প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পৰা ধন লোৱাৰ অভিযোগত আপৰ বিধায়কৰ ৩ সহযোগীক গ্ৰেপ্তাৰ

Pc hindustan times

প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পৰা ধন লোৱাৰ অভিযোগত আপৰ বিধায়কৰ ৩ সহযোগীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ আগন্তুক নগৰ নিগম নিৰ্বাচন (এমচিডি)ত ধন লৈ টিকট বিক্ৰী কৰাৰ অভিযোগত আৰক্ষীৰ দুৰ্নীতি বিৰোধী শাখাই তিনিজন নেতাক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা আৰোপীসকলৰ ভিতৰত মডেল টাউনৰ পৰা আপৰ বিধায়ক অখিলেশ পতি ত্ৰিপাঠীৰ এজন আত্মীয় আৰু এজন ব্যক্তিগত সহায়ক আছে। আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি এই লোককেইজনে ধন লৈ এমচিডি নিৰ্বাচনৰ টিকট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এই কাৰ্যত আপৰ বিধায়ক অখিলেশ পতি ত্ৰিপাঠীৰ আত্মীয় ঔম সিং, ব্যক্তিগত সহায়ক (পিএ) শিৱ সিং শংকৰ ত্ৰিপাঠী আৰু প্ৰিন্স ৰঘুবংশীক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, আৰোপীসকলে শোভা খাৰী নামৰ মহিলাক টকাৰ সলনি এমচিডি নিৰ্বাচনৰ টিকট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। শোভা খাৰীৰ স্বামী গোপাল খাৰীয়ে বিগত ১৪ নৱেম্বৰত দুৰ্নীতি বিৰোধী শাখাত এক গোচৰ ৰুজু কৰিছিল।