স্থাপনৰ আঁচনি বাতিল কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাও আৰু অত্যাৱশ্যকীয় ৰাজহুৱা সেৱাখন্ড ৰক্ষা কৰাৰ বাবে ঐক্যবদ্ধ গণ আন্দোলনৰ পথেৰে আগুৱাই আহিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাওঁ৷