প্ৰাৰ্থনা – ভাস্কৰ প্ৰিয়ম হাজৰিকা

Pc Freepik

প্ৰাৰ্থনা 

ভাস্কৰ প্ৰিয়ম হাজৰিকা,কৰচুং সত্ৰ

সেইদিনা সন্ধিয়া নামিছিল..
ৰান্ধনি বেলিৰ সেন্দুৰীয়া হাঁহি।
সন্ধিয়াটো অলপ সুকীয়া আছিল
জী উঠা ভালপোৱাৰ অবিৰত প্ৰাৰ্থনা।
আইয় বুকুত বাগৰে শত আৰাধনা
কুশলে থাকক নদী ভালপোৱা মানুহকেইটা।

প্ৰাৰ্থনাত জী উঠে হাজাৰ চকুপানী
প্ৰাপ্তিৰ পৰা অপ্ৰাপ্তিৰ হৃদয়ৰ কাহিনী।
শেতাঁ পৰা ওঁঠত বৈ অহা
হৃদয়ৰ আকুল আহ্বান।
ভালে থকা আৰু ভালপোৱাৰ
মৌন আৱেগৰ বেদনা।

প্ৰাৰ্থনা মানে‌ শক্তি
জীৱন যুদ্ধৰ সফলতাৰ বনৌষধি।
দুচকুত বৈ অহা পৱিত্ৰ অশ্ৰুধাৰা
মন মোৰ‌ ফুলৰ দৰে সুকোমল।
এইয়া মোৰ হৃদয়ত দিগবিজয়ৰ
মংগল জয়ধ্বনি।

সময়ৰ গতিত
প্ৰাৰ্থনাৰ তালিকাখন দীঘল হয়।
নদী ভালপাওঁ বাবে
আকাশৰ ঠিকনা বিচাৰো।
আইয় মুখত বৈ অহা
সতেজ সন্ধিয়াটোৰ দৰে।